প্ৰলয়ংকাৰী বান: কেইবাখনো দূৰণিবটীয়া ৰে’ল বাতিল

উজনি অসমত হোৱা প্ৰলয়ংকাৰী বানৰ ফলত উত্তৰ-পূব সীমান্ত ৰে’লৱেই (NFR) কেইবাখনো যাত্ৰীবাহী আৰু দূৰণিবটীয়া ৰে’ল বাতিল কৰিছে।

শিৱসাগৰ জিলাৰ শিমলুগুৰিত সৃষ্টি হোৱা ভয়াৱহ বানপানীৰ ফলত ৰে’ল সেৱাত ব্যাঘাত জন্মাত উত্তৰ-পূব সীমান্ত ৰে’লৱেই (NFR) কেইবাখনো যাত্ৰীবাহী ৰে’ল বাতিল, পথ পৰিৱৰ্তন আৰু হ্ৰাস কৰিছে।

২৩ জুলাইত প্ৰকাশ কৰা এক চৰকাৰী বিজ্ঞপ্তিমতে, উজনিত ধাৰাবাহিকভাৱে হৈ থকা বৰষুণৰ বাবে দিখৌ নদীৰ পানী উপচি পৰে। ইয়াৰ ফলত তিনিচুকীয়া সংমণ্ডলৰ অন্তৰ্গত শিমলুগুৰি আৰু ইয়াৰ আশে-পাশে থকা ৰে’লপথ, ষ্টেচন চৌহদ তথা নিম্নাঞ্চলসমূহ পানীৰে প্লাবিত হৈছে। ৰে’লপথৰ ওপৰেৰে পানী বৈ যোৱাৰ বাবে পৰৱৰ্তী নিৰ্দেশ নিদিয়ালৈকে শিমলুগুৰি–নামতি আলি আৰু শিমলুগুৰি–চেলেংহাট অংশত ৰে’ল চলাচল স্থগিত ৰাখিবলৈ বাধ্য হৈছে। NFR-এ জনোৱা মতে, ৰে’ল সেৱা অতি সোনকালে স্বাভাৱিক কৰি তুলিবলৈ অভিযন্তা দল আৰু জ্যেষ্ঠ ৰে’ল বিষয়াসকলে ২৪ ঘণ্টাই পৰিস্থিতি নিৰীক্ষণ কৰি পুনৰুদ্ধাৰৰ কাম চলাই আছে।

এই ব্যাহত পৰিস্থিতিৰ বাবে ডিব্ৰুগড় আৰু তিনিচুকীয়াৰ পৰা যাত্ৰা আৰম্ভ কৰা বা ডিব্ৰুগড় অভিমুখী কেইবাখনো দুৰণিবটীয়া ৰে’ল ৰঙিয়া–ৰাঙাপাৰা , উত্তৰ লখিমপুৰ–ডিব্ৰুগড় পথেৰে পৰিৱৰ্তন (divert) কৰা হৈছে। ইয়াৰ ভিতৰত ২২ জুলাইৰ পৰা ২৭ জুলাইৰ ভিতৰত চলাচল কৰিবলগীয়া ডিব্ৰুগড়–নতুন দিল্লী ৰাজধানী এক্সপ্ৰেছ, নিউ তিনিচুকীয়া–এছ.এম.ভি.টি. বেংগালুৰু বিবেক এক্সপ্ৰেছ, অৱধ অসম এক্সপ্ৰেছ, কামৰূপ এক্সপ্ৰেছ, লোকমান্য তিলক টাৰ্মিনাছ এক্সপ্ৰেছ, কন্যাকুমাৰী বিবেক এক্সপ্ৰেছ আৰু ৰাজেন্দ্ৰ নগৰ এক্সপ্ৰেছ আদি উল্লেখযোগ্য।

ঠিক একেদৰে, ডিব্ৰুগড় অভিমুখী আন কেইবাখনো ৰে’ল—যেনে হাওৰা–ডিব্ৰুগড় কামৰূপ এক্সপ্ৰেছ, লোকমান্য তিলক–ডিব্ৰুগড় এক্সপ্ৰেছ, কন্যাকুমাৰী–ডিব্ৰুগড় বিবেক এক্সপ্ৰেছ, নতুন দিল্লী–ডিব্ৰুগড় ৰাজধানী এক্সপ্ৰেছ আৰু অৱধ অসম এক্সপ্ৰেছ বিকল্প পথেৰে চলাচল কৰিবলৈ দিয়া হৈছে।

আনহাতে, ২৩ জুলাইৰ পৰা ২৭ জুলাইলৈ মৰিয়নীত নাগালেণ্ড এক্সপ্ৰেছৰ শ্বৰ্ট টাৰ্মিনেট আৰু শ্বৰ্ট অৰিজিনেট কৰা হৈছে।ফলস্বৰূপে এই সময়ছোৱাত মৰিয়নী আৰু ডিব্ৰুগড়ৰ মাজত সেৱা বাতিল হৈ থাকিব।

NFR-এ যাত্ৰাৰ পূৰ্বে যাত্ৰীসকলক ৰে’লৰ শেহতীয়া অৱস্থা পৰীক্ষা কৰিবলৈ পৰামৰ্শ দিছে আৰু পৰিস্থিতি উন্নত হোৱাৰ লগে লগে স্বাভাৱিক সেৱা পুনৰ আৰম্ভ কৰিবলৈ যুদ্ধকালীন ক্ষিপ্ৰতাৰে পুনৰুদ্ধাৰৰ কাম চলাই থকা বুলি জনায়।

লগতে পঢ়ক: এজাক বৰষুণ; পুনৰ কৃত্ৰিম বানৰ কবলত মহানগৰী

নাভূত-নাশ্ৰুত ঘটনা…এইবাৰ পাকিস্তানত হাইজেক হ’ল ৰে’ল

এইবাৰ পাকিস্তানত সন্ত্ৰাসবাদীয়ে ৰে’ল অপহৰণৰ দাবী কৰিছে । বেলুচ লিবাৰেচন আৰ্মীয়ে বোলানৰ জাফৰ এক্সপ্ৰেছ অপহৰণ কৰি ৪৫০ জন লোকক পণবন্দী কৰা বুলি দাবী কৰিছে ।

বি এল এই (বেলুচ লিবাৰেচন আৰ্মী)এ সকীয়াই দিছে যে যদি তেওঁলোকৰ বিৰুদ্ধে কোনো সামৰিক ব্যৱস্থা গ্ৰহণ কৰা হয় তেন্তে তেওঁলোকে সকলো যাত্ৰীক হত্যা কৰিব । এই পৰ্যন্ত মুঠ ৬ জন পাকিস্তানী জোৱান নিহত হৈছে । পাকিস্তানী সংবাদ মাধ্যমৰ মতে ৰে’লখনত ৪৫০ জন যাত্ৰী আছিল ।

ৰে’লত সেনা আৰু আই এছ আইৰ লোক-

পণবন্দীসকলৰ ভিতৰত আছে পাকিস্তান সেনা, আৰক্ষী, সন্ত্ৰাসবাদ বিৰোধী বাহিনী (এ টি এফ) আৰু আন্তঃসেৱা চোৰাংচোৱা (আই এছ আই)ৰ সক্ৰিয় কৰ্তব্যৰত জোৱান । আটাইকেইজনেই ছুটীত পঞ্জাৱলৈ গৈ আছিল । বি এল এই সকীয়াই দিছে যে যদি ৰে’লত উপস্থিত থকা জোৱানসকলে কোনো ব্যৱস্থা ল’বলৈ চেষ্টা কৰে তেন্তে সকলো পণবন্দীক হত্যা কৰা হ’ব ।

মহিলা আৰু শিশুক মুকলি কৰি দিয়া হয়-

এই অভিযানৰ সময়ত বি এল এৰ সন্ত্ৰাসবাদীয়ে মহিলা, শিশু আৰু বেলুচ ভ্ৰমণকাৰীক মুকলি কৰি দিয়ে । তথ্য অনুসৰি বি এল এৰ ফিডাইন ইউনিট মজিদ ব্ৰিগেডে এই অভিযানৰ নেতৃত্ব দিছে য’ত ফাতেহ স্কোয়াড, এছ টি অ’ এছ আৰু চোৰাংচোৱা শাখা জিৰাব অন্তৰ্ভুক্ত ।

নতুন আক্ৰমণৰ কথা ঘোষণা কৰিছিল বেলুচ গোটসমূহে-

কিছুদিন পূৰ্বে বেলুচ গোটে পাকিস্তান আৰু চীনৰ বিৰুদ্ধে নতুন আক্ৰমণৰ কথা ঘোষণা কৰিছিল । শেহতীয়াকৈ বেলুচ প্ৰতিৰোধী গোটে সিন্ধী বিচ্ছিন্নতাবাদী গোটৰ সৈতে যুদ্ধ অনুশীলন সম্পূৰ্ণ কৰাৰ লগতে বেলুচ ৰাজী আজাওই সংগৰ বা ব্ৰাছৰ যৌথ বিবৃতি জাৰি কৰি নিৰ্ণায়ক যুদ্ধ কৌশল ঘোষণা কৰিছিল ।

একত্ৰিত বিদ্ৰোহী গোটসমূহ-

BRASৰ আগমনৰ ফলত পাকিস্তানত চীনে চলাই থকা বহু CPEC প্ৰকল্পৰ প্ৰতি বৃহৎ ভাবুকি কঢ়িয়াই আনিছে । সহযোগী সংগঠন – বেলুচ লিবাৰেশ্যন আৰ্মি, বেলুচিস্তান লিবাৰেশ্যন ফ্ৰণ্ট, বেলুচ ৰিপাব্লিকান গাৰ্ড আৰু সিন্ধী লিবাৰেচন অৰ্গেনাইজেশ্যন সিন্ধুদেশ বিপ্লৱী সেনাবাহিনীৰ উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলে অংশগ্ৰহণ কৰা বেলুচ ৰাজী আজোই সংগৰৰ যুটীয়া বৈঠকৰ অন্তত এক বিবৃতি প্ৰকাশ কৰে ।

বিবৃতিটোত উল্লেখ কৰা হৈছে যে বেলুচ জাতীয় আন্দোলনক নিৰ্ণায়ক পৰ্যায়লৈ লৈ যোৱাৰ বাবে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । এই বৈঠকত সহমতত উপনীত হয় যে BRASএ অতি সোনকালে বেলুচ ৰাষ্ট্ৰীয় সেনাৰ ৰূপ ল’ব ।