আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে প্ৰধানমন্ত্ৰী মোদীৰ সৈতে ফোনযোগে বাৰ্তালাপ কৰে । জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত নিৰীহ লোকৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে তেওঁ । প্ৰধানমন্ত্ৰী মোদীয়ে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজত আমেৰিকাৰ সহায় সহযোগিতাৰ বাবে ৰাষ্ট্ৰপতি ট্ৰাম্পক ধন্যবাদ জ্ঞাপন কৰে । আমেৰিকাৰ সমৰ্থনৰ বাবে ধন্যবাদ জনাই প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰতে এই কাপুৰুষ আৰু জঘন্য সন্ত্ৰাসবাদী আক্ৰমণৰ দোষী আৰু সন্ত্ৰাসবাদক সমৰ্থন কৰাসকলক শাস্তি দিবলৈ বদ্ধপৰিকৰ বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে ।
সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজত ভাৰতৰ সৈতে থিয় দিছে আমেৰিকা-
ৰাষ্ট্ৰপতি ট্ৰাম্পে পহলগামৰ বৈছাৰণত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণক গৰিহণা দিয়ে । এই জঘন্য কাণ্ডৰ দোষীক শাস্তি প্ৰদানৰ বাবে ভাৰতক পূৰ্ণ সমৰ্থন আগবঢ়োৱাৰ আশ্বাস দিছে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে । ট্ৰাম্পে কয় যে এই কঠিন সময়ত আমেৰিকা ভাৰতৰ সৈতে থিয় দিছে আৰু সম্ভৱপৰ সকলো সহায় আগবঢ়াবলৈ সাজু ।
এই আক্ৰমণক গৰিহণা দিছে বিশ্বৰ নেতাসকলে-
ৰাষ্ট্ৰপতি ট্ৰাম্পৰ পূৰ্বেও বিশ্বৰ বহু নেতাই এই সন্ত্ৰাসবাদী আক্ৰমণক তীব্ৰ গৰিহণা দিয়ে । ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন, ইটালীৰ প্ৰধানমন্ত্ৰী মেলোনি আৰু ছৌদি আৰবেও এই সন্ত্ৰাসবাদী আক্ৰমণক গৰিহণা দি ভাৰতক সমৰ্থন প্ৰকাশ কৰিছে । জাৰ্মানী, শ্ৰীলংকা আৰু ইজৰাইলেও এই সন্ত্ৰাসবাদী আক্ৰমণক গৰিহণা দি ভাৰতৰ প্ৰতি সমৰ্থন প্ৰকাশ কৰিছে ।
প্ৰধানমন্ত্ৰী মোদীৰ সৈতে ফোনত কথা পতাৰ পূৰ্বেও ট্ৰাম্পে পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক তীব্ৰ গৰিহণা দি নিজৰ অফিচিয়েল ছ’চিয়েল মিডিয়া হেণ্ডেলত পোষ্ট কৰে । তেওঁ লিখিছে, কাশ্মীৰৰ পৰা অতি দুখজনক খবৰ আহিছে । সন্ত্ৰাসবাদৰ বিৰুদ্ধে আমেৰিকা ভাৰতৰ সৈতে দৃঢ়তাৰে থিয় দিছে । প্ৰধানমন্ত্ৰী মোদী আৰু ভাৰতবাসীৰ প্ৰতি আমাৰ পূৰ্ণ সমৰ্থন আৰু গভীৰ সমবেদনা । আমাৰ সমবেদনা আপোনালোক সকলোৰে লগত আছে । এই আক্ৰমণক গৰিহণা দি আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ে এক বিবৃতি প্ৰকাশ কৰে ।