মালদ্বীপৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ইব্ৰাহিম মহম্মদ ছলিহে শনিবাৰে বৰ্তমানৰ ৰাষ্ট্ৰপতি মহম্মদ মুইজ্জুক সমালোচনা কৰি কয় যে যোৱা বছৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ সময়ত তেওঁৰ দলে ভাৰতক ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি ভাবুকি বুলি অভিহিত কৰিছিল কিন্তু এতিয়া তেওঁ ভাৰতৰ সৈতে বুজাবুজিৰে আগবাঢ়িছে । উল্লেখ্য যে, মুইজ্জু যোৱা সপ্তাহত পাঁচদিনীয়া ভাৰত ভ্ৰমণ সামৰি দেশলৈ উভতি গৈছে । এই সময়ছোৱাত তেওঁ বিত্তীয় সমৰ্থন আৰু সংকটৰ সময়ত সমৰ্থনৰ বাবে ভাৰতক উচ্চ প্ৰশংসা কৰে ।
চীনৰ মুকলি সমৰ্থক হিচাপে বিবেচিত মুইজ্জুৱে নৱেম্বৰত ক্ষমতা দখল কৰিছিল আৰু ভাৰতৰ বিৰুদ্ধে কেইবাটাও বিতৰ্কিত মন্তব্য দিছিল । শপত গ্ৰহণ কৰাৰ কেইঘণ্টামান পিছত, তেওঁ ভাৰতক মালদ্বীপত নিযুক্ত সামৰিক কৰ্মীসকলক প্ৰত্যাহাৰ কৰিবলৈ কৈছিল । মুইজ্জুৱে মালদ্বীপত চলি থকা ভাৰত প্ৰকল্পৰো বিৰোধিতা কৰিছিল ।
কি ক’লে মালদ্বীপৰ প্ৰাক্তন ৰাষ্ট্ৰপতিয়ে ?
মুইজ্জুক সমালোচনা কৰি তেওঁ কয়,”মুইজ্জুৱে এতিয়া মালদ্বীপ-ভাৰতৰ বহুতো পদক্ষেপক সমৰ্থন জনাইছে যিবোৰ তেওঁৰ দল পি এন চিয়ে পূৰ্বে বিৰোধিতা কৰিছিল । ইয়াৰ ভিতৰত আছে উথুৰু থিলা ফালহু (ইউ টি এফ) সামৰিক ঘাটিত বন্দৰ আৰু ডকয়াৰ্ড উন্নয়নৰ পৰিকল্পনা, হানিমধু বিমানবন্দৰৰ সম্প্ৰসাৰণ আৰু দক্ষিণ মালদ্বীপৰ আদ্দু চহৰত ভাৰতীয় কনচুলেট মুকলি কৰাল পৰিকল্পনা ইত্যাদি ।”
ছলিহে কয়, ‘আমাৰ চুবুৰীয়া দেশখনৰ বিষয়ে তেওঁ কি কোৱা নাছিল ? অপমানজনক কথা কোৱা নাছিল নেকি ? ইয়াৰ ফলত আমাৰ দেশ আৰু জনসাধাৰণৰ অসীম ক্ষতি হৈছিল ।‘ ছলিহে কয় যে পি এন চিয়ে আদ্দুত ভাৰতীয় কনছুলেট নিৰ্মাণৰ বিৰুদ্ধেও আপত্তি উত্থাপন কৰি ভাৰতীয় বিদেশী চোৰাংচোৱা সংস্থা ৰিচাৰ্চ এণ্ড এনালাইছিছ উইংৰ চোৰাংচোৱা কেন্দ্ৰ বুলি অভিহিত কৰিছিল । কিন্তু এতিয়া তেওঁ নিজেই নিজৰ বক্তব্য প্ৰত্যাহাৰ কৰিছে ।
উল্লেখ্য যে, মুইজ্জু ক্ষমতালৈ অহাৰ পিছত, ভাৰত আৰু মালদ্বীপৰ মাজৰ সম্পৰ্ক তিক্ত হৈ পৰে । মুইজ্জুৱে ভাৰতৰ বিষয়ে কেইবাটাও বিতৰ্কিত মন্তব্য দিছিল । একে সময়তে, তেওঁৰ মন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ভাৰতীয় লোকসকলৰ বিষয়ে অপমানজনক কথাও কৈছিল । ইয়াৰ পিছত, মালদ্বীপৰ বিষয়ে ছ’চিয়েল মিডিয়াত অসন্তুষ্টি প্ৰকাশ পাইচিল । ভাৰতীয়সকলে মালদ্বীপ বৰ্জনৰ দাবী কৰিছিল । একে সময়তে, মালদ্বীপৰ বিৰোধী দলবোৰেও মুইজ্জু চৰকাৰক সমালোচনা কৰিছিল ।