দীৰ্ঘদিন ধৰি বলিউডৰ অভিনেতা অভিষেক বচ্ছন আৰু পত্নী ঐশ্বয্য ৰায়ৰ সম্পৰ্কত ফাট মেলাৰ কথা পোহৰলৈ আহিছে। তাৰ মাজতে বলিউডৰ আন এগৰাকী অভিনেত্ৰীৰ সৈতে নাম সাঙুৰ খাইছে অভিষেক বচ্ছনৰ। সেই অভিনেত্ৰী গৰাকী হৈছে ৪২ বছৰীয়া নিম্ৰত কৌৰ।

নিম্ৰতে ১৯ বছৰ পূৰ্বে ২০০৫ চনত ‘হেয়াৰ’ ছবিখনৰ দ্বাৰা তেওঁৰ কেৰিয়াৰ আৰম্ভ কৰিছিল।কিছুদিন ধৰি অভিনেত্ৰীগৰাকীৰ নাম অভিষেক বচ্চনৰ সৈতে জড়িত হৈ পৰিছে।

দৰাচলতে, ২০২২ চনত এখন চলচ্চিত্ৰখনৰ প্ৰচাৰৰ সময়ত, যেতিয়া নিম্ৰত কৌৰক তেওঁৰ প্ৰেমক বিষয়ে প্ৰশ্ন কৰিছিল তেতিয়া তেওঁ কৈছিল যে “মই এতিয়া তেওঁৰ কথা বিশেষ একো নকও, কাৰণ তেওঁ ইতিমধ্যে বিবাহপাশত আৱদ্ধ হৈছে”।

অভিনেত্ৰী গৰাকীয়ে লগতে কয় যে “ তেওঁৰ শৈশৱকালৰ প্ৰেমিকজন বহুত লাজকুৰীয়া আছিল। কিন্তু এতিয়া তেওঁৰ কথা ক’লে ভাল নহ’ব যিহেতু তেওঁৰ এখন সংসাৰ আছে। অভিনেত্ৰী গৰাকীৰ সেই সাক্ষাৎকাৰ এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

অৱশ্যে দুয়োৱে বৰ্তমান লৈকে সামাজিক মাধ্যমত চৰ্চা লাভ কৰা তেওঁলোকৰ সম্পৰ্কক লৈ মুখ খুলা নাই । যাৰ বাবে তেওঁলোৰ এই সম্পৰ্ক সঁচা নে মিছা সেয়া এতিয়া লৈকে জানিব পৰা হোৱা নাই।