‘মই সমগ্ৰ বিশ্বতে জনপ্ৰিয় হৈ গলো…’ পাকিস্তানৰ ৰেলিত পহলগাম কাণ্ডৰ মাষ্টাৰমাইণ্ডৰ স্বীকাৰোক্তি

মই সমগ্ৰ বিশ্বতে জনপ্ৰিয় হৈ গলো

পাকিস্তানে হয়তো বিশ্বৰ আগত নিজকে শান্তিৰ ৰাষ্ট্ৰদূত হিচাপে উপস্থাপন কৰিব পাৰে, কিন্তু সত্যটো হ’ল ই সন্ত্ৰাসবাদৰ ঘাটী হৈ পৰিছে।

ইয়াৰ আন এক উদাহৰণ পোহৰলৈ আহিছে যেতিয়া লস্কৰ-ই-তৈবাৰ শীৰ্ষ সেনাধ্যক্ষ তথা পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ মাষ্টাৰমাইণ্ড ছাইফুল্লাহ কাছুৰীয়ে মুকলিকৈ আক্ৰমণৰ সত্যতা মানি লৈ ভাৰত বিৰোধী বিহ বিয়পাইছে ।

বুধবাৰে পাকিস্তানৰ লাহোৰত অনুষ্ঠিত এক সমাৱেশত কাছুৰীয়ে নিজকে “গোটেই বিশ্বতে জনপ্ৰিয়” বুলি অভিহিত কৰে আৰু তেওঁ কয় যে ভাৰতে তেওঁক এই আক্ৰমণৰ অভিযোগ উত্থাপন কৰাৰ বাবেই তেওঁৰ নাম বিশ্বব্যাপী জনপ্ৰিয় হৈছে। এই সকলোবোৰ তেওঁ পাকিস্তানৰ এটা ৰেলীত কৈছে।

মাৰ্কাজি মুছলিম লীগৰ ৰেলী

আচলতে সন্ত্ৰাসবাদীৰ সমাৱেশৰ আয়োজন কৰিছিল পাকিস্তান মাৰ্কাজী মুছলিম লীগে।সন্ত্ৰাসবাদী হাফিজ ছাইদৰ পুত্ৰ তালহা ছাইদ, আই এছ আইৰ একাংশ বিষয়া আৰু পঞ্জাৱ বিধানসভাৰ অধ্যক্ষ মালিক আহমেদ খানও উপস্থিত থাকে।

এই সময়ত কাছুৰীয়ে মঞ্চৰ পৰাই ক’লে যে পহলগাম আক্ৰমণৰ বাবে মোক জগৰীয়া কৰা হৈছে।এতিয়া মোৰ নামটো সমগ্ৰ বিশ্বতে বিখ্যাত হৈ পৰিছে।

তেওঁ কয় যে তাত থকা প্ৰধানমন্ত্ৰীয়ে ভাবে যে আমি গুলীলৈ ভয় কৰো। এইটো এটা ভুল ধাৰণা। পহলগাম কাণ্ডই মোক জনপ্ৰিয় কৰিছে।

ভাৰতৰ বিৰুদ্ধে উচটনিমূলক বক্তব্য

কেৱল এয়াই নহয়, ৰেলীত তেওঁ নিজেই মোদীৰ বিৰুদ্ধে পৰৱৰ্তী নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে বুলি দাবী কৰি কয় যে মই ভাৰতৰ বুকুত কাঁইটৰ দৰে হৈয়েই থাকোঁ।

লগতে কাছুৰীয়ে তেওঁৰ নামত এখন চিকিৎসালয় নিৰ্মাণ কৰিব বুলিও কয়।সন্ত্ৰাসবাদী তালহা ছাইদেও এই সমাৱেশত ভাৰতৰ বিৰুদ্ধে উচটনিমূলক বক্তব্য আগবঢ়ায়।

তেওঁ মুকলিকৈ কৈছিল যে আল্লাহে জেহাদ কৰা সকলক ভাল পায়।এই সমাৱেশ এনে এটা সময়ত সংঘটিত হৈছিল যেতিয়া ভাৰতে শেহতীয়াকৈ লস্কৰৰ আত্মগোপন স্থানত নিখুঁত আক্ৰমণ চলাইছিল য’ত বহু সন্ত্ৰাসবাদী নিহত হৈছিল।

এই আক্ৰমণৰ প্ৰতিক্ৰিয়া স্বৰূপে কাছুৰী আৰু তেওঁৰ সহযোগীসকলে ভাৰতৰ বিৰুদ্ধে মানুহক উচটনি দিবলৈ চেষ্টা কৰিছে।

লগতে পঢ়ক: ভাৰতত চীনে বিয়পাইছে RedNote! গোপন অস্ত্ৰৰে অভিযান চলাই আছে ‘ড্ৰেগনে’

পাকিস্তানৰ ৩০০ৰো অধিক মিছাইল ধ্বংস ভাৰতৰ; ভাঙি পেলালে ২৮ তকৈ বেছি বাংকাৰ

পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিশোধ স্বৰূপে ভাৰতে পাকিস্তানৰ সন্ত্ৰাসবাদী আত্মগোপন স্থানত অপাৰেচন সিন্দুৰ আৰম্ভ কৰি বিধ্বংসী ৰূপ ধাৰণ কৰিছে।

ভাৰতৰ আক্ৰমণত হাহাকাৰ কৰি পাকিস্তান সেনাই অহৰহ LoC ৰ ওপৰত গুলীচালনা কৰি আছে।বুধবাৰে নিশাৰ পৰা বৃহস্পতিবাৰেলৈকে পাকিস্তানে ভাৰতৰ কেইবাখনো চহৰত মিছাইল নিক্ষেপ কৰাৰ লগতে ড্ৰোন আৰু যুঁজাৰু বিমানেৰেও লক্ষ্য কৰি লৈছিল।

কিন্তু  ভাৰতীয় সেনাই এই আক্ৰমণ বিফল কৰিছে। ৩খন যুদ্ধ বিমানকে ধৰি কেইবাটাও  পাকিস্তানৰ মিছাইল আৰু ড্ৰোন মাজ আকাশতে ধ্বংস কৰিছে।

LoC ত অব্যাহত আছে প্ৰচণ্ড গুলীচালনা। খবৰ অনুসৰি কুপোৱাৰা, বাৰামুল্লা, পুঞ্চ,ৰাজৌৰী আৰু আখনূৰত প্ৰচণ্ড গুলীচালনা চলি আছে।

ভাৰতীয় সেনাইও পাকিস্তানৰ চহৰবোৰত বিধ্বংসী ৰূপ ধাৰণ কৰিছে।ইয়াৰ ফলত সমগ্ৰ বিশ্বতে চাঞ্চল্যৰ সৃষ্টি হৈছে।

ইতিমধ্যে জম্মু-কাশ্মীৰলৈ ৰাওনা হৈছে মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লা। ইফালে অমৃতসৰ চহৰত ইতিমধ্যে চাইৰেনৰ শব্দ শুনিবলৈ পোৱা গৈছে।

পহলগাম আক্ৰমণৰ পিছত প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ ওমৰ আব্দুল্লাৰ…

জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই শনিবাৰে দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে । পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত প্ৰধানমন্ত্ৰী মোদীৰ সৈতে তেওঁৰ এয়া প্ৰথম সাক্ষাৎ । প্ৰায় ৩০ মিনিট সময় ধৰি চলে দুয়োগৰাকী নেতাৰ এই বৈঠক । শেহতীয়াকৈ পহলগাম আক্ৰমণ আৰু তাৰ পিছত উদ্ভৱ হোৱা নিৰাপত্তাজনিত পৰিস্থিতিকে ধৰি বহু বিষয়ৰ ওপৰত বিতংভাৱে বৈঠকত আলোচনা কৰা হয় ।

‘কেন্দ্ৰীয় চৰকাৰৰ যিকোনো এক্সনৰ সৈতে আছে জম্মু-কাশ্মীৰ চৰকাৰ’

বৈঠকৰ পূৰ্বে ওমৰ আব্দুল্লাই প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰি কেন্দ্ৰীয় চৰকাৰৰ যিকোনো সিদ্ধান্তত, বিশেষকৈ পহলগাম আক্ৰমণৰ প্ৰতিশোধ আৰু দেশৰ নিৰাপত্তাৰ প্ৰতিশোধৰ সৈতে জড়িত বিষয়সমূহত জম্মু-কাশ্মীৰ প্ৰশাসনৰ পৰা পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিয়াৰ কথা উল্লেখ কৰে ।

যি সময়ত জম্মু-কাশ্মীৰত নিৰাপত্তাজনিত প্ৰত্যাহ্বান বৃদ্ধি পাইছে আৰু কেন্দ্ৰীয় চৰকাৰে পাকিস্তানৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ ইংগিত দিছে তেনে সময়তে ওমৰ আব্দুল্লা আৰু প্ৰধানমন্ত্ৰী মোদীৰ এই বৈঠক অনুষ্ঠিত হৈছে ।

সকলোকে একত্ৰিত হৈ থাকিবলৈ আহ্বান জনায় ফাৰুক আব্দুল্লাই-

ইয়াৰ পূৰ্বে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা জম্মু-কাশ্মীৰ নেশ্যনেস কনফাৰেন্সৰ অধ্যক্ষ ফাৰুক আব্দুল্লাই এই আক্ৰমণক গৰিহণা দি সকলোকে সন্ত্ৰাসবাদৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে থিয় দিবলৈ আহ্বান জনায় । তেওঁ কয়, ‘আক্ৰমণৰ লগত জড়িতসকল মানৱতাৰ শত্ৰু । সিন্ধু জল সন্ধি পুনৰাবৃত্তি কৰিব লাগে ।‘

ফাৰুক আব্দুল্লাই পহলগাম আক্ৰমণত নিহত আদিল হুছেইন শ্বাহৰ ঘৰলৈ গৈ পৰিয়ালটোক সাক্ষাৎ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । আদিলে পনি ৰাইড অপাৰেটৰ হিচাপে কাম কৰি আছিল । সন্ত্রাসবাদী আক্রমণত মৃত্যু হোৱা ২৬ জন লোকৰ ভিতৰত আদিলো আছিল ৷ আদিলৰ বাহিৰে আন সকলোৱেই আছিল পৰ্যটক ।

‘পাকিস্তানৰ বিৰুদ্ধে ব্যৱস্থা লোৱাটো প্ৰধানমন্ত্ৰীৰ অধিকাৰ’

পাকিস্তানৰ বিৰুদ্ধে ভাৰতে গ্ৰহণ কৰা ব্যৱস্থা সন্দৰ্ভত ফাৰুক আব্দুল্লাই কোনো মন্তব্য দিবলৈ অস্বীকাৰ কৰে । তেওঁ কয়, ‘এয়া প্ৰধানমন্ত্ৰীৰ অধিকাৰ, মই একো নকওঁ’ । অৱশ্যে তেওঁ নিশ্চিতভাৱে পাকিস্তানক ধমক দিয়ে ।

পাকিস্তান পিপলছ পাৰ্টিৰ নেতা বিলোৱাল ভুট্টো জৰ্দাৰীৰ ভাবুকিৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ফাৰুকে কয় যে এনে নেতাৰ বক্তব্যৰে সমস্যা সমাধান নহ’ব । যদি আমি তেওঁৰ বক্তব্যৰ প্ৰতি গুৰুত্ব দিওঁ, তেন্তে কাশ্মীৰ আগবাঢ়িব নোৱাৰিব ।

বাতিল হ’ল সিন্ধু জল চুক্তি… কি হয় এই চুক্তি জানক

কাশ্মীৰৰ পহলগামৰ বৈছাৰণ উপত্যকাত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত ২৬ জন লোকৰ মৃত্যু হোৱাৰ পিছত ভাৰত চৰকাৰে বহু কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । বুধবাৰে অনুষ্ঠিত নিৰাপত্তা সম্পৰ্কীয় কেবিনেট কমিটীৰ বৈঠকত ১৯৬০ চনৰ সিন্ধু জল সন্ধি তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ স্থগিত ৰখাৰ সিদ্ধান্ত লোৱা হৈছে । পাকিস্তানৰ জীৱনৰেখা বুলি কোৱা সিন্ধু আৰু ইয়াৰ উপনৈসমূহৰ পানীৰ ওপৰত ভাৰতে নিয়ন্ত্ৰণ লাভ কৰাৰ লগে লগে এতিয়া দেশখনে পানীৰ বাবে হাহাকাৰ কৰিব । চাৰিখন দেশৰ মাজেৰে সিন্ধু আৰু ইয়াৰ উপনৈসমূহ বৈ যায় । কেৱল এয়াই নহয়, ২১ কোটিৰো অধিক জনসংখ্যাৰ পানীৰ প্রয়োজন পূৰণ এই নদীসমূহৰ ওপৰত নির্ভৰশীল ৷

কি হয় সিন্ধু জল সন্ধি ?

১৯৬০ চনৰ ছেপ্টেম্বৰ মাহত কৰাচীত তেতিয়াৰ ভাৰতৰ প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰু আৰু পাকিস্তানী সামৰিক জেনেৰেল আয়ুব খানৰ মাজত স্বাক্ষৰিত হৈছিল সিন্ধু জল সন্ধি । ৬২ বছৰ পূৰ্বে স্বাক্ষৰিত সিন্ধু জল সন্ধিৰ অধীনত ভাৰতে সিন্ধু আৰু ইয়াৰ উপনৈসমূহৰ পৰা ১৯.৫ শতাংশ পানী লাভ কৰে । প্ৰায় ৮০ শতাংশ পানী পাকিস্তানে পায় । ভাৰতে নিজৰ অংশৰ প্ৰায় ৯০ শতাংশ পানীহে ব্যৱহাৰ কৰে । এই চুক্তি ভাৰত আৰু পাকিস্তানৰ মাজত ১৯৬০ চনত স্বাক্ষৰিত হৈছিল, যাৰ ফলত সিন্ধু উপত্যকাক ৬খন নদীত বিভক্ত কৰা হৈছিল । এই চুক্তিৰ অধীনত দুয়োখন দেশৰ মাজত প্ৰতি বছৰে সিন্ধু জল আয়োগৰ বৈঠক অনুষ্ঠিত কৰাটো বাধ্যতামূলক ।

সিন্ধু জল সন্ধি সম্পৰ্কীয় অন্তিমখন বৈঠক ২০২২ চনৰ ৩০-৩১ মে’ত নতুন দিল্লীত অনুষ্ঠিত হৈছিল । দুয়োখন দেশে এই বৈঠকক আন্তৰিক আখ্যা দিয়ে । পূবৰ নদীসমূহৰ ওপৰত ভাৰতৰ অধিকাৰ আছে । আনহাতে পশ্চিমৰ নদীবোৰ পাকিস্তানক দিয়া হৈছিল । এই চুক্তিৰ মধ্যস্থতা কৰিছিল বিশ্ব বেংকে । পূবৰ তিনিখন নদী চুতলেজ, বিয়াজ আৰু ৰবি নদীৰ পৰা আবণ্টিত মুঠ ১৬.৮ কোটি একৰ ফুটৰ ভিতৰত ভাৰতত বছৰি ৩.৩ কোটি একৰফুট পানী আবণ্টন দিয়া হৈছে ।

ভাৰতৰ ব্যৱহাৰৰ পিছত থাকি যোৱা পানী পাকিস্তানলৈ যায় । আনহাতে সিন্ধু, ঝেলাম, চেনাবৰ দৰে পশ্চিম নদীৰ বছৰি প্ৰায় ১৩.৫ কোটি একৰ ফুট পানী পাকিস্তানক আবণ্টন দিয়া হৈছে । সিন্ধু জল ব্যৱস্থাত মূল নদীখনৰ লগতে পাঁচখন উপনৈ অন্তৰ্ভুক্ত আছে । এই নদীসমূহ হ’ল ৰবি, বিয়াছ, চুতলেজ, ঝেলাম আৰু চেনাব । এই নদীবোৰ সিন্ধু নদীৰ বাওঁফালে বৈ যায় । ৰবি, বিয়াছ আৰু চুটলেজক পূব নদী বুলি কোৱা হয় আনহাতে চেনাব, ঝেলাম আৰু সিন্ধুক পশ্চিম নদী বুলি কোৱা হয় । এই নদীসমূহৰ পানী ভাৰত আৰু পাকিস্তান উভয়ৰে বাবে গুৰুত্বপূৰ্ণ । এনে পৰিস্থিতিত এই চুক্তিখন স্থগিত ৰখাতো পাকিস্তানৰ বাবে ব্যয়বহুল বুলি প্ৰমাণিত হ’ব ।

পানীক লৈ বিবাদ-

১৯৪৭ চনত স্বাধীনতাৰ পিছত পানীক লৈ বিবাদ আৰম্ভ হৈছিল । ১৯৪৮ চনত ভাৰতে পানী যোগান বন্ধ কৰি দিছিল, যাৰ ফলত পাকিস্তানত সমস্যাৰ সৃষ্টি হৈছিল । ইয়াৰ পিছত চুক্তিৰ জৰিয়তে পানী যোগান আৰম্ভ হ’ল । ইয়াৰ পিছত ১৯৪৯ চনত এজন আমেৰিকান বিশেষজ্ঞ ডেভিদ লিলিয়েন্থালে ৰাজনৈতিক পৰ্যায়ৰ পৰা কাৰিকৰী আৰু ব্যৱসায়িক পৰ্যায়লৈকে এই সমস্যা সমাধানৰ পৰামৰ্শ দিয়ে । লিলিয়েন্থালে বিশ্ব বেংকৰ পৰাও সহায় বিচৰাৰ পৰামৰ্শ দিয়ে ।

নেহৰু আৰু আয়ুবৰ মাজত চুক্তি-

১৯৫১ চনৰ ছেপ্টেম্বৰ মাহত বিশ্ব বেংকৰ অধ্যক্ষ ইউজিন ৰবাৰ্ট ব্লেকে মধ্যস্থতা কৰিবলৈ সন্মত হয় । এই ধাৰাবাহিক বৈঠক প্ৰায় ১০ বছৰ ধৰি চলে আৰু বছৰ বছৰ ধৰি আলোচনাৰ অন্তত ১৯৬০ চনৰ ১৯ ​​ছেপ্টেম্বৰত ভাৰত আৰু পাকিস্তানৰ মাজত পানী সম্পৰ্কে চুক্তি হয় । ইয়াক ১৯৬০ চনৰ সিন্ধু জল সন্ধি বুলি কোৱা হয় । এই সন্ধিত তেতিয়াৰ ভাৰতৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু আৰু পাকিস্তানৰ তেতিয়াৰ ৰাষ্ট্ৰপতি আয়ুব খানে ৰাৱলপিণ্ডিত স্বাক্ষৰ কৰে ।

১৯৬১ চনৰ ১২ জানুৱাৰীৰ পৰা এই সন্ধিৰ চৰ্তসমূহ কাৰ্যকৰী কৰা হয় । এইদৰে দুয়োখন দেশৰ মাজত হোৱা এক বৃহৎ বিবাদৰ সমাধান হয় । এই সন্ধিৰ অধীনত ভাৰতৰ পৰা পাকিস্তানলৈ বৈ যোৱা ৬খন নদীৰ পানী বিতৰণৰ সিদ্ধান্ত লোৱা হৈছিল । পূবৰ ৩খন নদীৰ (ৰবি, বিয়াছ আৰু চুটলেজ) পানীৰ ওপৰত ভাৰতক সম্পূৰ্ণ অধিকাৰ দিয়া হৈছিল । বাকী ৩ খন পশ্চিম নদীৰ (ঝেলাম, চেনাব, সিন্ধু) পানীৰ প্ৰবাহ কোনো বাধা নোহোৱাকৈ পাকিস্তানক দিয়া হৈছিল ।

পহলগাম আক্ৰমণ সন্দৰ্ভত আজি সৰ্বদলীয় বৈঠক আহ্বান চৰকাৰৰ…

পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিপ্ৰেক্ষিতত চৰকাৰে বৃহস্পতিবাৰে সৰ্বদলীয় বৈঠক আহ্বান কৰিছে । চৰকাৰী সূত্ৰই জনোৱা মতে, ইয়াৰ অধ্যক্ষতা কৰিব পাৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে । সর্বদলীয় বৈঠকত চৰকাৰৰ হৈ গৃহমন্ত্রী অমিত শ্বাহ আৰু বৈদেশিক পৰিক্রমা মন্ত্রী এছ জয়শংকৰে ব্রিফ দিব ৷ সূত্ৰ অনুসৰি এই বিষয়ত গৃহমন্ত্ৰী অমিত শ্বাহ আৰু সিঙে বিভিন্ন দলৰ নেতাৰ সৈতে বাৰ্তালাপ কৰিছে । কংগ্ৰেছকে ধৰি বহু বিৰোধী দলে এই বিষয়ত চৰকাৰে সকলো দলৰ বৈঠক আহ্বান কৰিবলৈ দাবী জনাইছিল ।

ৰাজনাথ সিঙে পৰ্যটকক লক্ষ্য কৰি সংঘটিত কৰা সন্ত্ৰাসবাদী আক্ৰমণৰ বিষয়ে বিভিন্ন দলৰ নেতাক অৱগত কৰিব পাৰে, য’ত ২৬ জন লোকে প্ৰাণ হেৰুৱাইছে । ইফালে বুধবাৰে সন্ধিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত নিৰাপত্তা সম্পৰ্কীয় কেবিনেট কমিটীৰ বৈঠক অনুষ্ঠিত হয় ।

পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ ৫ টা কঠোৰ সিদ্ধান্ত-

বুধবাৰে সন্ধিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত নিৰাপত্তা সম্পৰ্কীয় কেবিনেট কমিটীৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় । এই বৈঠকত পাকিস্তানৰ বিৰুদ্ধে পাঁচটা কঠোৰ সিদ্ধান্ত লোৱা হয় । প্ৰধানমন্ত্ৰী মোদীৰ সৈতে গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ উপস্থিত থাকে ।

ভাৰতক সমৰ্থন আমেৰিকা-ইজৰাইল-ৰাছিয়া-জাৰ্মানী-ইটালীৰ দৰে দেশৰ; বিশ্ব নেতাসকলৰ গৰিহণা

জম্মু-কাশ্মীৰৰ পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক গৰিহণা দিছে বিশ্ব নেতাসকলে । আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প, ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন, আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্স, ইজৰাইলৰ বৈদেশিক মন্ত্ৰী গিডিয়ান ছাৰকে ধৰি বহুতে শোক প্ৰকাশ কৰিছে ।

ভাৰতৰ সৈতে থিয় দিছে আমেৰিকা- ট্ৰাম্প

এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ছ’চিয়েল মিডিয়া ট্ৰুথ ছ’চিয়েলত লিখিছে- ‘কাশ্মীৰৰ পৰা আহিছে অতি দুখজনক খবৰ । সন্ত্ৰাসবাদৰ বিৰুদ্ধে আমেৰিকা ভাৰতৰ সৈতে দৃঢ়তাৰে থিয় দিছে । নিহতসকলৰ আত্মাৰ শান্তি আৰু আহতসকলৰ আশু আৰোগ্যৰ বাবে আমি প্ৰাৰ্থনা কৰিছো ।’

জে ডি ভান্সৰ শোক প্ৰকাশ-

ইফালে ভাৰত ভ্ৰমণলৈ অহা আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্সে এই ঘটনাত শোক প্ৰকাশ কৰি ইনষ্টাগ্ৰামত লিখিছে, ‘ভাৰতৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ বলি হোৱা লোকসকলৰ প্ৰতি উষা আৰু মই সমবেদনা জ্ঞাপন কৰিছো । যোৱা কেইদিনমানৰ পৰা আমি এই দেশ আৰু ইয়াৰ জনসাধাৰণৰ সৌন্দৰ্যত আপ্লুত হৈ পৰিছো । এই ভয়ংকৰ আক্ৰমণৰ বাবে আমি শোক প্ৰকাশ কৰাৰ সময়ত আমাৰ চিন্তা আৰু প্ৰাৰ্থনা তেওঁলোকৰ লগত আছে ।’

সন্ত্ৰাসবাদী আক্ৰমণক লৈ হোৱাইট হাউছৰ প্ৰতিক্ৰিয়া-

হোৱাইট হাউছৰ প্ৰেছ সচিব কেৰ’লিন লেভিটে কয় যে, ‘ৰাষ্ট্ৰপতিগৰাকীক ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টাগৰাকীয়ে অৱগত কৰিছে আৰু অধিক তথ্য ওলাই অহাৰ লগে লগে তেওঁক আপডেট কৰা হৈছে । আমি ইতিমধ্যে জানো যে দক্ষিণ কাশ্মীৰৰ জনপ্ৰিয় পৰ্যটনস্থলীত সংঘটিত হোৱা এক নৃশংস সন্ত্ৰাসবাদী আক্ৰমণত কেইবা ডজন লোক নিহত হোৱাৰ লগতে বহু আহত হয় । ৰাষ্ট্ৰপতি ট্ৰাম্পে অতি সোনকালে প্ৰধানমন্ত্ৰী মোদীৰ সৈতে কথা পাতিব আৰু যিসকলে প্ৰাণ হেৰুৱাইছে তেওঁলোকৰ প্ৰতি আন্তৰিক সমবেদনা জ্ঞাপন কৰিব আৰু আমাৰ প্ৰাৰ্থনা আহতসকলৰ লগত আৰু আমাৰ ৰাষ্ট্ৰৰ সমৰ্থন আমাৰ বন্ধু ভাৰতৰ সৈতে ।‘

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাষ্ট্ৰপতি মুৰ্মুলৈ শোক বাৰ্তা পুটিনৰ-

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণক লৈ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক শোক প্ৰকাশ কৰে । ৰাছিয়াৰ দূতাবাসে ৰাষ্ট্ৰপতি পুটিনৰ উদ্ধৃতি দি কয় যে পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ কৰুণ পৰিণতিৰ বাবে মোৰ শোক প্ৰকাশ কৰিছো, যাৰ বলি হৈছিল সাধাৰণ নাগৰিক- কেইবাখনো দেশৰ নাগৰিক । এই নৃশংস অপৰাধৰ কোনো ন্যায্যতা নাই । আমি আশা কৰিছো যে দায়ী আৰু অপৰাধীয়ে উপযুক্ত শাস্তি পাব । সন্ত্ৰাসবাদৰ সকলো ৰূপ আৰু প্ৰকাশৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত ভাৰতীয় অংশীদাৰসকলৰ সৈতে সহযোগিতা বৃদ্ধিৰ বাবে আমাৰ প্ৰতিশ্ৰুতি পুনৰবাৰ প্ৰকাশ কৰিব বিচাৰিছো । মৃতকৰ ওচৰৰ আৰু প্ৰিয়জনৰ প্ৰতি সহানুভূতি আৰু সমৰ্থন প্ৰকাশ কৰাৰ লগতে সকলো আহতৰ আশু আৰোগ্য কামনা কৰিলোঁ ।’

পহলগাম সন্ত্ৰাসবাদী আক্ৰমণক তীব্ৰ গৰিহণা ইৰাণৰ-

ভাৰতত থকা ইৰাণৰ দূতাবাসে টুইট কৰি কয়, ‘জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ ফলত বহু সংখ্যক নিৰীহ লোকৰ মৃত্যু আৰু আহত হোৱা সন্ত্ৰাসবাদী আক্ৰমণক তীব্ৰ গৰিহণা দিছে ইৰাণৰ ইছলামিক ৰিপাব্লিকৰ দূতাবাসে । ভাৰত চৰকাৰ আৰু ভাৰতবাসীলৈ, বিশেষকৈ এই আক্ৰমণত নিহতসকলৰ পৰিয়াললৈ আমি আন্তৰিক সমবেদনা জ্ঞাপন কৰিছো আৰু আহতসকলৰ আশু আৰোগ্য আৰু সুস্বাস্থ্য কামনা কৰিছো ।’

ইজৰাইলে দিছে তীব্ৰ গৰিহণা-

ইজৰাইলৰ বৈদেশিক মন্ত্ৰী গিডিয়ান ছাআৰে কয়, ‘জম্মু-কাশ্মীৰৰ পহলগামত পৰ্যটকৰ ওপৰত কৰা জঘন্য সন্ত্ৰাসবাদী আক্ৰমণত গভীৰভাৱে দুখী । আমাৰ সমবেদনা জ্ঞাপন কৰিলোঁ নিহতসকলৰ লগতে তেওঁলোকৰ পৰিয়ালৰ প্ৰতি । সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজত ইজৰাইল ভাৰতৰ সৈতে একত্ৰিত হৈ থিয় দিছে ।‘

ইফালে সংযুক্ত আৰব আমিৰশ্বাহী, ইটালী, ফ্ৰান্স, ইউক্ৰেইন, আৰ্জেন্টিনাৰ দৰে দেশেও এই বৰ্বৰ সন্ত্ৰাসবাদী আক্ৰমণক তাব্ৰ গৰিহণা দিয়াৰ লগতে এই সময়ত ভাৰতৰ প্ৰতি সমৰ্থন প্ৰকাশ কৰিছে ।

পহলগামৰ ঘটনাক লৈ কঠোৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প, সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজত সহযোগিতাৰ প্ৰতিশ্ৰুতি

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে প্ৰধানমন্ত্ৰী মোদীৰ সৈতে ফোনযোগে বাৰ্তালাপ কৰে । জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত নিৰীহ লোকৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে তেওঁ । প্ৰধানমন্ত্ৰী মোদীয়ে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজত আমেৰিকাৰ সহায় সহযোগিতাৰ বাবে ৰাষ্ট্ৰপতি ট্ৰাম্পক ধন্যবাদ জ্ঞাপন কৰে । আমেৰিকাৰ সমৰ্থনৰ বাবে ধন্যবাদ জনাই প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰতে এই কাপুৰুষ আৰু জঘন্য সন্ত্ৰাসবাদী আক্ৰমণৰ দোষী আৰু সন্ত্ৰাসবাদক সমৰ্থন কৰাসকলক শাস্তি দিবলৈ বদ্ধপৰিকৰ বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে ।

সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজত ভাৰতৰ সৈতে থিয় দিছে আমেৰিকা-

ৰাষ্ট্ৰপতি ট্ৰাম্পে পহলগামৰ বৈছাৰণত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণক গৰিহণা দিয়ে । এই জঘন্য কাণ্ডৰ দোষীক শাস্তি প্ৰদানৰ বাবে ভাৰতক পূৰ্ণ সমৰ্থন আগবঢ়োৱাৰ আশ্বাস দিছে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে । ট্ৰাম্পে কয় যে এই কঠিন সময়ত আমেৰিকা ভাৰতৰ সৈতে থিয় দিছে আৰু সম্ভৱপৰ সকলো সহায় আগবঢ়াবলৈ সাজু ।

এই আক্ৰমণক গৰিহণা দিছে বিশ্বৰ নেতাসকলে-

ৰাষ্ট্ৰপতি ট্ৰাম্পৰ পূৰ্বেও বিশ্বৰ বহু নেতাই এই সন্ত্ৰাসবাদী আক্ৰমণক তীব্ৰ গৰিহণা দিয়ে । ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন, ইটালীৰ প্ৰধানমন্ত্ৰী মেলোনি আৰু ছৌদি আৰবেও এই সন্ত্ৰাসবাদী আক্ৰমণক গৰিহণা দি ভাৰতক সমৰ্থন প্ৰকাশ কৰিছে । জাৰ্মানী, শ্ৰীলংকা আৰু ইজৰাইলেও এই সন্ত্ৰাসবাদী আক্ৰমণক গৰিহণা দি ভাৰতৰ প্ৰতি সমৰ্থন প্ৰকাশ কৰিছে ।

প্ৰধানমন্ত্ৰী মোদীৰ সৈতে ফোনত কথা পতাৰ পূৰ্বেও ট্ৰাম্পে পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক তীব্ৰ গৰিহণা দি নিজৰ অফিচিয়েল ছ’চিয়েল মিডিয়া হেণ্ডেলত পোষ্ট কৰে । তেওঁ লিখিছে, কাশ্মীৰৰ পৰা অতি দুখজনক খবৰ আহিছে । সন্ত্ৰাসবাদৰ বিৰুদ্ধে আমেৰিকা ভাৰতৰ সৈতে দৃঢ়তাৰে থিয় দিছে । প্ৰধানমন্ত্ৰী মোদী আৰু ভাৰতবাসীৰ প্ৰতি আমাৰ পূৰ্ণ সমৰ্থন আৰু গভীৰ সমবেদনা । আমাৰ সমবেদনা আপোনালোক সকলোৰে লগত আছে । এই আক্ৰমণক গৰিহণা দি আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ে এক বিবৃতি প্ৰকাশ কৰে ।