পাকিস্তানৰ খাইবাৰ পখতুনখোৱা অঞ্চলত ছিয়া আৰু চুন্নীৰ মাজত বিবাদ অব্যাহত আছে। ২১ নৱেম্বৰত সংঘটিত আক্ৰমণৰ পিছৰে পৰা অঞ্চলটোত ১২৪ জন লোকৰ মৃত্যু হৈছে। শ শ লোক আহত হৈছে। এতিয়া ইয়াত যুদ্ধবিৰতিৰ বাবে প্ৰচেষ্টা চলোৱা হৈছে।
পাকিস্তানৰ উত্তৰ-পশ্চিম খাইবাৰ পখতুনখোৱা প্ৰদেশৰ কুৰৰাম জিলাত সাম্প্ৰদায়িক হিংসাত মৃত্যু হোৱা লোকৰ সংখ্যা ১২৪ জনলৈ বৃদ্ধি পাইছে। যোৱা ২৪ ঘন্টাত সশস্ত্ৰ সংঘৰ্ষত আৰু ১৬জন লোকৰ মৃত্যু হোৱাৰ পিছত মৃত্যুৰ সংখ্যা বৃদ্ধি পাইছে। ইয়াৰ উপৰিও ১৭০ জনৰো অধিক লোক আহত হৈছে। আহতসকলৰ অধিকাংশকে চিকিৎসালয়ত ভৰ্তি কৰা হৈছে, ইয়াৰে কিছুমানৰ অৱস্থা সংকটজনক।
যোৱা ২১ নৱেম্বৰত জিলাখনৰ মন্দোৰী প্ৰপ’ৰ্ট এলেকাৰ পাৰাচিনাৰ অঞ্চলৰ পৰা অহা যাত্ৰীবাহী বাহনৰ কনভয়ত অস্ত্ৰধাৰীয়ে আক্ৰমণ চলাই শিশু আৰু মহিলাকে ধৰি ৫২ জন লোকৰ মৃত্যু হয়।এই ঘটনাৰ পিছত ছিয়া আৰু চুন্নী মুছলমানকে ধৰি দুটা গোটৰ মাজত সশস্ত্ৰ সংঘৰ্ষ আৰু আক্ৰমণ আৰম্ভ হয়।