সৌৰজগতৰ আটাইতকৈ আচৰিত আৰু সুন্দৰ গ্ৰহ শনি গ্ৰহটো বিস্ময়কৰ আঙঠিৰ বাবে জনাজাত যদিও আচৰিত খবৰটো হ’ল এই আঙঠি কিছু সময়ৰ বাবে অদৃশ্য হৈ পৰিব । কিন্তু কিয় ? এয়া স্থায়ী পৰিৱৰ্তন নে সাময়িক ?
বিজ্ঞানীসকলৰ মতে, “Ring Plane Crossing” নামৰ এটা জ্যোতিৰ্বিজ্ঞানৰ পৰিঘটনাৰ বাবে ২০২৫ চনৰ ২৩ মাৰ্চত শনিৰ আঙঠি পৃথিৱীৰ পৰা দেখা পোৱাটো বন্ধ হৈ যায়, কিন্তু আতংকিত হোৱাৰ প্ৰয়োজন নাই, এইটো এটা স্বাভাৱিক প্ৰক্ৰিয়া আৰু কিছু সময়ৰ পিছত এই আঙঠি পুনৰ দৃশ্যমান হ’ব । এই জ্যোতিৰ্বিজ্ঞানৰ পৰিঘটনাটো বিতংভাৱে জানক ।
শনিৰ আঙঠি কিয় নোহোৱা হৈ গৈছে ?
আচলতে শনিৰ নিজস্ব অক্ষ ২৬.৭ ডিগ্ৰী হেলনীয়া । শনিয়ে সূৰ্য্যক প্ৰদক্ষিণ কৰাৰ লগে লগে এই হেলনীয়া গুৰুত্বপূৰ্ণ হৈ পৰে । শনি গ্ৰহত এবছৰ পৃথিৱীত ২৯.৪ বছৰৰ সমান । শনি গ্ৰহে নিজৰ কক্ষপথত ঘূৰি থকাৰ লগে লগে ইয়াৰ আঙঠিৰ হেলনীয়াও ক্ৰমান্বয়ে সলনি হয় । এই আঙঠি যেতিয়া পৃথিৱীৰ লগত এটা লাইনত আহে তেতিয়া ইহঁতক অতি পাতল যেন লাগে বা একেবাৰে নোহোৱা হৈ যায় । ঠিক যেনেকৈ অতি পাতল বস্তু এটা কাষৰ পৰা চালে ইয়াক অদৃশ্য যেন লাগে ।
এয়া স্থায়ী পৰিৱৰ্তন নেকি ?
আচলতে এইটো এটা সাময়িক পৰিঘটনা । ২০২৫ চনৰ মাৰ্চ মাহত শনিৰ আঙঠিবোৰ পুনৰ দৃশ্যমান হ’ব যদিও ২০২৫ চনৰ নৱেম্বৰ মাহত পুনৰ অদৃশ্য হৈ পৰিব । ইয়াৰ পিছত ২০৩২ চনলৈকে সম্পূৰ্ণৰূপে স্পষ্টকৈ দেখা যাব । গতিকে এয়া কেৱল জ্যোতিৰ্বিজ্ঞানৰ ঘটনাৰ প্ৰভাৱ আৰু শনিৰ আঙঠিবোৰ সদায় থকাৰ দৰেই থাকিব ।
শনিৰ আঙঠিৰ গঠন-
শনিৰ আঙঠিবোৰ মূলতঃ বৰফ, ধূলি আৰু সৰু সৰু শিলৰ দ্বাৰা গঠিত । ১৭০,০০০ মাইল (২৭৩,৬০০ কিলোমিটাৰ)তকৈও অধিক বিস্তৃত, কিন্তু মাত্ৰ প্ৰায় ৩০ ফুট (১০ মিটাৰ) ডাঠ । এই আঙঠিবোৰ যেতিয়া পৃথিৱীৰ লগত একে শাৰীত থাকে তেতিয়া ইহঁতৰ প্ৰস্থ ইমানেই পাতল হৈ পৰে যে ইহঁতক প্ৰায় অদৃশ্য যেন লাগে ।
শনিৰ আঙঠিবোৰ সম্পূৰ্ণৰূপে নাইকিয়া হ’ব পাৰেনে ?
একাংশ বিজ্ঞানীৰ মতে শনিৰ আঙঠিবোৰ লাহে লাহে নোহোৱা হৈ যাব পাৰে । নাছাৰ এক অধ্যয়ন অনুসৰি “আঙঠি বৰষুণ” নামৰ প্ৰক্ৰিয়াৰ বাবে শনিৰ আঙঠিবোৰ লাহে লাহে নাইকিয়া হৈ আহিছে । এই প্ৰক্ৰিয়া শনিৰ চুম্বকীয় ক্ষেত্ৰৰ ফলত বৰফ আৰু ধূলিৰ কণা গ্ৰহটোৰ পৃষ্ঠত পৰি যায় । এই প্ৰক্ৰিয়া চলি থাকিলে ৩০ কোটি বছৰৰ পিছত শনিৰ আঙঠিবোৰ সম্পূৰ্ণৰূপে নাইকিয়া হৈ যাব পাৰে । অৱশ্যে এইটো অতি লেহেমীয়া প্ৰক্ৰিয়া আৰু বৰ্তমান আমি ইয়াক লৈ চিন্তা কৰাৰ প্ৰয়োজন নাই ।