জম্মু-কাশ্মীৰৰ পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক গৰিহণা দিছে বিশ্ব নেতাসকলে । আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প, ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন, আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্স, ইজৰাইলৰ বৈদেশিক মন্ত্ৰী গিডিয়ান ছাৰকে ধৰি বহুতে শোক প্ৰকাশ কৰিছে ।
ভাৰতৰ সৈতে থিয় দিছে আমেৰিকা- ট্ৰাম্প
এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ছ’চিয়েল মিডিয়া ট্ৰুথ ছ’চিয়েলত লিখিছে- ‘কাশ্মীৰৰ পৰা আহিছে অতি দুখজনক খবৰ । সন্ত্ৰাসবাদৰ বিৰুদ্ধে আমেৰিকা ভাৰতৰ সৈতে দৃঢ়তাৰে থিয় দিছে । নিহতসকলৰ আত্মাৰ শান্তি আৰু আহতসকলৰ আশু আৰোগ্যৰ বাবে আমি প্ৰাৰ্থনা কৰিছো ।’
জে ডি ভান্সৰ শোক প্ৰকাশ-
ইফালে ভাৰত ভ্ৰমণলৈ অহা আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্সে এই ঘটনাত শোক প্ৰকাশ কৰি ইনষ্টাগ্ৰামত লিখিছে, ‘ভাৰতৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ বলি হোৱা লোকসকলৰ প্ৰতি উষা আৰু মই সমবেদনা জ্ঞাপন কৰিছো । যোৱা কেইদিনমানৰ পৰা আমি এই দেশ আৰু ইয়াৰ জনসাধাৰণৰ সৌন্দৰ্যত আপ্লুত হৈ পৰিছো । এই ভয়ংকৰ আক্ৰমণৰ বাবে আমি শোক প্ৰকাশ কৰাৰ সময়ত আমাৰ চিন্তা আৰু প্ৰাৰ্থনা তেওঁলোকৰ লগত আছে ।’
সন্ত্ৰাসবাদী আক্ৰমণক লৈ হোৱাইট হাউছৰ প্ৰতিক্ৰিয়া-
হোৱাইট হাউছৰ প্ৰেছ সচিব কেৰ’লিন লেভিটে কয় যে, ‘ৰাষ্ট্ৰপতিগৰাকীক ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টাগৰাকীয়ে অৱগত কৰিছে আৰু অধিক তথ্য ওলাই অহাৰ লগে লগে তেওঁক আপডেট কৰা হৈছে । আমি ইতিমধ্যে জানো যে দক্ষিণ কাশ্মীৰৰ জনপ্ৰিয় পৰ্যটনস্থলীত সংঘটিত হোৱা এক নৃশংস সন্ত্ৰাসবাদী আক্ৰমণত কেইবা ডজন লোক নিহত হোৱাৰ লগতে বহু আহত হয় । ৰাষ্ট্ৰপতি ট্ৰাম্পে অতি সোনকালে প্ৰধানমন্ত্ৰী মোদীৰ সৈতে কথা পাতিব আৰু যিসকলে প্ৰাণ হেৰুৱাইছে তেওঁলোকৰ প্ৰতি আন্তৰিক সমবেদনা জ্ঞাপন কৰিব আৰু আমাৰ প্ৰাৰ্থনা আহতসকলৰ লগত আৰু আমাৰ ৰাষ্ট্ৰৰ সমৰ্থন আমাৰ বন্ধু ভাৰতৰ সৈতে ।‘
প্ৰধানমন্ত্ৰী মোদী আৰু ৰাষ্ট্ৰপতি মুৰ্মুলৈ শোক বাৰ্তা পুটিনৰ-
ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণক লৈ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক শোক প্ৰকাশ কৰে । ৰাছিয়াৰ দূতাবাসে ৰাষ্ট্ৰপতি পুটিনৰ উদ্ধৃতি দি কয় যে পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ কৰুণ পৰিণতিৰ বাবে মোৰ শোক প্ৰকাশ কৰিছো, যাৰ বলি হৈছিল সাধাৰণ নাগৰিক- কেইবাখনো দেশৰ নাগৰিক । এই নৃশংস অপৰাধৰ কোনো ন্যায্যতা নাই । আমি আশা কৰিছো যে দায়ী আৰু অপৰাধীয়ে উপযুক্ত শাস্তি পাব । সন্ত্ৰাসবাদৰ সকলো ৰূপ আৰু প্ৰকাশৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত ভাৰতীয় অংশীদাৰসকলৰ সৈতে সহযোগিতা বৃদ্ধিৰ বাবে আমাৰ প্ৰতিশ্ৰুতি পুনৰবাৰ প্ৰকাশ কৰিব বিচাৰিছো । মৃতকৰ ওচৰৰ আৰু প্ৰিয়জনৰ প্ৰতি সহানুভূতি আৰু সমৰ্থন প্ৰকাশ কৰাৰ লগতে সকলো আহতৰ আশু আৰোগ্য কামনা কৰিলোঁ ।’
পহলগাম সন্ত্ৰাসবাদী আক্ৰমণক তীব্ৰ গৰিহণা ইৰাণৰ-
ভাৰতত থকা ইৰাণৰ দূতাবাসে টুইট কৰি কয়, ‘জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ ফলত বহু সংখ্যক নিৰীহ লোকৰ মৃত্যু আৰু আহত হোৱা সন্ত্ৰাসবাদী আক্ৰমণক তীব্ৰ গৰিহণা দিছে ইৰাণৰ ইছলামিক ৰিপাব্লিকৰ দূতাবাসে । ভাৰত চৰকাৰ আৰু ভাৰতবাসীলৈ, বিশেষকৈ এই আক্ৰমণত নিহতসকলৰ পৰিয়াললৈ আমি আন্তৰিক সমবেদনা জ্ঞাপন কৰিছো আৰু আহতসকলৰ আশু আৰোগ্য আৰু সুস্বাস্থ্য কামনা কৰিছো ।’
ইজৰাইলে দিছে তীব্ৰ গৰিহণা-
ইজৰাইলৰ বৈদেশিক মন্ত্ৰী গিডিয়ান ছাআৰে কয়, ‘জম্মু-কাশ্মীৰৰ পহলগামত পৰ্যটকৰ ওপৰত কৰা জঘন্য সন্ত্ৰাসবাদী আক্ৰমণত গভীৰভাৱে দুখী । আমাৰ সমবেদনা জ্ঞাপন কৰিলোঁ নিহতসকলৰ লগতে তেওঁলোকৰ পৰিয়ালৰ প্ৰতি । সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজত ইজৰাইল ভাৰতৰ সৈতে একত্ৰিত হৈ থিয় দিছে ।‘
ইফালে সংযুক্ত আৰব আমিৰশ্বাহী, ইটালী, ফ্ৰান্স, ইউক্ৰেইন, আৰ্জেন্টিনাৰ দৰে দেশেও এই বৰ্বৰ সন্ত্ৰাসবাদী আক্ৰমণক তাব্ৰ গৰিহণা দিয়াৰ লগতে এই সময়ত ভাৰতৰ প্ৰতি সমৰ্থন প্ৰকাশ কৰিছে ।