লণ্ডনত অনুষ্ঠিত হোৱা ফিটনেছ টেষ্টত উত্তীৰ্ণ বিৰাট কোহলী; BCCI ৰ সিদ্ধান্ত লৈ বিতৰ্ক

লণ্ডনত অনুষ্ঠিত হোৱা ফিটনেছ টেষ্টত উত্তীৰ্ণ বিৰাট কোহলী

ভাৰতৰ কিংবদন্তি খেলুৱৈ বিৰাট কোহলীয়ে ফিটনেছ টেষ্টত উত্তীৰ্ণ হ’লেও কোহলীৰ ফিটনেছ টেষ্ট আন খেলুৱৈৰ দৰে বেংগালুৰুত নহয় লণ্ডনতহে কৰা হৈছিল।

বিৰাট কোহলীয়ে ফিটনেছ টেষ্টত উত্তীৰ্ণ হ’লেও এতিয়া লণ্ডনত ফিটনেছ টেষ্ট দিয়াৰ সন্দৰ্ভত বিতৰ্কৰ সৃষ্টি হৈছে। য’ত ভাৰতীয় খেলুৱৈসকলৰ অধিকাংশই ফিটনেছ টেষ্টৰ বাবে বেংগালুৰুৰ নেচনেল ক্ৰিকেট একাডেমী (এনচিএ)লৈ গৈছিল আনহাতে বিৰাট কোহলী আছিল একমাত্ৰ খেলুৱৈ যিয়ে লণ্ডনত এই পৰীক্ষাত অংশগ্ৰহণ কৰিছিল, য’ত তেওঁ বৰ্তমান পৰিয়ালৰ সৈতে বসবাস কৰি আছে।

কোহলীয়ে ভাৰতৰ ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড (বিচিচিআই)ৰ পৰা বিশেষ অনুমতি লৈ যুক্তৰাজ্যত নিজৰ ফিটনেছ টেষ্টত অৱতীৰ্ণ হৈছিল, আনহাতে দলটোৰ আন বেছিভাগ খেলুৱৈয়ে ফিটনেছ টেষ্টৰ বাবে বেংগালুৰুত উপস্থিত হৈছিল।

যদিও কোহলীয়ে পৰীক্ষাত উত্তীৰ্ণ হৈছিল, তথাপিও লণ্ডনত অনুষ্ঠিত হ’বলগীয়া বাধ্যতামূলক ফিটনেছ পৰীক্ষাৰ বাবে তেওঁক বিশেষ ৰেহাই দিয়া উচিত নেকি সেই লৈ বিতৰ্ক আৰম্ভ হৈছে।

আচলতে বিৰাট আছিল একমাত্ৰ খেলুৱৈ যাৰ পৰীক্ষা দেশৰ বাহিৰত কৰা হৈছিল। আন কোনো খেলুৱৈয়ে এনে ৰেহাই বিচৰা নাছিল।

যেতিয়া বিচিচিআইৰ এজন বিষয়াক বিৰাটৰ বিষয়ৰ সন্দৰ্ভত সোধা হৈছিল, তেওঁ ক’লে যে কোহলীয়ে নিশ্চয় বিচিচিআইক এনে ৰেহাইৰ বাবে অনুৰোধ কৰিছিল আৰু অনুমতি বিচাৰিছিল।

আনহাতে প্ৰতিবেদনত উল্লেখ কৰা হৈছিল যে এতিয়াও জানিব পৰা হোৱা নাই যে একেধৰণৰ ৰেহাই বিচৰা আন কোনো খেলুৱৈক এনে ৰেহাই দিব পাৰি নেকি।তাকে লৈ এতিয়া বিতৰ্ক আৰম্ভ হৈছে।

লগতে পঢ়ক: হকী এছিয়া কাপ ২০২৫ : কাজাখস্তানক পৰাস্ত কৰিলে ভাৰতীয় দলে, ৩ গৰাকী খেলুৱৈৰ হেট্ৰিক

কোটি কোটি ভাৰতীয় অনুৰাগীৰ বাবে সুখবৰ; খেলপথাৰত নামিবলৈ সাজু বিৰাট কোহলী

খেলপথাৰত নামিবলৈ সাজু বিৰাট কোহলী

ভাৰতৰ কোটি কোটি অনুৰাগীৰ বাবে আহি আছে এটা ভাল খবৰ।৮২টা শতক অৰ্জন কৰা বিৰাট কোহলীয়ে খেলপথাৰলৈ ঘূৰি আহিবলৈ কঠোৰ প্ৰস্তুতি চলাইছে।

অষ্ট্ৰেলিয়া ভ্ৰমণৰ পূৰ্বে খেলপথাৰলৈ উভতি আহিছে বিৰাট কোহলী। গুজৰাট টাইটানছৰ সহকাৰী প্ৰশিক্ষক নয়ম আমিনৰ উপস্থিতিত লণ্ডনত অনুশীলন কৰিছে খেলুৱৈ গৰাকীয়ে।

উল্লেখ্য যে তাৰকা বেটচমেন গৰাকীয়ে টেষ্ট আৰু টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লৈছে।অৱশ্যে বিৰাটে এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলা অব্যাহত ৰাখিব।

সম্প্ৰতি বিৰাট  বিশ্বৰ একমাত্ৰ বেটছমেন যিয়ে শচীন টেণ্ডুলকাৰৰ ১০০টা আন্তঃৰাষ্ট্ৰীয় শতকৰ বিশ্ব অভিলেখ ভংগ কৰিব পাৰে।বৰ্তমান আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ৮২টা শতক অৰ্জন কৰাৰ অভিলেখ কোহলীৰ হাতত আছে।

বিৰাট সেইজন বেটছমেন যি ৱান ডে ইণ্টাৰনেশ্যনেল ক্ৰিকেটত শচীন তেণ্ডুলকাৰৰ ৪৯টা শতকৰ মহান অভিলেখ ভংগ কৰি ইতিহাস ৰচনা কৰিছিল।

কোহলীৰ নাম ৱান ডে ইণ্টাৰনেশ্যনেল ক্ৰিকেটত ৫১টা শতক, টেষ্ট ক্ৰিকেটত ৩০ শতক আৰু টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ১ শতক অৰ্জন কৰাৰ অভিলেখত অন্তৰ্ভূক্ত হৈ আছে।

কোহলীয়ে এখন ফটো শ্বেয়াৰ কৰি লিখিছে যে, হিটটোত সহায় কৰাৰ বাবে ধন্যবাদ ভাইটি।তোমাক দেখি সদায় ভাল লাগে। অনুশীলনৰ সময়ত আমিনৰ সৈতে তেওঁৰ ফটোও শ্বেয়াৰ কৰে।

লগতে পঢ়ক: এছিয়া কাপৰ বাবে নিশ্চিত হৈছে শ্ৰেয়াছ আয়াৰৰ নাম! টি-২০, এদিনীয়া আৰু টেষ্ট তিনিওটা ফৰ্মেটতে পাব স্থান

ৰোহিত আৰু বিৰাটৰ মাজত আৰম্ভ হ’ল এক অনন্য ‘যুদ্ধ’; এই অভিলেখৰে ১ নম্বৰত পৰিণত হ’ল হিটমেন

আই পি এল ২০২৫ৰ উত্তেজনা শিখৰত উপনীত হৈছে। ২০ এপ্ৰিলৰ দেওবাৰে দেখা গ’ল দুখনকৈ ৰোমাঞ্চকৰ মেচ।এখন মেচত বিজয়ৰ নায়ক হ’ল বিৰাট কোহলি, আনখন মেচত নায়ক হিচাপে পৰিগণিত হয় তেওঁৰ বেষ্ট ফ্ৰেণ্ড ৰোহিত শৰ্মা।

আই পি এলত প্লেয়াৰ অৱ দ্য মেচৰ অভিলেখৰ বাবে দুয়োৰে মাজত এক ৰোমাঞ্চকৰ যুঁজ চলি আছে।এসময়ত এই অভিলেখ ৰজা কোহলি শাসনত আছিল যদিও এতিয়া মুকুট ৰোহিত শৰ্মাৰ শিৰলৈ গৈছে।

দেওবাৰে ৰোহিত আৰু কোহলী দুয়োৱে দুৰ্দান্ত প্ৰদৰ্শন কৰা দেখা গৈছিল৷বিয়লি পঞ্জাৱৰ বিৰুদ্ধে খেলখনত বিৰাট কোহলীয়ে জিলিকি উঠাৰ বিপৰীতে সন্ধিয়াটো ৰোহিতৰ আছিল।

বিৰাটে ৭৩ ৰানৰ মেচ বিজয়ী ইনিংছ খেলি ১৯ সংখ্যক প্লেয়াৰ অৱ দ্য মেচৰ খিতাপ দখল কৰে।আনহাতে হিটমেনে ৪৫টা বলত ৭৬ ৰান কৰি ২০ সংখ্যক প্লেয়াৰ অৱ দ্য মেচৰ খিতাপ দখল কৰে।

ভাৰতীয় খেলুৱৈৰ ভিতৰত আই পি এলত সৰ্বাধিক প্লেয়াৰ অৱ দ্য মেচৰ বঁটা লাভ কৰা খেলুৱৈ হিচাপে পৰিগণিত হৈছে ৰোহিত শৰ্মা।

যদি আমি কোহলীৰ কথা কওঁ তেন্তে তেওঁ দ্বিতীয় স্থানত আছে।বিৰাটে এই পৰ্যন্ত ১৯টা বঁটা লাভ কৰিছে। এই অভিলেখৰ বাবে দুয়োৰে মাজত তীব্ৰ দৌৰ আৰম্ভ হৈছে।

দিল্লী-বিহাৰত কাৰ চৰকাৰ গঠন হ’ব, অৱসৰ ল’ব নেকি ৰোহিত-কোহলিয়ে  ?  নতুন বছৰত লাভ কৰিব এই ৬ টা প্ৰশ্নৰ উত্তৰ

২০২৪ বৰ্ষটো বহু দিশত এক অস্থিৰ বছৰ আছিল । ৰাজনৈতিক ক্ষেত্ৰৰ পৰা আৰম্ভ কৰি প্ৰাকৃতিক দুৰ্যোগ আৰু দুৰ্ঘটনালৈকে বছৰটোৰ ভিতৰত কিবা নহয় কিবা এটা ঘটি থাকিল যিয়ে মানুহক স্তম্ভিত কৰিছিল । লোকসভা নিৰ্বাচনত বিজেপি নেতৃত্বাধীন ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ জয়েই হওক বা হাৰিয়ানা আৰু মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ পৰাজয়েই হওক, ৰাজনৈতিক প্ৰতিদ্বন্দ্বিতাৰ উত্তেজনা ৰাইজৰ মাজত তুংগত আছিল । সংসদতো এই বছৰ হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছিল । চৰকাৰে ‘এক দেশ, এক নিৰ্বাচন’ আৰু ৱাকফ ব’ৰ্ড বিল আনিছিল । অৱশ্যে এই বিধেয়ক আলোচনাৰ বাবে যুটীয়া সংসদীয় সমিতিলৈ প্ৰেৰণ কৰা হয় ।

যদি আমি ক্ৰীড়া জগতখনলৈ চাওঁ তেন্তে এই বছৰটো ভাল আছিল । ক্ৰিকেটত ভাৰতে টি-২০ বিশ্বকাপ জয় কৰাৰ বিপৰীতে দবা অলিম্পিয়াডত ভাৰতীয় পুৰুষ আৰু মহিলা দলে প্ৰথমবাৰৰ বাবে একেলগে সোণৰ পদক লাভ কৰে । এতিয়া নতুন বছৰৰ অৰ্থাৎ ২০২৫ চনৰ পৰা জনসাধাৰণে বহু আশা কৰিছে । ৰাজনীতি, ক্ৰীড়া, চৰকাৰৰ পৰা আৰম্ভ কৰি বিভিন্ন সামাজিক বিষয়লৈকে মানুহৰ মনত প্ৰশ্ন থাকিব, যাৰ উত্তৰ আহিব পাৰে অনাগত দিনত ।

-ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মা আৰু বিৰাট কোহলীয়ে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে পাঁচখনীয়া খেলৰ বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ চাৰিখন মেচত ভাল প্ৰদৰ্শন কৰিব নোৱাৰিলে, যাৰ বাবে এই দুগৰাকী তাৰকা বেটছমেনে টেষ্ট ক্ৰিকেট ত্যাগ কৰাৰ খবৰে গতি লাভ কৰিছে । ছ’চিয়েল মিডিয়াত বহু অনুৰাগীয়ে ৰোহিত আৰু কোহলীক টেষ্ট ফৰ্মেট এৰিবলৈ আহ্বান জনাইছে । পাৰ্থ টেষ্টৰ দ্বিতীয় ইনিংছত শতকৰে অষ্ট্ৰেলিয়া ভ্ৰমণৰ আৰম্ভণি কৰে কোহলীয়ে । পাৰ্থ টেষ্টত শতক অৰ্জন কৰাৰ পিছতো কোহলীৰ প্ৰদৰ্শনত ধাৰাবাহিকতাৰ অভাৱ হোৱাত তেওঁ এতিয়ালৈকে শৃংখলাত ৫, ১০০ নট আউট, ৭, ১১, ৩, ৩৬ আৰু ৫ ৰানৰ ইনিংছ সংগ্ৰহ কৰিছে । আনহাতে ৰোহিতে ৫ ইনিংছত মাত্ৰ ৬.২০ গড়ে ৩১ ৰান সংগ্ৰহ কৰি এই সময়ছোৱাত ৩, ৬, ১০, ৩ আৰু ৯ ৰান সংগ্ৰহ কৰিছে যিটো অষ্ট্ৰেলিয়াৰ মাটিত যিকোনো বিদেশী অধিনায়কৰ গড় সৰ্বনিম্ন । এতিয়া এই দুগৰাকী মহান ক্ৰিকেটাৰৰ ভৱিষ্যত নতুন বছৰতে নিৰ্ণয় হ’ব ।

-এইবাৰ দুখন গুৰুত্বপূৰ্ণ ৰাজ্যত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব । দিল্লীত প্ৰথমে বাজিব নিৰ্বাচনী ৰণডংকা । ইয়াত বৰ্তমান অৰবিন্দ কেজৰিৱালৰ আম আদমী পাৰ্টি ক্ষমতাত আছে । বিগত কেইবাবছৰ ধৰি ইয়াত দলটোৱে নিজৰ আধিপত্য বজাই ৰাখিছে । ইয়াত আপক কঠোৰ প্ৰতিযোগিতা দিবলৈ চেষ্টা কৰিব বিজেপি আৰু কংগ্ৰেছে । ইয়াৰ পিছত বিহাৰত ক্ষমতাৰ যুঁজ হ’ব । ইয়াত বিজেপি-জেডিইউৰ মিত্ৰজোঁটৰ চৰকাৰ আছে । নীতিশ কুমাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী । অতীতৰ অভিলেখবোৰলৈ চালে নীতিশ কুমাৰৰ বিষয়ে আগতীয়াকৈ কোনেও একো ক’ব নোৱাৰে । এনে পৰিস্থিতিত ইয়াত বিধানসভা নিৰ্বাচনৰ সময়ত এক ৰোমাঞ্চকৰ যুঁজ দেখা যাব । নতুন বছৰে যি দুটা প্ৰশ্নৰ উত্তৰ পাব সেয়া হ’ল, প্ৰথমতে দিল্লীৰ জনসাধাৰণে আকৌ এবাৰ কেজৰিৱালক বিশ্বাস কৰিবনে আৰু দ্বিতীয়তে, বিহাৰত নীতিশ কুমাৰৰ ক্ষমতা অক্ষত থাকিব নে মহাগঠবন্ধনে পুনৰ খেল খেলিব পাৰিবনে ?

-১৭ ডিচেম্বৰত লোকসভাত উত্থাপন হৈছিল ‘এক দেশ, এক নিৰ্বাচন’ বিধেয়ক । সদনত চলি থকা আলোচনাৰ সময়ত কংগ্ৰেছ, সমাজবাদী পাৰ্টি, তৃণমূল কংগ্ৰেছৰ দৰে ডাঙৰ বিৰোধী দলে বিধেয়কখনৰ বিৰোধিতা কৰে । ইয়াৰ পিছত ইয়াক আলোচনা আৰু পৰ্যালোচনাৰ বাবে যুটীয়া সংসদীয় সমিতিলৈ প্ৰেৰণ কৰা হয় । আগন্তুক বাজেট অধিৱেশনৰ অন্তিম সপ্তাহৰ প্ৰথম দিনৰ ভিতৰত কমিটীক প্ৰতিবেদন দাখিল কৰিবলৈ কোৱা হৈছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰথমে ২০১৯ চনৰ ৭৩ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে এক দেশ এক নিৰ্বাচনৰ ধাৰণা আগবঢ়াইছিল । ইয়াৰ উপৰিও চৰকাৰে ৱাকফ ব’ৰ্ড সংশোধনী বিধেয়ক সংসদত গৃহীত কৰাৰ চেষ্টাও কৰিব পাৰে । এই বিধেয়কখনো বৰ্তমান জেপিচিৰ হাতত   এনে পৰিস্থিতিত মানুহৰ মনত এটা ডাঙৰ প্রশ্ন হ’ল এই বিধেয়কসমূহ কাৰ্যকৰী কৰিবলৈ চৰকাৰে এক ঐকমত্য গঢ়ি তুলিব পাৰিবনে আৰু এইবাৰ আইনৰ ৰূপ ল’বনে ?

-ভাৰতীয় জনতা পাৰ্টিৰ পৰৱৰ্তী ৰাষ্ট্ৰীয় সভাপতিৰ সিদ্ধান্তও ২০২৫ চনত লোৱা হ’ব । নতুন বছৰত জানুৱাৰী মাহৰ শেষৰ ফালে বিজেপিয়ে নতুন ৰাষ্ট্ৰীয় সভাপতি লাভ কৰিব পাৰে । শেহতীয়াকৈ বিজেপি নেতা পিটি কুনজাঙে জনাইছে যে ১৫ জানুৱাৰীৰ ভিতৰত ৰাজ্য আৰু জিলা সভাপতিৰ নিৰ্বাচন সম্পূৰ্ণ হ’ব । ইয়াৰ পিছত দলৰ ৰাষ্ট্ৰীয় সভাপতি নিৰ্বাচনৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব আৰু জানুৱাৰী মাহৰ শেষৰ ফালে বা ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহত নতুন ৰাষ্ট্ৰীয় সভাপতি ঘোষণা কৰা হ’ব ।

-সকলো বিতৰ্কৰ পিছত অৱশেষত প্ৰকাশ পালে চেম্পিয়নছ ট্ৰফীৰ সূচী । পাকিস্তানে আঠটা দলৰ মাজত এই এদিনীয়া প্ৰতিযোগিতাখন আয়োজন কৰিব যদিও ইয়াৰ বাবে বি চি চি আইয়ে নিজৰ দলটো চুবুৰীয়া দেশখনলৈ পঠিয়াবলৈ অস্বীকাৰ কৰিছিল । ইয়াৰ পিছত আই চি চিয়ে হাইব্ৰিড মডেলৰ অধীনত ইয়াক আয়োজন কৰাৰ সিদ্ধান্ত লয়, য’ত ভাৰতৰ মেচসমূহ ডুবাইত অনুষ্ঠিত হ’ব বুলি সিদ্ধান্ত লোৱা হয় । ২০২৪ চনত ভাৰতে টি-২০ বিশ্বকাপ খিতাপ দখল কৰাৰ লগতে আই চি চি টুৰ্ণামেণ্টত প্ৰদৰ্শন কৰা প্ৰদৰ্শনৰ প্ৰতি লক্ষ্য ৰাখি চেম্পিয়নছ ট্ৰফীৰ ফাইনেলত প্ৰৱেশৰ বাবে ভাৰতবৰ্ষই এক শক্তিশালী প্ৰতিদ্বন্দ্বী ।

-প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰৰ বিৰুদ্ধে বিৰোধী মিত্ৰজোঁট ‘ইণ্ডিয়া’ই ২০২৪ চনৰ লোকসভা নিৰ্বাচনত যথেষ্ট সফলতা অৰ্জন কৰিছিল যদিও নিৰ্বাচনৰ মাজভাগতে তেওঁলোকৰ মাজত আভ্যন্তৰীণ যুঁজ আৰম্ভ হৈছিল । মিত্ৰতাৰ প্ৰথম ফাটটো পশ্চিম বংগত দেখা দিছিল, যেতিয়া মমতা বেনাৰ্জীয়ে কংগ্ৰেছৰ সৈতে আসন ভাগ কৰিবলৈ অস্বীকাৰ কৰিছিল । ইয়াৰ পিছত হাৰিয়ানা বিধানসভা নিৰ্বাচনত আপ আৰু কংগ্ৰেছৰ মাজত বিসংগতিৰ সৃষ্টি হয় । হাৰিয়ানাৰ পাছত যেতিয়া মহাৰাষ্ট্ৰত কংগ্ৰেছ পৰাজয়ৰ সন্মুখীন হ’ল, তেতিয়া মিত্ৰজোঁটত কংগ্ৰেছৰ ভূমিকাক লৈ প্ৰশ্ন উত্থাপন কৰিবলৈ ধৰিলে । মিত্ৰতাৰ কমাণ্ড মমতাৰ হাতত অৰ্পণ কৰিবলৈ বংগৰ পৰা দাবী উত্থাপন হয় । লালুৱেও ইয়াক সমৰ্থন কৰিছিল । ইয়াৰ পিছত যেতিয়া দিল্লী বিধানসভা নিৰ্বাচনৰ হুলস্থুল আৰম্ভ হ’ল, তেতিয়া আপে কংগ্ৰেছক মিত্ৰজোঁটৰ পৰা বহিষ্কাৰ কৰাৰ হুংকাৰ দিয়ে । এনে মিত্ৰতাৰ ভৱিষ্যত কি হ’ব ?  ইয়াৰ উত্তৰ এইবাৰ জনসাধাৰণে পাব পাৰে ।

অনুৰাগীৰ বাবে বেয়া খবৰ ; অশ্বিনৰ পিছত এইবাৰ ৰোহিত-বিৰাটেও ল’ব নেকি অৱসৰ?

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত চলি আছে ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী। ২২ নৱেম্বৰৰ আৰম্ভ হোৱা টেষ্ট শৃংখলাৰ ৩খন টেষ্ট বৰ্তমান সমাপ্ত হৈছে।

পাৰ্থ টেষ্ট ছিৰিজত ভাৰত আৰু এডিলেডত অষ্ট্ৰেলিয়াই জয়লাভ কৰাৰ সমান্তৰালভাৱে গাবা টেষ্টত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ টেষ্ট ছিৰিজ ড্ৰ’ হয়।

ব’ৰ্ডাৰ গাভাস্কাৰ ট্ৰফী চলি থকাৰ মাজতেই ভাৰতীয় ক্ৰিকেট প্ৰেমিক হতচকিত কৰি গাবা টেষ্টৰ ফলাফলৰ পিছতেই অশ্বিনে অৱসৰৰ কতা ঘোষণা কৰে।

ক্ৰিকেট বিশেষজ্ঞ, প্ৰাক্তন ক্ৰিকেটাৰকে ধৰি সকলো আচৰিত হৈ পৰে অশ্বিনৰ এই তাৎক্ষণিক সিদ্ধান্তত। কিয়নো বৰ্ডাৰ গাভাস্কাৰ ট্ৰফী চলি মাজতেই এই সিদ্ধান্ত সকলোৰে বাবে আশ্চৰ্যজনক।

কিন্তু ছিৰিজৰ মাজতেই কিয় এই অশ্বিনে এই সিদ্ধান্ত ল’লে, সকলোৰে বাবে এতিয়া ই এটা ডাঙৰ প্ৰশ্ন। কিন্তু অশ্বিনৰ এই খবৰ আৰম্ভণীহে, চৰ্চা অনুসৰি আগন্তুক ২-৩ মাহৰ ভিতৰত বহু ক্ৰিকেটাৰে অৱসৰ ল’ব পাৰে।

অশ্বিনৰ অৱসৰৰ পিছতেই এতিয়া ৰোহিত-কোহলিয়ে ল’ব পাৰে অৱসৰ। বিৰাট কোহলীয়ে ভাৰতৰ নাগৰিকত্ব ত্যাগ কৰাৰ সন্দৰ্ভত চৰ্চা চলি আছে।

এনে ক্ষেত্ৰত যদি বিৰাট কোহলীয়ে এই সিদ্ধান্ত লয় তেন্তে, শীঘ্ৰে বিৰাট কোহলীয়েও আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ল’ব পাৰে। অধিনায়ক ৰোহিত শৰ্মাইও আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰৰ সিদ্ধান্ত লব পাৰে।

ইতিমধ্যে ৰোহিত-বিৰাটে T-20 ফৰ্মেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছে আৰু বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী অথবা বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ পিছত দুয়োজন খেলুৱৈয়ে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ল’ব পাৰে ।

চিৰদিনৰ বাবে ভাৰত এৰিব বিৰাট কোহলিয়ে ! ইংলেণ্ডেই হ’ব স্থায়ী ঠিকনা , পত্নী-সন্তানৰ বাবে ল’লে সিদ্ধান্ত

টীম ইণ্ডিয়াৰ কিংবদন্তি খেলুৱৈ বিৰাট কোহলী বৰ্তমান অষ্ট্ৰেলিয়া ভ্ৰমণত আছে। তেওঁ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে তৃতীয় টেষ্ট মেচত ভাল প্ৰদৰ্শন কৰিব নোৱাৰিলে। এতিয়া, কোহলীৰ সন্দৰ্ভত এটা গুৰুত্বপূৰ্ণ বাতৰি ওলাইছে।

জানিব পৰা মতে ভাৰত এৰি বৃটেইনৰ নাগৰিকত্ব গ্ৰহণৰ দিশে আগবাঢ়িছে টীম ইণ্ডিয়াৰ কিংবদন্তি বিৰাট কোহলী। অতি শীঘ্ৰে পত্নী অনুষ্কা শৰ্মা আৰু দুই সন্তান বামিকা আৰু আকায়ৰ সৈতে ভাৰত এৰি লণ্ডনলৈ যাব ক্ৰিকেটাৰগৰাকী।

এই কথা নিশ্চিক কৰিছে বিৰাট কোহলিৰ শৈশৱৰ প্ৰশিক্ষক ৰাজকুমাৰ শৰ্মাই। ক্ৰিকেটৰ পৰা অৱসৰৰ পিছত লণ্ডনত থকাৰ পৰিকল্পনা বিৰাট কোহলীৰ।

ৰাজকুমাৰ শৰ্মাই এটা সাক্ষাৎকাৰত কয় যে “বিৰাটে তেওঁৰ পৰিয়ালৰ সৈতে সোনকালেই ভাৰত এৰি  লণ্ডনৰ বাসিন্দা হোৱাৰ পৰিকল্পনা কৰিছে।তেওঁ দুয়োটি সন্তানক এক উন্নত জীৱনশৈলী আৰু পৰিৱেশ প্ৰদান কৰিব বিচাৰে, যাৰ বাবে এই সিদ্ধান্ত লৈছে”।

কোহলী আৰু অনুষ্কা লণ্ডনলৈ যোৱাৰ বিষয়ে আলোচনা কিছু সময়ৰ পৰা চলিয়েই আছে। অৱশ্যে, এই সন্দৰ্ভত কোনো আনুষ্ঠানিক তথ্য প্ৰকাশ কৰা হোৱা নাছিল।

কিন্তু প্ৰথমবাৰৰ বাবে, কোনোবাই কোহলীয়ে চিৰদিনৰ বাবে ভাৰত এৰি য়োৱাৰ বিষয়ে মন্তব্য কৰিছে। বিৰাট কোহলীৰ নতুন ঘৰ লণ্ডনত হ’ব। অৱশ্যে, তেওঁ এতিয়ালৈকে এই সন্দৰ্ভত কোনো প্ৰতিক্ৰিয়া দিয়া নাই।