প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লোকসভা আৰু বিধানসভাত মহিলা সংৰক্ষণ সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰে
শনিবাৰে কেৰালাত এখন নিৰ্বাচনী সভাত ভাষণ দি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লোকসভা আৰু বিধানসভাত মহিলা সংৰক্ষণ সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰে । তেওঁ কয় যে বিজেপি চৰকাৰেই লোকসভা আৰু বিধানসভাত মহিলাক ৩৩% সংৰক্ষণ প্ৰদান কৰিছে । আপোনালোকে সকলোৱে জানে যে আমি বাজেট অধিবেশনৰ সময়সীমা বৃদ্ধি কৰিছো আৰু ১৬, ১৭, আৰু ১৮ এপ্ৰিলত সংসদত তিনিদিনৰ বাবে পুনৰ বৈঠক হ’ব ।
প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে যে এই বিশেষ অধিবেশনৰ উদ্দেশ্য হৈছে মহিলা সংৰক্ষণ আইন সন্দৰ্ভত প্ৰয়োজনীয় পদ্ধতিসমূহ সম্পূৰ্ণ কৰা, যাতে ইয়াৰ সুফল সময়মতে লাভ কৰিব পৰা যায় । তেওঁ উল্লেখ কৰে যে গৃহীত আইনখন ৩৩% মহিলাৰ বাবে । তেওঁ কয় যে ২০২৯ চনৰ লোকসভা নিৰ্বাচনৰ ভিতৰত ইয়াৰ সুবিধাসমূহ যাতে আৰম্ভ কৰিব পৰা যায় তাৰ বাবে প্ৰচেষ্টা চলোৱা হ’ব । ৩৩% মহিলা যাতে সংসদত বহিব পাৰে তাৰ বাবে এখন আইনৰ প্ৰয়োজন । সংসদে সৰ্বসন্মতিক্ৰমে মহিলা সংৰক্ষণ বিধেয়ক গৃহীত কৰাৰ দৰেই ১৬, ১৭ আৰু ১৮ এপ্ৰিলত গৃহীত হ’ব ।
প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে কেৰেলা, তামিলনাডু আৰু দক্ষিণৰ অন্যান্য ৰাজ্যসমূহৰ লগত কোনো অন্যায় কৰা নহ’ব । জনসংখ্যা নিয়ন্ত্ৰণত ভাল কাম কৰা ৰাজ্যসমূহৰ লোকসভাৰ আসন হ্ৰাস পাব বুলি একাংশ লোকে মিছা প্ৰচাৰ কৰিছে বুলিও তেওঁ কয় । চৰকাৰে সংসদত আইন প্ৰণয়নৰ জৰিয়তে নিশ্চিত কৰিব বিচাৰিছে যে কেৰেলা, তামিলনাডু, কৰ্ণাটক, অন্ধ্ৰপ্ৰদেশ, গোৱা, তেলেংগানাকে ধৰি কোনো ৰাজ্যই লোকসভাৰ আসন হ্ৰাস নকৰে । ইয়াৰ বাবে আমি আইন সংশোধনৰ বাবে অধিৱেশন আহ্বান কৰিছো ।
প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে কংগ্ৰেছ নেতাসকলকো অধিৱেশনলৈ আমন্ত্ৰণ জনোৱা হৈছে । আমি আশা কৰোঁ তেওঁলোকে আমাৰ দাবী শুনিব । আপোনালোকেও ৰাইজক, কংগ্ৰেছৰ সদস্য, এলডিএফৰ সদস্যক ক’ব লাগে যে মহিলাৰ অধিকাৰৰ আইন এখন সৰ্বসন্মতিক্ৰমে গৃহীত হ’ব লাগে ।
প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এই সংশোধনী সৰ্বসন্মতিক্ৰমে গৃহীত কৰাটো অতি প্ৰয়োজনীয় যাতে ২০২৯ চনৰ নিৰ্বাচনত আমাৰ মাতৃ-ভগ্নীসকলে ইয়াৰ পৰা লাভৱান হ’বলৈ আৰম্ভ কৰিব পাৰে । এই কামক মহিলাৰ কল্যাণৰ বাবে চিন্তাৰ বিষয় হিচাপে বিবেচনা কৰিবলৈ সকলো পক্ষকে আহ্বান জনালোঁ । গতিকে, কোনো ৰাজনৈতিক হিচাপ নকৰাকৈ, মুকলি মনেৰে আপোনালোকৰ পূৰ্ণ সমৰ্থন আগবঢ়াই আমাৰ মাতৃ-ভগ্নীসকলৰ আস্থা লাভৰ অংশীদাৰ হওক ।
লগতে পঢ়ক : তিৰুৱনন্তপুৰমত বিজেপিৰ শক্তি প্ৰদৰ্শন, বিশাল ৰোড শ্ব’ৰে প্ৰধানমন্ত্ৰী মোদীৰ চমক









