‘পশ্চিম বংগত বিজেপি হাৰিলে হিন্দুৰ অস্তিত্ব সংকটত’; মিথুন চক্ৰৱৰ্তীৰ বিস্ফোৰক মন্তব্য

পশ্চিম বংগ নিৰ্বাচনক লৈ বলীউডৰ প্ৰাক্তন ছুপাৰষ্টাৰ মিথুন চক্ৰৱৰ্তীয়ে এক বিস্ফোৰক মন্তব্য দিছে। মালদাৰ হিংসাক লৈ ক্ষোভ প্ৰকাশ কৰি তেওঁ মমতা বেনাৰ্জীৰ বিৰুদ্ধে বিভাজনকাৰী ৰাজনীতিৰ অভিযোগ উত্থাপন কৰে।

পশ্চিম বংগ বিধানসভা নিৰ্বাচন ২০২৬ৰ বিজেপিৰ তাৰকা প্ৰচাৰক মিথুন চক্ৰৱৰ্তীয়ে মমতা বেনাৰ্জী চৰকাৰৰ ওপৰত তীব্ৰ আক্ৰমণ চলাইছে।শেহতীয়াকৈ মালদাত সংঘটিত হিংসাত্মক পৰিস্থিতি আৰু নিৰ্বাচনী উত্তেজনাৰ মাজতে মিথুনে চক্ৰৱৰ্তীয়ে স্পষ্ট কৰি দিলে যে এই নিৰ্বাচন বংগৰ পৰিচয় আৰু নিৰাপত্তা ৰক্ষাৰ চূড়ান্ত যুঁজ।

মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ বিৰুদ্ধে তুষ্টিকৰণ আৰু ঘৃণা বিয়পোৱাৰ অভিযোগ উত্থাপন কৰি তেওঁ উল্লেখ কৰে যে বংগৰ পৰিস্থিতি এতিয়া বিস্ফোৰক হৈ পৰিছে।মিথুন চক্ৰৱৰ্তীয়ে গুৰুতৰ সতৰ্কবাণী জাৰি কৰি কয় যে, ‘ৰাজ্যখনৰ ভিতৰৰ এটা নিৰ্দিষ্ট অঞ্চলক ‘পশ্চিম বাংলাদেশ’লৈ ৰূপান্তৰিত কৰাৰ প্ৰয়াস কৰা হৈছে।কিন্তু যেতিয়ালৈকে জীৱাই থাকো,মই সমস্ত শক্তিৰে ইয়াৰ বিৰোধিতা কৰিম।আমি বংগৰ পৰিচয় শেষ হ’বলৈ নিদিওঁ।’

অভিনেতা গৰাকীয়ে অভিযোগ উত্থাপন কৰে যে, নিৰ্বাচনী লাভৰ স্বাৰ্থত সীমান্তত বেৰ দিয়াৰ বাবে মাটিৰ ব্যৱস্থা কৰা হোৱা নাই,যিটো ৰাষ্ট্ৰীয় নিৰাপত্তাৰ সৈতে প্ৰত্যক্ষ আপোচ।তেওঁ টিএমচি চৰকাৰক দেশৰ নিৰাপত্তাৰ বাবে ডাঙৰ ভাবুকি বুলি অভিহিত কৰে। অভিনেতা গৰাকীয়ে দাবী কৰে যে, এইবাৰ যদি বিজেপি পৰাজয় হয়, তেন্তে বংগত হিন্দুৰ অস্তিত্ব বিপদত পৰিব পাৰে।

লগতে পঢ়ক: ৪০ বছৰীয়া অপেক্ষাৰ অন্ত! সংসদৰ বিশেষ অধিৱেশনত মহিলাৰ অধিকাৰ সন্দৰ্ভত লোৱা হ’ব ঐতিহাসিক সিদ্ধান্ত

‘বংগত ৰাষ্ট্ৰপতিৰ শাসন দিয়ক,সেনাৰ উপস্থিতিত হে অনুষ্ঠিত কৰিব লাগে নিৰ্বাচন…’; বিজেপি নেতা মিথুন চক্ৰৱৰ্তীৰ বিস্ফোৰক মন্তব্য

পশ্চিমবংগৰ মুৰ্ছিদাবাদত হিংসাত্মক পৰিস্থিতিৰ পিছত ৰাজনৈতিক উত্তাল পৰিস্থিতি দেখিবলৈ পোৱা গৈছে ।এই হিংসাত্মক ঘটনা সন্দৰ্ভত বিজেপি নেতা তথা চলচ্চিত্ৰ অভিনেতা মিথুন চক্ৰৱৰ্তীয়ে ডাঙৰ মন্তব্য কৰিছে।

তেওঁ কৈছে যে ,‘মই কেন্দ্ৰীয় গৃহমন্ত্ৰীক আহ্বান জনাইছো বংগত ৰাষ্ট্ৰপতিৰ শাসন দিয়ক।বংগত পৰৱৰ্তী নিৰ্বাচন সেনাৰ উপস্থিতিত অনুষ্ঠিত হ’ব লাগে’।

মিথুন চক্ৰৱৰ্তীয়ে লগতে কয় যে, ‘আমি ৰাজ্যত হিংসা নিবিচাৰো। বংগত এক দুখজনক পৰিস্থিতিৰ সৃষ্টি হৈছে।হিংসাৰ ফলত ক্ষতিগ্ৰস্ত অঞ্চলত হিন্দুসকলে ঘৰ এৰি যাবলৈ বাধ্য হৈছে।বংগত তুষ্টিকৰণৰ ৰাজনীতি চলি আছে । বংগখন হাতৰ পৰা ওলাই গৈছে’।

দৰাচলতে পশ্চিম বংগত ৱাকফ সংশোধনী আইনৰ প্ৰতিবাদত ১১ এপ্ৰিলত ব্যাপক হিংসাত্মক ঘটনা সংঘটিত হৈছিল।

মুছলমান অধ্যুষিত মুৰ্ছিদাবাদ আৰু মালদা জিলাৰ লগতে দক্ষিণ ২৪ পৰগনাৰ ভংগুৰত হিংসাত্মক সংঘৰ্ষৰ পিছত উত্তেজনা বৃদ্ধি পায়।এই হিংসাত্মক ঘটনাত তিনিজন লোক নিহত হয়।২০০ৰো অধিক লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

২০২৬ চনত বংগত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব।ইয়াৰ পূৰ্বে হিংসাই ৰাজনৈতিক পৰিৱেশ উত্তপ্ত কৰি তুলিছে।শাসকীয় তৃণমূল কংগ্ৰেছ আৰু প্ৰধান বিৰোধী দল ভাৰতীয় জনতা পাৰ্টিৰ মাজত ধাৰাবাহিক অভিযোগ আৰু প্ৰত্যুত্তৰ অভিযোগ চলি আছে।