উজ্জ্বল প্ৰদৰ্শনেৰে মহিলা প্ৰিমিয়াৰ লীগ (WPL) ২০২৫ত জয়লাভ কৰিবলৈ সক্ষম হৈছে মুম্বাই ইণ্ডিয়ানছ । ১৫ মাৰ্চত (দেওবাৰে) ব্ৰাবৰ্ণ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ফাইনেলত মুম্বাই ইণ্ডিয়ানছে দিল্লী কেপিটেলছক ৮ ৰানত পৰাস্ত কৰে । ফাইনেলত মুম্বাই ইণ্ডিয়ানছে দিল্লী কেপিটেলছক জয়ী হ’বলৈ ১৫০ ৰানৰ লক্ষ্য বান্ধি দিছিল যদিও দলটোৱে ৯ উইকেটত মাত্ৰ ১৪১ ৰানহে কৰিবলৈ সক্ষম হয় ।
হৰমনপ্ৰীত কৌৰৰ নেতৃত্বত মুম্বাই ইণ্ডিয়ানছে দ্বিতীয়বাৰৰ বাবে WPL খিতাপ দখল কৰিছে । ইয়াৰ পূৰ্বে ২০২৩ চনত অনুষ্ঠিত হোৱা ডব্লিউ পি এলৰ প্ৰথম ছিজনতো জয়ী হৈছিল দলটো । আনহাতে, দিল্লী কেপিটেলছৰ দল একেৰাহে তৃতীয়বাৰৰ বাবে এই প্ৰতিযোগিতাৰ ফাইনেলত পৰাস্ত হৈছে । উল্লেখ্য যে WPLৰ দ্বিতীয় ছিজনত দিল্লী কেপিটেলছক পৰাস্ত কৰি ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (RCB)য়ে জয়লাভ কৰিছিল ।
চূড়ান্ত খেলখনত লক্ষ্য খেদি যোৱাৰ সময়তে নিয়মীয়া ব্যৱধানত উইকেট হেৰুৱাইছিল দিল্লী কেপিটেলছে । এটা সময়ত দিল্লী কেপিটেলছৰ স্ক’ৰ ৬ উইকেটৰ বিনিময়ত ৮৩ ৰান আছিল আৰু তেওঁলোকে ডাঙৰ পৰাজয়ৰ দিশে আগবাঢ়িছিল । কিন্তু দক্ষিণ আফ্ৰিকাৰ অল ৰাউণ্ডাৰ মাৰিজান কেপে ধুমুহাময় ইনিংছ খেলি মেচখনক এক ৰোমাঞ্চকৰ ৰূপলৈ লৈ যায় । অৱশ্যে ১৮ নং অভাৰত হেলি মেথিউছে কেপক আউট কৰি দিল্লীৰ আশাত চেঁচা পানী ঢালে ।
কেপে ৫টা চাৰি আৰু ২টা ৬ৰ সহায়ত ২৬টা বলত ৪০ ৰান সংগ্ৰহ কৰে । কেপৰ বাহিৰেও জেমিমা ৰড্ৰিগেছে ৩০ ৰান আৰু নিকি প্ৰসাদে ২৫ ৰানত অপৰাজিত হৈ থাকে । মুম্বাই ইণ্ডিয়ানছৰ হৈ নেট স্কাইভাৰ-ব্ৰাণ্টে সৰ্বাধিক তিনিটা উইকেট দখল কৰে । আনহাতে আমেলিয়া কেৰে দুটা সফলতা লাভ কৰে । ছাইকা ইছাক, হেলি মেথিউছ আৰু শ্বাবনিম ইছমাইলেও এটাকৈ সফলতা লাভ কৰে ।
শক্তিশালী ইনিংছ খেলে এম আইৰ অধিনায়ক হৰমনপ্ৰীতে-
ইয়াৰ পূৰ্বে টছ হেৰুৱাই প্ৰথমে বেটিং কৰাৰ পিছত মুম্বাই ইণ্ডিয়ানছে ৭ উইকেট হেৰুৱাই ১৪৯ ৰান সংগ্ৰহ কৰে । অধিনায়ক হৰমনপ্ৰীত কৌৰে ৪৪টা বলত ৬৬ ৰানৰ সৰ্বোচ্চ ইনিংছ খেলে য’ত ৯টা চাৰি আৰু ২টা ছয় আছিল । একে সময়তে ইংলেণ্ডৰ অল-ৰাউণ্ডাৰ নেট স্কাইভাৰ-ব্ৰাণ্টে চাৰিটা চাৰিৰ সহায়ত ২৮টা বলত ৩০ ৰানৰ বৰঙণি আগবঢ়ায় । দিল্লী কেপিটেলছৰ হৈ জেছ জ’নাচেন, মাৰিজান কেপ আৰু নাল্লাপুৰেডী চৰণীয়ে দুটাকৈ উইকেট দখল কৰে । ইফালে এনাবেল চাথাৰলেণ্ডে সফলতা লাভ কৰে ।