পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিপ্ৰেক্ষিতত চৰকাৰে বৃহস্পতিবাৰে সৰ্বদলীয় বৈঠক আহ্বান কৰিছে । চৰকাৰী সূত্ৰই জনোৱা মতে, ইয়াৰ অধ্যক্ষতা কৰিব পাৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে । সর্বদলীয় বৈঠকত চৰকাৰৰ হৈ গৃহমন্ত্রী অমিত শ্বাহ আৰু বৈদেশিক পৰিক্রমা মন্ত্রী এছ জয়শংকৰে ব্রিফ দিব ৷ সূত্ৰ অনুসৰি এই বিষয়ত গৃহমন্ত্ৰী অমিত শ্বাহ আৰু সিঙে বিভিন্ন দলৰ নেতাৰ সৈতে বাৰ্তালাপ কৰিছে । কংগ্ৰেছকে ধৰি বহু বিৰোধী দলে এই বিষয়ত চৰকাৰে সকলো দলৰ বৈঠক আহ্বান কৰিবলৈ দাবী জনাইছিল ।
ৰাজনাথ সিঙে পৰ্যটকক লক্ষ্য কৰি সংঘটিত কৰা সন্ত্ৰাসবাদী আক্ৰমণৰ বিষয়ে বিভিন্ন দলৰ নেতাক অৱগত কৰিব পাৰে, য’ত ২৬ জন লোকে প্ৰাণ হেৰুৱাইছে । ইফালে বুধবাৰে সন্ধিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত নিৰাপত্তা সম্পৰ্কীয় কেবিনেট কমিটীৰ বৈঠক অনুষ্ঠিত হয় ।
পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ ৫ টা কঠোৰ সিদ্ধান্ত-
বুধবাৰে সন্ধিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত নিৰাপত্তা সম্পৰ্কীয় কেবিনেট কমিটীৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় । এই বৈঠকত পাকিস্তানৰ বিৰুদ্ধে পাঁচটা কঠোৰ সিদ্ধান্ত লোৱা হয় । প্ৰধানমন্ত্ৰী মোদীৰ সৈতে গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ উপস্থিত থাকে ।