কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে যেতিয়া পশ্চিমবংগৰ জনসাধাৰণে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক ক্ষমতাৰ পৰা উৎখাত কৰি ৰাজ্যখনত বিজেপি চৰকাৰ গঠন কৰিব তেতিয়াই অনুপ্ৰৱেশৰ সমস্যা সমাধান হ’ব । বুধবাৰে ৰাষ্ট্ৰীয় ৰাজধানীত অনুষ্ঠিত এক অনুষ্ঠানত বাংলাদেশৰ সাম্প্ৰতিক ৰাজনৈতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অবৈধ অনুপ্ৰৱেশৰ ঘটনা সন্দৰ্ভত সোধাত শ্বাহে কয় যে পশ্চিম বংগৰ জনসাধাৰণৰ বাবে তেওঁৰ এটা সহজ পৰামৰ্শ আছে । বংগৰ ৰাইজে যদি মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ চৰকাৰ আঁতৰাই বিজেপি চৰকাৰ আনে তেন্তে সমস্যা সমাধান হ’ব আৰু অপৰাধ (ভাৰত-বাংলাদেশ সীমান্তত) বন্ধ হৈ যাব ।
গৃহমন্ত্ৰীগৰাকীয়ে কয় যে মমতা বেনাৰ্জীয়ে কৈছে যে কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ সীমান্ত সুৰক্ষা বাহিনীক এই অনুপ্ৰৱেশৰ বাবে দায়ী কৰা উচিত কাৰণ তেওঁলোকেই আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ পহৰা দিয়ে । অমিত শ্বাহে কয়, তেওঁলোকৰ প্ৰতি মোৰ প্ৰশ্ন হ’ল এনে অনুপ্ৰৱেশকাৰীৰ ভোটাৰ আই ডি কাৰ্ড আৰু আধাৰ কাৰ্ড কোনে বনাইছিল । এই সকলোবোৰ ভোটাৰ কাৰ্ড উত্তৰ ২৪ পৰগনা জিলাত প্ৰস্তুত কৰা হৈছে । তেওঁ কয় যে ইণ্ডি এলায়েন্সে তেওঁলোকৰ মাজত (অনুপ্ৰৱেশকাৰী) এটা ভোট বেংক দেখা পায় ।
আনহাতে নতুন ৱাকফ আইনখন কাৰ্যকৰী কৰাৰ পক্ষ লৈ অমিত শ্বাহে সাধাৰণ মুছলমানসকলৰ বাবে উপকাৰী হ’ব বুলি উল্লেখ কৰি বিৰোধী কংগ্ৰেছে এই আইনখনক লৈ ভুৱা অপপ্ৰচাৰ চলোৱাৰ অভিযোগ উত্থাপন কৰে । আন এটা প্ৰশ্নৰ উত্তৰত শ্বাহে স্পষ্ট কৰি দিয়ে যে আগন্তুক বিহাৰ বিধানসভা নিৰ্বাচনত জে ডি ইউ নেতা তথা মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ নেতৃত্বত যুঁজ দিয়া হ’ব । ৰাজ্যখনত এন ডি এ চৰকাৰ গঠন হ’ব বুলি দাবী কৰে তেওঁ ।