এইবাৰ পাকিস্তানত সন্ত্ৰাসবাদীয়ে ৰে’ল অপহৰণৰ দাবী কৰিছে । বেলুচ লিবাৰেচন আৰ্মীয়ে বোলানৰ জাফৰ এক্সপ্ৰেছ অপহৰণ কৰি ৪৫০ জন লোকক পণবন্দী কৰা বুলি দাবী কৰিছে ।
বি এল এই (বেলুচ লিবাৰেচন আৰ্মী)এ সকীয়াই দিছে যে যদি তেওঁলোকৰ বিৰুদ্ধে কোনো সামৰিক ব্যৱস্থা গ্ৰহণ কৰা হয় তেন্তে তেওঁলোকে সকলো যাত্ৰীক হত্যা কৰিব । এই পৰ্যন্ত মুঠ ৬ জন পাকিস্তানী জোৱান নিহত হৈছে । পাকিস্তানী সংবাদ মাধ্যমৰ মতে ৰে’লখনত ৪৫০ জন যাত্ৰী আছিল ।
ৰে’লত সেনা আৰু আই এছ আইৰ লোক-
পণবন্দীসকলৰ ভিতৰত আছে পাকিস্তান সেনা, আৰক্ষী, সন্ত্ৰাসবাদ বিৰোধী বাহিনী (এ টি এফ) আৰু আন্তঃসেৱা চোৰাংচোৱা (আই এছ আই)ৰ সক্ৰিয় কৰ্তব্যৰত জোৱান । আটাইকেইজনেই ছুটীত পঞ্জাৱলৈ গৈ আছিল । বি এল এই সকীয়াই দিছে যে যদি ৰে’লত উপস্থিত থকা জোৱানসকলে কোনো ব্যৱস্থা ল’বলৈ চেষ্টা কৰে তেন্তে সকলো পণবন্দীক হত্যা কৰা হ’ব ।
মহিলা আৰু শিশুক মুকলি কৰি দিয়া হয়-
এই অভিযানৰ সময়ত বি এল এৰ সন্ত্ৰাসবাদীয়ে মহিলা, শিশু আৰু বেলুচ ভ্ৰমণকাৰীক মুকলি কৰি দিয়ে । তথ্য অনুসৰি বি এল এৰ ফিডাইন ইউনিট মজিদ ব্ৰিগেডে এই অভিযানৰ নেতৃত্ব দিছে য’ত ফাতেহ স্কোয়াড, এছ টি অ’ এছ আৰু চোৰাংচোৱা শাখা জিৰাব অন্তৰ্ভুক্ত ।
নতুন আক্ৰমণৰ কথা ঘোষণা কৰিছিল বেলুচ গোটসমূহে-
কিছুদিন পূৰ্বে বেলুচ গোটে পাকিস্তান আৰু চীনৰ বিৰুদ্ধে নতুন আক্ৰমণৰ কথা ঘোষণা কৰিছিল । শেহতীয়াকৈ বেলুচ প্ৰতিৰোধী গোটে সিন্ধী বিচ্ছিন্নতাবাদী গোটৰ সৈতে যুদ্ধ অনুশীলন সম্পূৰ্ণ কৰাৰ লগতে বেলুচ ৰাজী আজাওই সংগৰ বা ব্ৰাছৰ যৌথ বিবৃতি জাৰি কৰি নিৰ্ণায়ক যুদ্ধ কৌশল ঘোষণা কৰিছিল ।
একত্ৰিত বিদ্ৰোহী গোটসমূহ-
BRASৰ আগমনৰ ফলত পাকিস্তানত চীনে চলাই থকা বহু CPEC প্ৰকল্পৰ প্ৰতি বৃহৎ ভাবুকি কঢ়িয়াই আনিছে । সহযোগী সংগঠন – বেলুচ লিবাৰেশ্যন আৰ্মি, বেলুচিস্তান লিবাৰেশ্যন ফ্ৰণ্ট, বেলুচ ৰিপাব্লিকান গাৰ্ড আৰু সিন্ধী লিবাৰেচন অৰ্গেনাইজেশ্যন সিন্ধুদেশ বিপ্লৱী সেনাবাহিনীৰ উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলে অংশগ্ৰহণ কৰা বেলুচ ৰাজী আজোই সংগৰৰ যুটীয়া বৈঠকৰ অন্তত এক বিবৃতি প্ৰকাশ কৰে ।
বিবৃতিটোত উল্লেখ কৰা হৈছে যে বেলুচ জাতীয় আন্দোলনক নিৰ্ণায়ক পৰ্যায়লৈ লৈ যোৱাৰ বাবে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । এই বৈঠকত সহমতত উপনীত হয় যে BRASএ অতি সোনকালে বেলুচ ৰাষ্ট্ৰীয় সেনাৰ ৰূপ ল’ব ।