‘INS এণ্ড্ৰথ’

সাগৰত শত্ৰুক নিমিষতে কৰিব ধ্বংস; আহি গ’ল যুদ্ধজাহাজ ‘INS এণ্ড্ৰথ’

আহি গ’ল যুদ্ধজাহাজ ‘INS এণ্ড্ৰথ’ ভাৰতীয় নৌসেনাই আজি এক নতুন শক্তি আহৰণ কৰিবলৈ ওলাইছে। ‘INS এণ্ড্ৰথ’ নামৰ দ্বিতীয়খন এণ্টি ছাবমেৰিন ৱাৰফেয়াৰ শ্বেল’ ৱাটাৰ ক্ৰাফ্ট (এ এছ ডব্লিউ-এছ ডব্লিউ চি) জাহাজ আৰম্ভ হ’ব। এই সমাৰোহ বিশাখাপট্টনমৰ নৌ ডকয়াৰ্ডত অনুষ্ঠিত হ’ব। এই জাহাজখন ভাৰতীয় নৌসেনাৰ সামৰ্থ্য বৃদ্ধি

আহি গ’ল যুদ্ধজাহাজ ‘INS এণ্ড্ৰথ’

ভাৰতীয় নৌসেনাই আজি এক নতুন শক্তি আহৰণ কৰিবলৈ ওলাইছে। ‘INS এণ্ড্ৰথ’  নামৰ দ্বিতীয়খন এণ্টি ছাবমেৰিন ৱাৰফেয়াৰ শ্বেল’ ৱাটাৰ ক্ৰাফ্ট (এ এছ ডব্লিউ-এছ ডব্লিউ চি) জাহাজ আৰম্ভ হ’ব।

এই সমাৰোহ বিশাখাপট্টনমৰ নৌ ডকয়াৰ্ডত অনুষ্ঠিত হ’ব। এই জাহাজখন ভাৰতীয় নৌসেনাৰ সামৰ্থ্য বৃদ্ধি আৰু স্বদেশীকৰণৰ দিশত এক বৃহৎ পদক্ষেপ।

এই জাহাজখন বিশেষকৈ অগভীৰ পানীত (উপসাগৰীয় পানী) শত্ৰুক ছাবমেৰিনৰ বিৰুদ্ধে যুঁজিবলৈ ডিজাইন কৰা হৈছে।অৰ্থাৎ ই উপকূলৰ ওচৰৰ অঞ্চলত শত্ৰুৰ ছাবমেৰিন সহজে ধৰা পেলাব পাৰে আৰু ধ্বংস কৰিব।

এই ‘INS এণ্ড্ৰথ’ জাহাজখন কলকাতাৰ গাৰ্ডেন ৰিচ শ্বিপবিল্ডাৰছ এণ্ড ইঞ্জিনিয়াৰে নিৰ্মাণ কৰিছে। ইয়াৰ ৮০% তকৈ অধিক থলুৱা সামগ্ৰী ব্যৱহাৰ কৰা হৈছে।অৰ্থাৎ ইয়াৰ অধিকাংশ পাৰ্টচ ভাৰতত নিৰ্মাণ কৰা।

ভাৰতীয় নৌসেনাই আত্মনিৰ্ভৰশীলতাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে (আত্মনিৰ্ভৰ ভাৰত)। ইয়াৰ উদাহৰণ এণ্ড্ৰথ।এণ্ড্ৰথৰ আগমনৰ ফলত নৌসেনাৰ চাবমেৰিনৰ ক্ষমতা যথেষ্ট শক্তিশালী হ’ব।

লগতে পঢ়ক: মাত্ৰ ১১ দিন বাকী; শেষ হ’ব Windows 10 ৰ সমৰ্থন