১৫-১৬ অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া ছাংহাই সহযোগিতা সংস্থাৰ চৰকাৰৰ মুৰব্বী পৰিষদৰ বৈঠকত অংশগ্ৰহণ কৰিবলৈ পাকিস্তানলৈ যাব বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ ।
পাকিস্তানে চাংহাই সহযোগিতা সংস্থা (SCO) চৰকাৰৰ মুৰব্বী পৰিষদৰ বৰ্তমান অধ্যক্ষৰ পদত অধিষ্ঠিত আৰু সেই ক্ষমতাৰ বাবে অক্টোবৰ মাহত দুদিনীয়াকৈ ব্যক্তিগতভাৱে এছ চি অ’ চৰকাৰৰ মুৰব্বীসকলৰ বৈঠক আয়োজন কৰিব ।
ইয়াৰ পূৰ্বে আগষ্ট মাহত পাকিস্তানে ভাৰত আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অক্টোবৰত ছাংহাই সহযোগিতা সংস্থাৰ চৰকাৰৰ মুৰব্বী পৰিষদৰ বৈঠকলৈ আমন্ত্ৰণ জনাইছিল ।
চৰকাৰী পৰ্যায়ৰ মুৰব্বীসকলৰ এছ চি অ’ পৰিষদ হৈছে গোটটোৰ দ্বিতীয় সৰ্বোচ্চ সংস্থা । বিগত সাত বছৰত, 2017 চনৰ পৰা, ভাৰতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী বা প্ৰতিৰক্ষা মন্ত্ৰীৰ পৰ্যায়ত প্ৰতিনিধিত্ব কৰি আহিছে ।
বিগত বছৰ বিশকেকত অংশগ্ৰহণ কৰিছিল বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে । ২০২০ চনত ভাৰতে ভাৰ্চুৱেলী এছ চি অ’ৰ চৰকাৰী পৰ্যায়ৰ মুৰব্বী বৈঠক আয়োজন কৰিছিল । য’ত পাকিস্তানক প্ৰতিনিধিত্ব কৰিছিল পাকিস্তানৰ বৈদেশিক পৰিক্ৰমা সংসদীয় সচিবে । ইয়াৰ পূৰ্বে তদানীন্তন বৈদেশিক পৰিক্ৰমা মন্ত্ৰী সুষমা স্বৰাজ বা প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এই বৈঠকত অংশগ্ৰহণ কৰিছে ।