ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল এয়াৰ ইণ্ডিয়াৰ বিমান

ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল এয়াৰ ইণ্ডিয়াৰ বিমান

কথমপি ৰক্ষা পৰিল এয়াৰ ইণ্ডিয়াৰ বিমান এয়াৰ ইণ্ডিয়াৰ এখন বিমান মঙলবাৰে ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰে । মঙলবাৰে (৭ অক্টোবৰ) কলম্বো-চেন্নাই অভিমুখী এয়াৰ ইণ্ডিয়াৰ এখন বিমানত এটা চৰাইয়ে খুন্দা মৰাৰ ফলত বিমান সংস্থাটোৱে উভতনি যাত্ৰা বাতিল কৰিবলগীয়া হয় । বিমানবন্দৰৰ কৰ্তৃপক্ষই জনোৱা মতে, বিমানখনত

কথমপি ৰক্ষা পৰিল এয়াৰ ইণ্ডিয়াৰ বিমান

এয়াৰ ইণ্ডিয়াৰ এখন বিমান মঙলবাৰে ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰে । মঙলবাৰে (৭ অক্টোবৰ) কলম্বো-চেন্নাই অভিমুখী এয়াৰ ইণ্ডিয়াৰ এখন বিমানত এটা চৰাইয়ে খুন্দা মৰাৰ ফলত বিমান সংস্থাটোৱে উভতনি যাত্ৰা বাতিল কৰিবলগীয়া হয় । বিমানবন্দৰৰ কৰ্তৃপক্ষই জনোৱা মতে, বিমানখনত ১৫৮ জন যাত্ৰী আছিল ।

জানিব পৰা মতে চেন্নাইৰ পৰা কলম্বো অভিমুখী এয়াৰ ইণ্ডিয়াৰ এ আই-২৭৩ (A320 VT-TNH) বিমানত এটা চৰাইয়ে খুন্দা মাৰে । কলম্বো বিমানবন্দৰত অৱতৰণ কৰাৰ সময়ত প্ৰায় ১:৫৫ বজাত এই ঘটনা সংঘটিত হয় । অৱশ্যে এই ঘটনা সামান্য বুলি বিবেচিত হোৱাৰ বাবে বিমানখন অৱতৰণ কৰাৰ পিছত উৰণৰ বাবে ক্লিয়াৰেন্স দিয়া হয় ।

পৰৱৰ্তী সময়ত যেতিয়া একেখন বিমান এ আই-২৭৪ৰ ৰূপত পুৱা ৪:৩৪ বজাত কলম্বোৰ পৰা চেন্নাইলৈ উভতি আহে, তেতিয়া কাৰিকৰী দলে নিয়মীয়া পৰিদৰ্শন কৰাৰ সময়ত ফেন ব্লেডৰ ক্ষতি হোৱা বুলি জানিবলৈ দিছিল । বিমানখনক এয়াৰক্ৰাফ্ট অন গ্ৰাউণ্ড  ঘোষণা কৰা হৈছে আৰু ই বৰ্তমান সেৱাৰ পৰা আঁতৰি থাকিব । পুংখানুপুংখ পৰিদৰ্শন কৰাৰ পিছতহে ইয়াক মেৰামতি কৰি সেৱালৈ ঘূৰাই অনা হ’ব ।

লগতে পঢ়ক : সাগৰত শত্ৰুক নিমিষতে কৰিব ধ্বংস; আহি গ’ল যুদ্ধজাহাজ ‘INS এণ্ড্ৰথ’