হিমাচল প্ৰদেশৰ বিলাসপুৰত ভয়ংকৰ অঘটন; এতিয়ালৈকে উদ্ধাৰ ১৫টা মৃতদেহ

হিমাচল প্ৰদেশৰ বিলাসপুৰত ভয়ংকৰ অঘটন

হিমাচল প্ৰদেশৰ বিলাসপুৰত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা । এখন যাত্ৰীবাহী বাছত ভূমিস্খলনৰ ধ্বংসাৱশেষ বাগৰি পৰাত এই ভয়ংকৰ অঘটন সংঘটিত হৈছে । জানিব পৰা মতে হিমাচল প্ৰদেশৰ বিলাসপুৰৰ মৰোটানৰ পৰা ঘুমাৰউইনলৈ যোৱা এখন যাত্ৰাবাহী বাছত শুক্ৰ খাদৰ পাৰৰ বৰথিনৰ ভল্লু দলঙৰ সমীপৰ এটা পাহাৰৰ পৰা ভূমিস্খলনৰ ধ্বংসাৱশেষ বাগৰি পৰে । ধ্বংসাৱশেষে বাছখন সম্পূৰ্ণৰূপে পুতি পেলাই । বাতৰি লিখাৰ সময়লৈকে বাছখনৰ ভিতৰৰ পৰা উদ্ধাৰ হৈছে ১৫টা মৃতদেহ । আনহাতে তিনিগৰাকী লোকক নিৰাপদে উদ্ধাৰ কৰা হৈছে ।

স্থানীয় প্ৰশাসন আৰু দুৰ্যোগ ব্যৱস্থাপনা দলে ধ্বংসাৱশেষ নিষ্কাশন আৰু আৱদ্ধ লোকসকলক উদ্ধাৰৰ বাবে কাম কৰি আছে । বাছখনত থকা লোকৰ সঠিক সংখ্যা এতিয়াও নিশ্চিত হোৱা নাই ।

আনহাতে উদ্ধাৰ আৰু সাহায্যৰ কামত স্থানীয় ৰাইজেও সহযোগিতা আগবঢ়াইছে । প্ৰশাসনে জনোৱা মতে, উদ্ধাৰ প্ৰচেষ্টা নিশাটো চলি থাকিব আৰু বাছৰ ভিতৰত আবদ্ধ হৈ থকাসকলক যিমান পাৰি সোনকালে নিৰাপদে উলিয়াই অনাৰ প্ৰচেষ্টা চলি আছে ।

মুখ্যমন্ত্ৰীৰ শোক প্ৰকাশ-

এই বাছ দুৰ্ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰি হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং সুখুৱে উদ্ধাৰ অভিযান ক্ষিপ্ৰতাৰে কৰিবলৈ নিৰ্দেশ দিয়ে । তেওঁ মৃতকৰ প্ৰতি শোক প্ৰকাশ কৰাৰ লগতে তেওঁলোকৰ আত্মাৰ চিৰশান্তিৰ বাবে প্ৰাৰ্থনা কৰে । তেওঁ উল্লেখ কৰে যে এই জটিল সময়ত ৰাজ্য চৰকাৰে ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ সৈতে দৃঢ়তাৰে থিয় দিছে আৰু তেওঁলোকক সম্ভৱপৰ সকলো সহায় আগবঢ়াব ।

মুখ্যমন্ত্রী সুখুৱে জিলা প্রশাসনৰ সৈতে অহৰহ যোগাযোগত আছে আৰু তেওঁলোকক সাহায্য আৰু উদ্ধাৰ অভিযান ক্ষিপ্ৰতাৰে কৰিবলৈ নিৰ্দেশ দিছে । আহতসকলক যাতে শীঘ্ৰেই চিকিৎসালয়লৈ লৈ যোৱা হয় আৰু তেওঁলোকৰ চিকিৎসাৰ বাবে পৰ্যাপ্ত ব্যৱস্থা কৰা হয় তাৰ বাবেও তেওঁ নিৰ্দেশ দিছে । মুখ্যমন্ত্রীয়ে চিমলাৰ পৰা অহৰহ পৰিস্থিতি নিৰীক্ষণ কৰি আছে ৷

লগতে পঢ়ক : ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল এয়াৰ ইণ্ডিয়াৰ বিমান

হিমাচল প্ৰদেশত প্ৰকৃতিৰ তাণ্ডৱ… ধাৰাষাৰ বৰষুণ আৰু ভূমিস্খলনত বিপৰ্যস্ত জনজীৱন

হিমাচল প্ৰদেশত প্ৰকৃতিৰ তাণ্ডৱ

হিমাচল প্ৰদেশত প্ৰকৃতিৰ ৰূদ্ৰ ৰূপ । ধাৰাসাৰ বৰষুণৰ ফলত মাণ্ডী জিলাৰ পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে । বিগত ২৪ ঘণ্টা ধৰি হোৱা ধাৰাসাৰ বৰষুণৰ ফলত হঠাতে নদীৰ জলস্তৰ বৃদ্ধি পাইছে । নিহাৰী তহচিলৰ ব্ৰগটা গাঁৱত মুষলধাৰ বৰষুণৰ পিছত গভীৰ নিশা সংঘটিত হোৱা ভূমিস্খলনে তিনিজনৰ প্ৰাণ কাঢ়ি নিয়ে । নিহতসকলৰ ভিতৰত আছে দুগৰাকী মহিলা আৰু এটি আঠ মহীয়া শিশু ।

মূষলধাৰ বৰষুণৰ বাবে অঞ্চলটোৰ বহু ঠাইত ভূমিস্খলন আৰু পথ বন্ধ হৈ পৰাৰ খবৰ পোৱা গৈছে । প্ৰশাসনে ততাতৈয়াকৈ ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ বাবে সাহায্য সামগ্ৰী আৰু অস্থায়ীভাৱে থকাৰ ব্যৱস্থা কৰিছে । বতৰ বিজ্ঞান বিভাগে জাৰি কৰা সতৰ্কবাণীক গুৰুত্বসহকাৰে লৈ ৰাইজক স্পৰ্শকাতৰ অঞ্চলৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনাইছে ।

ধৰমপুৰত বজাৰ আৰু বাছ ষ্টেণ্ডত বাঢ়নী পানী প্ৰৱেশ কৰিছে । সম্পূৰ্ণ ডুব গৈছে ধৰমপুৰ বাছ ষ্টেণ্ড । তাত ৰখাই থোৱা বহু বাছ পানীয়ে উটুৱাই লৈ যায় । বজাৰৰ কেইবা ডজনো দোকান-পোহাৰ আৰু ষ্টল বানৰ কবলত বিধ্বস্ত হৈ পৰে । ঘৰৰ ভিতৰত আঁঠুলৈকে পানীৰে ভৰি পৰিছে আৰু সকলো সামগ্ৰী নষ্ট হৈ পৰিছে ।

বজাৰৰ বহু ঠাইত পথ ভাঙি গৈছে । ধাৰাসাৰ বৰষুণ আৰু বানপানীৰ ফলত অঞ্চলটোত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে । দুৰ্যোগ ব্যৱস্থাপনা দলক প্ৰেৰণ কৰা হৈছে যদিও বেয়া বতৰৰ বাবে সাহায্যৰ কামত অসুবিধাৰ সৃষ্টি হৈছে । প্ৰশাসনে জনোৱা মতে, এই পৰ্যন্ত আধা ডজন লোক নিৰুদ্দেশ হোৱা বুলি জানিব পৰা গৈছে । আৰক্ষী আৰু এছ ডি আৰ এফৰ দলসমূহে অহৰহ তেওঁলোকৰ সন্ধানত ব্যস্ত হৈ আছে ।

ধৰমপুৰৰ উপৰিও হিমাচল প্ৰদেশৰ মাণ্ডীৰ আন আন অঞ্চলতো বৰষুণে বিধ্বংসী ৰূপ ধাৰণ কৰিছে । বহু গ্ৰাম্য অঞ্চলৰ সংযোগ বিচ্ছিন্ন হৈ পৰিছে । সৰু সৰু দলংবোৰ জাহ গৈছে আৰু পথবোৰ ধ্বংসাৱশেষেৰে ভৰি পৰিছে । মাণ্ডি-কুল্লু ঘাইপথৰ বহু ঠাইত ভূমিস্খলন সংঘটিত হৈছে, যাৰ বাবে যাতায়ত সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰিছে । ঘণ্টাৰ পিছত ঘণ্টা ধৰি পথত আবদ্ধ হৈ থাকিবলগীয়া হৈছে যাত্ৰীসকল ।

লগতে পঢ়ক : ডাৱৰ বিস্ফোৰণত ডেৰাডুনত ভয়ংকৰ পৰিস্থিতি… ধ্বংসস্তুপত পৰিণত ঘৰ-দুৱাৰ

আকাশ মাৰ্গেৰে বান বিধ্বস্ত হিমাচল পৰিদৰ্শন প্ৰধানমন্ত্ৰী মোদীৰ… ১৫০০ কোটিৰ আৰ্থিক সাহায্য ঘোষণা

আকাশ মাৰ্গেৰে বান বিধ্বস্ত হিমাচল পৰিদৰ্শন প্ৰধানমন্ত্ৰী মোদীৰ

এইবাৰৰ বাৰিষাত বানপানী, ভূমিস্খলন আৰু ধাৰাষাৰ বৰষুণৰ ফলত বেয়াকৈ ক্ষতিগ্ৰস্ত হোৱা হিমাচল প্ৰদেশৰ মাণ্ডী আৰু কুল্লুৰ দুৰ্যোগগ্ৰস্ত অঞ্চলসমূহৰ মঙলবাৰে আকাশী জৰীপ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে । প্ৰধানমন্ত্ৰী মোদীয়ে বানাক্ৰান্ত ৰাজ্যখনৰ বাবে ১৫০০ কোটিৰ সাহায্যৰ কথাও ঘোষণা কৰে ।

তেওঁ এক্সত এটা পোষ্টত লিখিছে, ‘হিমাচল প্ৰদেশৰ বান আৰু ভূমিস্খলনৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ মূল্যায়নৰ বাবে আকাশী জৰীপ চলোৱা হয় । এই কঠিন সময়ত আমি জনসাধাৰণৰ সৈতে দৃঢ়তাৰে থিয় দিছো আৰু ক্ষতিগ্ৰস্ত লোকসকলক অবিৰত সহায় নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা চলোৱা হৈছে ।’

হিমাচল প্ৰদেশলৈ ১৫০০ কোটিৰ আৰ্থিক সাহায্যৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ এছ ডি আৰ এফ আৰু প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ দ্বিতীয় কিস্তিও আগতীয়াকৈ মুকলি কৰি দিয়া হ’ব । প্ৰধানমন্ত্ৰী মোদীয়ে সমগ্ৰ অঞ্চল আৰু জনসাধাৰণক পুনৰ ভাল অৱস্থালৈ অনাৰ বাবে বহুমুখী পন্থাৰ আহ্বান জনায় ।

পি এম আৱাস যোজনাৰ অধীনত নিৰ্মাণ হ’ব ঘৰ-

প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত হিমাচল প্ৰদেশত ভূমিস্খলন আৰু বানপানীৰ ফলত ক্ষতিগ্ৰস্ত হোৱা লোকসকলৰ ঘৰ পুনৰ নিৰ্মাণ কৰা হ’ব । ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতি কৰা হ’ব, বিদ্যালয় পুনৰ নিৰ্মাণ কৰা হ’ব । ইয়াৰ সমান্তৰালভাৱে প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ অধীনতো দুৰ্যোগত ক্ষতিগ্ৰস্ত লোকসকলে সহায় লাভ কৰিব । পশুধনৰ বাবে জাৰি কৰা হ’ব মিনি কিট ।

বিশেষকৈ যিসকল কৃষকৰ বৰ্তমান বিদ্যুতৰ সংযোগ নাই তেওঁলোকক অতিৰিক্ত সাহায্য প্ৰদান কৰা হ’ব । প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত ক্ষতিগ্ৰস্ত ঘৰৰ জিঅ’টেগিং কৰা হ’ব । ইয়াৰ দ্বাৰা ক্ষতিৰ সঠিক মূল্যায়ন আৰু ক্ষতিগ্ৰস্ত লোকসকলক দ্ৰুতভাৱে সাহায্য প্ৰদান কৰাত সহায়ক হ’ব ।

শিশুসকলৰ নিৰৱচ্ছিন্ন শিক্ষা নিশ্চিত কৰিবলৈ বিদ্যালয়সমূহে ক্ষতিৰ ৰিপৰ্ট আৰু জিঅ’টেগ কৰা হব, যিয়ে সমগ্ৰ শিক্ষা অভিযানৰ অধীনত সময়মতে সাহায্য লাভ কৰাত সহায় কৰিব । ইতিমধ্যে কেন্দ্রীয় চৰকাৰে বিভিন্ন মন্ত্র্যালয়ৰ এটা দল হিমাচল প্রদেশলৈ প্রেৰণ কৰি ক্ষয়-ক্ষতিৰ বুজ লয় ৷ এই দলটোৱে দাখিল কৰা বিশদ প্ৰতিবেদনৰ ভিত্তিত কেন্দ্ৰীয় চৰকাৰে হিমাচল প্ৰদেশৰ বাবে অধিক সহায়ৰ কথা বিবেচনা কৰিব ।

হিমাচল ত ৩৭০ জনৰো অধিক লোকৰ মৃত্যু-

২০ জুনৰ পৰা ৮ ছেপ্টেম্বৰৰ ভিতৰত হিমাচল প্ৰদেশত হোৱা প্ৰচণ্ড বৰষুণ, ডাৱৰ বিস্ফোৰণ, বানপানী আৰু ভূমিস্খলনৰ ফলত ৪,১২২ কোটি টকাৰো অধিক লোকচান হৈছে । ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ আৰু ৰাজ্যিক জৰুৰীকালীন অভিযান কেন্দ্ৰৰ তথ্য অনুসৰি ৰাজ্যখনত ৩৭০ জনতকৈ অধিক লোকৰ মৃত্যু হৈছে, ইয়াৰে ২০৫ জন লোকৰ মৃত্যু হৈছে বৰষুণৰ লগত জড়িত কাণ্ডত, য’ত ৪৩ জন ভূমিস্খলন, ১৭ জন ডাৱৰ বিস্ফোৰণ আৰু ৯ জন লোকৰ মৃত্যু হৈছে ।

ইফালে এই পাহাৰীয়া ৰাজ্যত পথ দুৰ্ঘটনাত ১৬৫ জন লোকৰ মৃত্যু হৈছে । ইয়াৰ উপৰিও ৪১ জন লোক এতিয়াও সন্ধানহীন হৈ আছে । হিমাচল প্ৰদেশত হোৱা ধাৰাসাৰ বৰষুণে আন্তঃগাঁথনিৰো ব্যাপক ক্ষতিসাধন কৰিছে । ৰাজ্যখনত ৬৩৪৪টা ঘৰ, ৪৬১খন দোকান আৰু ব্যৱসায়িক প্ৰতিষ্ঠানৰ ক্ষতিসাধন হৈছে । বাৰিষা আৰম্ভ হোৱাৰ পিছৰে পৰা ৰাজ্যখনত ১৩৬টা ভূমিস্খলন, ৯৫টা বান আৰু ৪৫টা ডাৱৰ বিস্ফোৰণৰ তথ্য পোৱা গৈছে ।

লগতে পঢ়ক : ফ্ৰান্সৰ ৰাষ্ট্ৰপতি মেক্ৰনৰ সৈতে বাৰ্তালাপ প্ৰধানমন্ত্ৰী মোদীৰ… ভাৰত ভ্ৰমণলৈ আমন্ত্ৰণ মেক্ৰনক

ডাৱৰ বিস্ফোৰণৰ ভয়ংকৰ ৰূপ; ৪ জনৰ মৃত্যু, ১৬ জন নিৰুদ্দেশ…

ডাৱৰ বিস্ফোৰণৰ ভয়ংকৰ ৰূপ

হিমাচল প্ৰদেশৰ মাণ্ডিত ডাৱৰ বিস্ফোৰণে ভয়ংকৰ ধ্বংসলীলাৰ সৃষ্টি কৰিছে । এই লোকচান প্ৰায় ৮০০ কোটি টকা হ’ব বুলি অনুমান কৰা হৈছে । মাণ্ডিৰ কাৰ্ছগ আৰু ধৰমপুৰত ডাৱৰ বিস্ফোৰণৰ ফলত ৪ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ১৬ জন নিৰুদ্দেশ হৈছে । একে সময়তে ১১৭ জন লোকক উদ্ধাৰ কৰা হৈছে । ৰাস্তা, দলং, কালভাৰ্ট জাহ গৈছে আৰু এই বিপৰ্যয়জনক বৰষুণ এতিয়াও বন্ধ হোৱা নাই ।

এই ঘটনাত ১৮টা ঘৰৰ ক্ষতিসাধন, ১২টা গোশালা আৰু ৩০টা গৰু জাহ গৈছে । এই তথ্য দুপৰীয়া ১ বজালৈকে । মাণ্ডি জিলাৰ বহু ঠাইত সংঘটিত হৈছে এই জাৱৰ বিস্ফোৰণ । গোহৰ অঞ্চলৰ ৪ টা স্থানত ডাৱৰ বিস্ফোৰণ হয় য’ত ২ টা ঘৰ ধ্বংস হয় । বহু লোকক নিৰাপদে উলিয়াই অনা হৈছে যদিও এতিয়াও বহু লোক নিৰুদ্দেশ হৈ আছে বুলি জানিব পৰা গৈছে । ধৰমপুৰত ডাৱৰ বিস্ফোৰণ ঘটাত ৬টা ঘৰ বানত ডুব গৈছিল । ৮ গোশালাও ধ্বংস হয় । হিমাচল প্ৰদেশৰ মাণ্ডি জিলা বাৰিষাৰ দুৰ্যোগৰ কেন্দ্ৰবিন্দু হৈয়েই আছে ।

এইবাৰ হিমাচল প্ৰদেশত যি ধ্বংসলীলা দেখা গৈছে, সেই মাত্ৰাত প্ৰথম দুসপ্তাহত প্ৰায় ৮০০ কোটি টকাৰ ক্ষয়-ক্ষতি হোৱা বুলি অনুমান কৰা হৈছে । জুন মাহত ৩৭ শতাংশ অধিক বৰষুণ হোৱাৰ লগতে বাৰিষা ৬ জুলাইলৈকে চলি থাকিব । ২ আৰু ৩ জুলাইত বেছিভাগ অঞ্চলতে বৰষুণ হ’ব ।

ৰাজ্যখনৰ মাণ্ডি, কাংগৰা, বিলাসপুৰ, হামিৰপুৰ, চাম্বা, সোলান আৰু শিমলা জিলাত গড়তকৈ অধিক বৰষুণৰ তথ্য পোৱা গৈছে, য’ত মাণ্ডি জিলাৰ পাণ্ডোহত ১২৩ মিলিমিটাৰ, মাণ্ডিত ১২০ মিলিমিটাৰ, শিমলাত ১১০ মিলিমিটাৰ আৰু পালামপুৰত ৮০ মিলিমিটাৰ বৰষুণ হৈছে । উনা, বিলাসপুৰ, হামিৰপুৰ আৰু কুল্লু জিলাত ধাৰাসাৰ বৰষুণৰ বাবে য়েল্ল এলাৰ্ট জাৰি কৰাৰ বিপৰীতে উনা, বিলাসপুৰ, মাণ্ডি, হামিৰপুৰ, চাম্বা আৰু কংগ্ৰাৰ একাংশ অঞ্চলত ধাৰাসাৰ বৰষুণৰ বাবে অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে ।

লগতে পঢ়ক : ফাৰ্মা প্লান্টত ভয়ংকৰ বিস্ফোৰণত নিহত ৮; আৰ্থিক সাহাৰ্য ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ

ভূমিস্খলনৰ ফলত বৃহৎ দুৰ্ঘটনা… ৩ গৰাকী মহিলাসহ ৬ গৰাকীৰ মৃত্যু, ৫ গৰাকী আহত

হিমাচল প্ৰদেশৰ কুল্লু জিলাৰ মণিকৰ্ণত হোৱা বৃহৎ ভূমিস্খলনত ৬ জন (৩ জন মহিলা আৰু ৩ জন পুৰুষ) থিতাতে মৃত্যু হোৱাৰ বিপৰীতে ৫ জন লোক আহত হয় । বিয়লি প্ৰায় ৫ বজাত, গুৰুদ্বাৰাৰ সন্মুখত পথৰ দাঁতিত বহু লোক বহি থকা অৱস্থাত সংঘটিত হয় এই দুৰ্ঘটনা । ভূমিস্খলনৰ সময়ত পাহাৰৰ পৰা বহু পৰিমাণৰ ধ্বংসাৱশেষ বাগৰি পৰে, লগতে এজোপা গছো বাগৰি পৰে । বহু লোক এই ঘটনাৰ দ্বাৰা প্ৰভাৱিত হৈছে ।

তথ্য অনুসৰি পথৰ কাষৰ এজন হকাৰ, এজন ছুমো আৰোহী আৰু তিনিজন পৰ্যটকৰ থিতাতে মৃত্যু হয় । দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলক চিনাক্ত কৰা হৈছে । ঘটনাস্থলীত উপস্থিত হৈছে উদ্ধাৰকাৰী দল ।

আহতসকলক চিকিৎসাৰ বাবে লৈ যোৱা হয়-

কুল্লুৰ এ ডি এম অশ্বনী কুমাৰে জনোৱা মতে, মণিকৰ্ণৰ গুৰুদ্বাৰা পাৰ্কিং লটৰ সমীপত গছ বাগৰি পৰাত ৬ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৫ জন আহত হয় । আহতসকলক চিকিৎসাৰ বাবে ওচৰৰ চিকিৎসালয়লৈ লৈ যোৱা হৈছে । সেই স্থানত উপস্থিত হৈছে প্ৰশাসনৰ দল ।

চিকিৎসকৰ দল ৰাওনা-

মণিকৰ্ণ এছ এইচ অ’ৰ নেতৃত্বত আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হয় । তেওঁলোকে উদ্ধাৰ অভিযানত সহায় কৰিছে । আঞ্চলিক ৰাজহ সংস্থাও ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ মূল্যায়ন কৰি আছে । অগ্নিনিৰ্বাপক বাহিনী সেই স্থানলৈ ৰাওনা হৈছে । চিকিৎসকৰ এটা দলো ঘটনাস্থলীত উপস্থিত হৈছে ।

ঘটনাস্থীলত উদ্ধাৰ অভিযান অব্যাহত-

কুল্লুৰ এছ ডি এম বিকাশ শুক্লাই কয় যে মই সেই স্থানত উপস্থিত হৈ পৰিস্থিতি নিৰীক্ষণ কৰি আছো । মৃতদেহ নিবলৈ সেই স্থানলৈ প্ৰেৰণ কৰা হৈছে বাহন । পৰিস্থিতি নিয়ন্ত্ৰণত আছে, উদ্ধাৰ অভিযানৰ অগ্ৰগতি অনুসৰি অধিক তথ্য দিয়া হ’ব ।

পুৱতি নিশা কঁপি উঠিল পৃথিৱী; ৫.২ প্ৰাৱল্যত পুৱাই আহিল ভূমিকম্প

পুৱতি নিশা ভূমিকম্পই জোকাৰি গ’ল হিমাচল প্ৰদেশ। শুক্ৰবাৰে পুৱতি নিশা কুল্লু আৰু লাহৌল স্পিতিত ভূমিকম্পৰ তীব্ৰ কম্পন অনুভৱ কৰা হৈছিল।

তাৰ পিছতেই  কুল্লু আৰু লাহৌল স্পিতিৰ লোক সকলৰ মাজত হাহাকাৰ পৰিস্থিতি সৃষ্টি হৈছিল। জানিব পৰা মতে, শুক্ৰবাৰে পুৱা ২:৫০ বজাত হিমাচল প্ৰদেশ কম্পন অনুভৱ কৰা হৈছিল আৰু ৰিখটাৰ স্কেলত ইয়াৰ প্ৰাৱল্য আছিল ৫.২।

ভূমিকম্পটোৰ ফলত  টোপনিৰ পৰা সাৰ পাই লোকসকলে ৰাস্তালৈ ওলাই আহিছিল। অৱশ্যে, এতিয়ালৈকে কোনো হতাহতি বা ক্ষয়-ক্ষতিৰ খবৰ পোৱা নাই।

নেচনেল চেণ্টাৰ ফৰ চিচমোলজীয়ে ভূমিকম্পটো নিশ্চিত কৰিছে আৰু জনাইছে যে ইয়াৰ কেন্দ্ৰস্থল লাডাখত আছিল। ভূমিকম্পৰ প্ৰভাৱ পাকিস্তানতো পৰিছে।

উল্লেখ্য যে ২৩ ফেব্ৰুৱাৰীটো ৩.৭ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গৈছিল ৰাজ্যখনৰ মাণ্ডি জিলা।

হিমাচলত ডাৱৰ বিস্ফোৰনৰ পিছত ধ্বংসযজ্ঞ; চাৰিওফালে হাহাকাৰ

হিমাচল প্ৰদেশত ডাৱৰ বিস্ফোৰণৰ ফলত হাহাকাৰ পৰিস্থিতি সৃষ্টি হৈছে। যোৱা দুদিনধৰি হোৱা ধাৰাবাহিক বৰষুণত, ৫৮৩টা পথ অৱৰোধ কৰা হৈছে, যাৰ ভিতৰত আছে ৰাষ্ট্ৰীয় ঘাইপথৰ ৮৫ টা পথ।

ইয়াৰ উপৰিও, ২২৬৩ টা পাৱাৰ ট্ৰেন্সফৰ্মাৰ নিষ্ক্ৰিয় কৰা হৈছে।যাৰ ফলত বিদ্যুৎ যোগানত প্ৰভাৱিত হৈছে।খোৱা পানীৰ বাবেও হাহাকাৰ হৈছে লোকসকলৰ। শুক্ৰবাৰে, কুল্লুৰ পহানালা আৰু কাংৰাৰ ছোটা ভাংগলৰ মুলথানত ডাৱৰ বিস্ফোৰণ সংঘটিত হয়।

কুল্লুৰ পহনালত বানপানীৰ ধ্বংসাৱশেষ মাজত আঠখনকৈ বাহন ডুব যায়। জানিব পৰা মতে ভূমিস্খলনৰ ফলত, মানালী চাৰি লেনৰ ঘাইপথ কেইবা ঠাইটো বন্ধ কৰি দিয়া হৈছে।

যোৱা তিনিদিন ধৰি চম্বাৰ অতি দূৰৱৰ্তী পাগী উপত্যকাত নিৰন্তৰ তুষাৰপাত হৈ আহিছে, যাৰ ফলত স্বাভাৱিক জীৱন ব্যাহত হৈছে। ঠাণ্ডা বাঢ়ি যোৱাৰ লগতে পাগী উপত্যকা বাকী চহৰবোৰৰ পৰা সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰিছে।

তুষাৰপাতৰ ফলত উত্তৰাখণ্ডৰ পৰা হিমাচললৈ ব্যাহত জনজীৱন…কাশ্মীৰতো শুভ্ৰ আচ্ছাদন

পুৰণিক বিদায় দি আৰু কেইটামান দিনৰ পাছতে আমাৰ মাজলৈ আহিব এটা নতুন বৰ্ষ । নতুন-পুৰণিৰ এই সন্ধিক্ষণ স্মৰীয় কৰি তুলবলৈ ইয়াক বিশ্বৰ লগতে সমগ্ৰ দেশে উদযাপন কৰে । বিশেষকৈ এই সময়ছোৱাত বৰফ বা তুষাৰপাতৰ আনন্দ ল’বলৈ পাহাৰীয়া অঞ্চলত বৃহৎ সংখ্যক লোক উপস্থিত হয় । জম্মু-কাশ্মীৰ হওক, হিমাচল প্ৰদেশ হওক বা উত্তৰাখণ্ড হওক- দেশৰ বিভিন্ন প্ৰান্তৰ লোকে ১ জানুৱাৰীৰ পূৰ্বে এই স্থানসমূহত উপস্থিত হ’বলৈ চেষ্টা কৰে । ইয়াৰ বাবে স্থানীয় ৰাইজৰ লগতে স্থানীয় প্ৰশাসনেও পৰ্যটকসকলক উন্নত সা-সুবিধা প্ৰদানৰ পদক্ষেপ গ্ৰহণ কৰে । ইয়াৰ মাজতে দক্ষিণ কাশ্মীৰত প্ৰচণ্ড তুষাৰপাতৰ বাবে পৰ্যটকক মছজিদতো থকাৰ ব্যৱস্থা কৰা হৈছে ।

বৰ্তমান কাশ্মীৰত তীব্ৰ তুষাৰপাত হৈছে । পাহাৰৰ পৰা আৰম্ভ কৰি সমভূমিলৈকে সকলো ডাঠ বৰফৰ চাদৰেৰে আবৃত হৈ পৰিছে । বিশেষকৈ দক্ষিণ কাশ্মীৰত আন অঞ্চলতকৈ অধিক বৰফ পৰিছে, য’ত কিছুমান অঞ্চলত প্ৰায় ৩ ফুট পৰ্যন্ত বৰফ জমা হৈছে ।

প্ৰচণ্ড তুষাৰপাতৰ আশা কৰা নাছিল প্ৰশাসনে-

হঠাতে প্ৰচণ্ড তুষাৰপাতৰ ফলত প্ৰশাসনৰ সমস্যা অধিক বৃদ্ধি পায় কাৰণ কোনো সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাছিল । এই সন্দৰ্ভত কোনো পৰামৰ্শ জাৰি কৰিব পৰা নগ’ল, যাৰ বাবে জম্মু-শ্ৰীনগৰ আৰু শ্ৰীনগৰ-সোনমাৰ্গ ঘাইপথত আবদ্ধ হৈ থাকিল হাজাৰ হাজাৰ বাহন । যদিও প্ৰশাসনে সহায় কৰিবলৈ চেষ্টা কৰিছিল, স্থানীয় ৰাইজে সময়মতে সহায়ৰ বাবে আগবাঢ়ি আহিছিল ।

স্থানীয় লোকসকলে পৰ্যটকৰ বাবে নিজৰ ঘৰ, মছজিদ খুলি দিয়ে, খাদ্য, গৰম কম্বল যোগান ধৰে, যিটো কাৰ্যই নিশ্চিতভাৱে জীৱন ৰক্ষা কৰিছিল । আনহাতে, তুষাৰপাতৰ ফলত শ্ৰীনগৰ বিমানবন্দৰত বিমান চলাচলতো প্ৰভাৱ পৰে য’ত সকলো বিমান বাতিল কৰা হয় ।

গুলমাৰ্গৰ বাবে আৰক্ষীৰ ভ্ৰমণ পৰামৰ্শ-

ইফালে জম্মু-কাশ্মীৰ আৰক্ষীয়ে গুলমাৰ্গৰ বাবে ট্ৰেভেল এডভাইজাৰী জাৰি কৰিছে । উদাহৰণস্বৰূপে, গুলমাৰ্গ-টুনমাৰ্গ পথত যান-বাহন চলাচলৰ সময় নিৰ্ধাৰণ কৰা হৈছে পুৱা ৮ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ । আৰক্ষীৰ পৰামৰ্শত মানুহক সাৱধান হ’বলৈ পৰামৰ্শ দিয়া হৈছে । বাহনসমূহক এণ্টি স্কিড স্নো চেইন স্থাপন কৰিবলৈ কোৱা হৈছে । এইবোৰৰ বাহিৰেও গুলমাৰ্গলৈ যোৱা লোকসকলক তেওঁলোকৰ বাহনৰ সকলো পৰীক্ষা-নিৰীক্ষা কৰাবলৈও পৰামৰ্শ দিয়া হৈছে যাতে তেওঁলোকে বাটত যিকোনো ধৰণৰ সম্ভাৱ্য সমস্যাৰ পৰা হাত সাৰিব পাৰে ।

উত্তৰাখণ্ড চৰকাৰৰ পৰামৰ্শ-

উত্তৰাখণ্ড চৰকাৰৰ উপ-সচিব শিৱ বিভূতি ৰঞ্জনে স্থানীয় বজাৰসমূহ ২৪x৭ খোলা ৰখাৰ নিৰ্দেশ জাৰি কৰিছে । ২০২৫ চনৰ নতুন বৰ্ষৰ বাবে ৰাজ্যখনলৈ বৃহৎ সংখ্যক পৰ্যটক আহি আছে, আৰু তেওঁলোকৰ সুবিধাৰ বাবে ৰেষ্টুৰেণ্ট, হোটেল আৰু ধাবা খোলা ৰাখিব লাগে যাতে মানুহে অসুবিধাৰ সন্মুখীন হ’ব নালাগে ।

হিমাচল প্ৰদেশত ১০ হাজাৰ পৰ্যটকক উদ্ধাৰ-

হিমাচল প্ৰদেশতো হাজাৰ হাজাৰ লোকে তুষাৰপাত উপভোগ কৰিবলৈ উপস্থিত হৈছে আৰু বেয়া বতৰৰ বাবে তেওঁলোক আবদ্ধ হৈ পৰিছিল । ইফালে, শুকুৰবাৰৰ পৰা প্ৰচণ্ড তুষাৰপাতৰ ফলত সোলাং উপত্যকাৰ পৰা হিমাচল আৰক্ষীয়ে ১০ হাজাৰ পৰ্যটকক উদ্ধাৰ কৰে । ইয়াত আবদ্ধ হৈ আছিল প্ৰায় ২০০০ বাহন । প্ৰচণ্ড তুষাৰপাতৰ বাবে এতিয়া পৰ্যটকৰ বাবে বন্ধ হৈ পৰিছে সোলাং উপত্যকা অঞ্চল ।

এইবোৰৰ বাহিৰেও বিগত এসপ্তাহ ধৰি বন্ধ হৈ আছে অটল সুৰংগ । মানালীৰ ডি এছ পি কে ডি শৰ্মাই মানুহক সাৱধান হ’বলৈ কয়, আৰু লগতে জনাইছে যে সোলাং উপত্যকা আৰু অটল সুৰংগৰ মাজেৰে মাত্ৰ ৪খনকৈ বাহনহে আগবাঢ়ি যাবলৈ দিয়া হৈছে ।