বিৰাট কোহলিক ‘কিং কোহলি’ বুলি জনা যায়। তেওঁ আন্তৰ্জাতিক ক্ৰিকেট জগতত এক সুকিয়া পৰিচয় গঢ়ি তুলিছে।যেতিয়া ভাৰতীয় ক্ৰিকেট দলে বিৰাট কোহলিৰ অধিনায়কত্বত অনুৰ্ধ-১৯ বিশ্বকাপ জিকিছিল, সকলোৰে আনন্দ দুগুণ হৈছিল।অনুৰাগী সকলে তেওঁক যথেষ্ট ভালপাই। কিন্তু প্ৰতিজন খেলুৱৈৰ দৰে, বিৰাটেও তেওঁৰ জীৱনত বহুতো উত্থান-পতন দেখিছে।কিছুদিন পূৰ্বে বিৰাট কোহলীয়ে এটা পুৰণি কাহিনী শ্বেয়াৰ কৰি কৈছিল যে “যি সময়ত সমগ্ৰ পৃথিৱীবাসীয়ে মোক প্ৰশ্ন কৰিছিল সেই সময়ত অনুষ্কাই উৎসাহিত কৰিছিল আৰু সদায় মোক সমৰ্থন কৰিছিল”।বিৰাট কোহলীয়ে কৈছিল যে এছিয়া কাপ ২০২২ ত শতক অৰ্জন কৰাৰ পিছত তেওঁ অনুষ্কা শৰ্মাৰ সন্মুখত আৱেগিক হৈ পৰিছিল। এটা সাক্ষাৎকাৰত, প্ৰায় দুবছৰৰ পূৰ্বৰ এই মুহূৰ্তটোৰ কথা কৈ আৱেগিক হৈছিল বিৰাট। বিৰাট কোহলীয়ে কৈছিল, “সঁচাকৈ ক’বলৈ গ’লে, ১০০ ৰাণ সংগ্ৰহ কৰাৰ আগতে, মই ভাবিছিলো যে এয়া সম্ভৱ নহ’ব। মোৰ তেতিয়া ৯৪ ৰাণ হৈছিল, তাৰ পিছত মই অনুষ্কাৰ কথাবোৰ মনত পেলাইছিলো আৰু মই ভাবিছিলো যে মই সম্ভৱতঃ এইটো কৰিব পাৰিম আৰু পৰৱৰ্তী বলত ছয় ৰাণ পাইছিলো”।তেওঁ লগতে কৈছিল যে “মই মোৰ বাকী জীৱন টো সেই দিনটো মনত ৰাখিয়েই কটাব পাৰিম”। তেওঁ কয় যে “ তেওঁ প্ৰতিটো কামেই ১০০ শতাংশ দি কৰিব আৰু তাৰ উদ্দেশ্য মহৎ হ’ব”।