নক্সালবাদীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে । ইয়াৰ মাজতে দেওবাৰে বিজাপুৰত ৫০টা নক্সালবাদীয়ে আত্মসমৰ্পণ কৰি হিংসাৰ পথ এৰি দিয়া বুলি বাতৰি প্ৰকাশ পাইছে । এই তথ্য কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে প্ৰদান কৰিছে । কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ৫০ জন নক্সালবাদীয়ে আত্মসমৰ্পণৰ সিদ্ধান্তক আদৰণি জনাই কয় যে এই সকলোকে পুনৰ সংস্থাপন কৰি মূলসুঁতিৰ সৈতে একত্ৰিত কৰা হ’ব । লগতে চৰকাৰৰ এই দায়বদ্ধতাক পুনৰ উল্লেখ কৰি ২০২৬ চনৰ ৩১ মাৰ্চৰ পিছত দেশত নক্সালবাদ ইতিহাসত পৰিণত হ’ব বুলিও কয় ।
৫০ জন নক্সালবাদীৰ আত্মসমৰ্পণৰ তথ্য দি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে টুইটাৰযোগে লিখিছে, ‘বিজাপুৰ (ছত্তীশগড়)ত ৫০ জন নক্সালবাদীয়ে হিংসাৰ পথ ত্যাগ কৰি আত্মসমৰ্পণ কৰাটো অতি আনন্দৰ বিষয় । যিসকলে হিংসা আৰু অস্ত্ৰ-শস্ত্ৰ ত্যাগ কৰি উন্নয়নৰ মূলসুঁতিত যোগদান কৰিছে তেওঁলোকক মই আদৰণি জনাইছো । প্ৰধানমন্ত্ৰী মোদীৰ নীতি স্পষ্ট যে যি কোনো নক্সালবাদীয়ে অস্ত্ৰ ত্যাগ কৰি উন্নয়নৰ পথ গ্ৰহণ কৰিব তেওঁক পুনৰ সংস্থাপন কৰি মূলসুঁতিৰ সৈতে সংযুক্ত কৰা হ’ব ।‘
बहुत हर्ष का विषय है कि बीजापुर (छत्तीसगढ़) में 50 नक्सलियों ने हिंसा का रास्ता छोड़कर आत्मसमर्पण किया। हिंसा और हथियार छोड़कर विकास की मुख्यधारा में शामिल होने वालों का मैं स्वागत करता हूँ। मोदी जी की नीति स्पष्ट है कि जो भी नक्सली हथियार छोड़कर विकास का मार्ग अपनाएँगे, उनका…
— Amit Shah (@AmitShah) March 30, 2025
দেশত ইতিহাসত পৰিণত হ’ব নক্সালবাদ-
গৃহমন্ত্ৰীগৰাকীয়ে আন নক্সালবাদীসকলক হিংসাৰ পথ ত্যাগ কৰিবলৈ আহ্বান জনাই আৰু লগতে কয় যে, ‘মই আকৌ এবাৰ বাকীসকলক অস্ত্ৰ ত্যাগ কৰি মূলসুঁতিত যোগদান কৰিবলৈ আহ্বান জনাইছো । ২০২৬ চনৰ ৩১ মাৰ্চৰ পিছত নক্সালবাদ দেশত কেৱল ইতিহাস হৈ পৰিব বুলি আমাৰ সংকল্প ।‘
চি আৰ পি এফৰ সন্মুখত আত্মসমৰ্পণ-
ছত্তীশগড়ৰ বিজাপুৰ জিলাত দেওবাৰে আত্মসমৰ্পণ কৰে পঞ্চাশজন নক্সালবাদীয়ে । ইয়াৰে ১৪জনৰ ওপৰত মুঠ ৬৮ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰা আছিল । ৰাজ্যৰ আৰক্ষী আৰু কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী (চি আৰ পি এফ)ৰ উচ্চপদস্থ বিষয়াৰ সন্মুখত তেওঁলোকে নিজৰ অস্ত্ৰ-শস্ত্ৰ আত্মসমৰ্পণ কৰা বুলি কয় ।
‘৬ নক্সালবাদীৰ ওপৰত ৮ লাখ টকাকৈ পুৰস্কাৰ আছিল’-
যাদৱে কয়, ‘আত্মসমৰ্পণ কৰা ৫০ জন লোকৰ ভিতৰত ছজনৰ মূৰত ৮ লাখ টকাকৈ পুৰস্কাৰ আছিল, আনহাতে তিনিজনৰ মূৰত ৫ লাখ টকাকৈ পুৰস্কাৰ আছিল । পাঁচজনৰ ওপৰত ১লাখকৈ পুৰস্কাৰ ঘোষণা কৰা আছিল । চি আৰ পি এফ আৰু ইয়াৰ বিশেষ ইউনিট কোব্ৰা (কমাণ্ডো বেটেলিয়ন ফৰ ৰিজ’লিউট একচন)য়ে তেওঁলোৰ আত্মসমৰ্পণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে ।