ঝাৰখণ্ডত আজিৰে পৰা অনুষ্ঠিত হৈছে বিধানসভা নিৰ্বাচন । এই নিৰ্বাচনত ধানবাদ জিলাৰ নিৰছা বিধান সভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে বিজেপি প্ৰাৰ্থী অপৰ্ণা সেন গুপ্তাই । এনে পৰিস্থিতিত ১২ নৱেম্বৰত (মঙলবাৰ) ঝাৰখণ্ডৰ পৰিপ্ৰেক্ষিতত মিথুন চক্ৰৱৰ্তীয়ে ধানবাদ জিলাৰ নিৰছা বিধানসভা সমষ্টিত বিজেপি প্ৰাৰ্থী অপৰ্ণা সেনগুপ্তৰ সমৰ্থনত এখন ৰাজহুৱা সভাত ভাষণ দিবলৈ উপস্থিত হৈছিল । এই সময়ছোৱাতে এক অঘটন সংঘটিত হয় মিথুনৰ লগত ।
পকেট মাৰিলে মিথুনৰ-
এই সময়ছোৱাত ভিৰৰ মাজৰ কোনোবাই মিথুন চক্ৰৱৰ্তীৰ পকেট মাৰে । মিথুন চক্ৰৱৰ্তীক চাবলৈ সেই স্থানত হাজাৰৰো অধিক লোক গোট খাইছিল । এই ভিৰ চম্ভালিবলৈ কোনো ব্যৱস্থা নাছিল, কোনো নিৰাপত্তাৰ ব্যৱস্থাও নাছিল । এই কাৰণেই মানুহৰ ভিৰ মঞ্চ পৰ্যন্ত উপস্থিত হয় ৷
মিথুন চক্ৰৱৰ্তীক লগ পাবলৈ আৰু মোবাইলত তেওঁৰ ফটো তুলিবলৈ ৰাইজৰ মাজত হেঁচা-ঠেলাৰ সৃষ্টি হয় । এই জনসমাগমৰ মাজতে পকেটমাৰে পকেট মাৰিবলৈ ধৰে । আনকি বিজেপি নেতা তথা অভিনেতা মিথুন চক্ৰৱৰ্তীৰো পকেট মাৰে চোৰে । এনে পৰিস্থিতিত মিথুন চক্ৰৱৰ্তীয়ে বিজেপি নেতাসকলক ঘটনাৰ বিষয়ে অৱগত কৰে । তেতিয়া তেওঁলোকে মঞ্চৰ পৰা পকেটমাৰক মিথুনৰ পাৰ্চটো ঘূৰাই দিবলৈ কয় । অৱশ্যে মিথুন চক্ৰৱৰ্তীৰ পাৰ্চ উদ্ধাৰ কৰিব পৰা নগল । ইয়াৰ বাবেই মিথুন চক্ৰৱৰ্তীয়ে আগতীয়াকৈ কাৰ্যসূচী শেষ কৰি গুচি যায় ।
মিথুনৰ নিৰাপত্তা বাঢ়িল-
তদুপৰি অভিনেতা তথা বিজেপি নেতা মিথুন চক্ৰৱৰ্তীৰ নিৰাপত্তা বৃদ্ধি কৰিছে চি আই এছ এফে । শেহতীয়াকৈ মিথুন চক্ৰৱৰ্তীয়ে ছ’চিয়েল মিডিয়াত ভাবুকি লাভ কৰিছিল । ভাবুকিলৈ লক্ষ্য ৰাখি চি আই এছ এফে তেওঁৰ নিৰাপত্তা বৃদ্ধি কৰিছে । বৰ্তমান চি আই এছ এফে মিথুন চক্ৰৱৰ্তীক ৱাই প্লাছ কেটেগৰী নিৰাপত্তা প্ৰদান কৰি আছে ।