সোমবাৰে মহিলা টি-২০ বিশ্বকাপ ২০২৪ত ভাৰতীয় দলৰ বাবে এটা দুখৰ দিন আছিল ।নিউজিলেণ্ডৰ বিৰুদ্ধে পাকিস্তান দলটোৱে এক গুৰুতৰ পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হ’ল যাৰ ফলাফলৰ লগে লগে ভাৰতীয় দল আৰু পাকিস্তান দুয়োটা দলেই ছেমি ফাইনেলৰ পৰা বাহিৰ হ’ব লগা হ’ল ।
ভাৰত, পাকিস্তান আৰু শ্ৰীলংকাও গ্ৰুপ Aত আছিল। যদি পাকিস্তান জয়ী হ’লহেঁতেন তেন্তে ভাৰতীয় দলটোৱে ছেমি ফাইনেলত প্ৰৱেশৰ সম্ভাৱনা অধিক আছিল। কিন্তু এতিয়া এই সপোন ভাঙি গৈছে। আনহাতে, ইংলেণ্ড, ৱেষ্ট ইণ্ডিজ আৰু দক্ষিণ আফ্ৰিকাই বৰ্তমান গ্ৰুপ Bৰ পৰা ছেমি ফাইনেলৰ প্ৰৱেশ কৰিছে।
ভাৰতীয় দলটোৱে মহিলা টি-২০ বিশ্বকাপ ২০২৪ৰ গ্ৰুপ পৰ্যায়ত ৪খন খেলৰ ভিতৰত মাত্ৰ ২খন খেলতে জয়লাভ কৰিব পাৰিছিল আৰু তৃতীয় স্থানত আছে। ভাৰতীয় দলটো অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডৰ হাতত পৰাস্ত হৈছিল আৰু আনহাতে ভাৰতীয় দলে শ্ৰীলংকা আৰু পাকিস্তানক পৰাস্ত কৰিছিল।