চেন্নাইকে ধৰি তামিলনাডুত হোৱা ধাৰাসাৰ বৰষুণে দৈনন্দিন জীৱন ব্যাহত কৰিছে । কলনীৰ পৰা পথলৈকে, এক আঁঠু পৰ্যন্ত পানী । বৰষুণৰ বাবে পথ, ৰে’ল আৰু বিমান যাতায়ত গুৰুতৰভাৱে প্ৰভাৱিত হৈছে । এই পৰিস্থিতিৰ বাবে কেইবাখনো ৰে’ল আৰু বিমান বাতিল কৰিব লগা হৈছে । আনহাতে বতৰ বিজ্ঞান বিভাগে অহা দুদিনৰ বাবে ৰাজ্যখনত ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী জাৰি কৰিছে, আৰু ই অক্টোবৰৰ ১৭ তাৰিখে পুৱা চেন্নাই উপকূলৰ ওপৰেৰে পাৰ হোৱাৰ সম্ভাৱনা আছে ।
ইফালে চেন্নাই চহৰকে ধৰি ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত বাছ সেৱা ব্যাহত হৈছে । দক্ষিণ ৰে’লৱেই চেন্নাই চেণ্ট্ৰেল-মাইচুৰু কাবেৰী এক্সপ্ৰেছকে ধৰি চাৰিখন এক্সপ্ৰেছ ৰে’ল বাতিল কৰাৰ কথা ঘোষণা কৰিছে আৰু আন কেইবাখনো ৰে’লৰ পৰিৱৰ্তনৰ কথা ঘোষণা কৰিছে । কেইবাখনো ঘৰুৱা বিমান বাতিল কৰিব লগা হৈছে, কিয়নো পথবোৰ বানত প্লাবিত হৈছে আৰু পৰ্যাপ্ত সংখ্যক যাত্ৰী বিমানবন্দৰত উপস্থিত হ’ব পৰা নাই ।
আই এম ডিৰ সতৰ্কবাণীৰ পিছত, ৰাজ্য চৰকাৰে অত্যাৱশ্যকীয় সেৱাৰ বাহিৰে চেন্নাই, থিৰুভাল্লুৰ, কাঞ্চিপুৰম আৰু চেংগালপট্টু জিলাৰ সকলো বিদ্যালয়, মহাবিদ্যালয় আৰু চৰকাৰী কাৰ্যালয় ১৬ অক্টোবৰত বন্ধ ঘোষণা কৰিছে । বিভিন্ন জিলাৰ জ্যেষ্ঠ আই এ এছ বিষয়াসকলৰ তত্বাৱধানত সাহায্য কেন্দ্ৰ স্থাপন কৰা হৈছে ।
বাংগালুৰুতো ধাৰাসাৰ বৰষুণ-
কৰ্ণাটকৰ ৰাজধানী বাংগালুৰুকে ধৰি ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত স্বাভাৱিক জীৱনযাত্ৰা বাধাগ্ৰস্ত হৈছে । বহু অঞ্চলত পানী জমা হোৱাৰ ফলত যাতায়ত ব্যৱস্থা ব্যাহত হৈ পৰিছে । পুডুচেৰীতো ১৬ অক্টোবৰত বিদ্যালয়-মহাবিদ্যালয় বন্ধ ঘোষণা কৰা হৈছে ।
বেংগালুৰুত বিদ্যালয়-মহাবিদ্যালয় বন্ধ থাকিব-
কৰ্ণাটক চৰকাৰে বেংগালুৰুত ধাৰাসাৰ বৰষুণৰ পূৰ্বাভাসৰ বাবে বিদ্যালয় বন্ধ কৰাৰ কথা ঘোষণা কৰিছে । বেংগালুৰু নগৰ জিলা উপায়ুক্ত জগদীশে মহানগৰীৰ সকলোতে অংগনবাড়ী কেন্দ্ৰ, চৰকাৰী আৰু ব্যক্তিগত বিদ্যালয় বন্ধৰ নিৰ্দেশ দিছে । যিহেতু বাল্মিকী জয়ন্তী উপলক্ষে চৰকাৰী বন্ধ আছে, গতিকে ১৭ অক্টোবৰতো ৰাজ্যখনৰ বিদ্যালয়সমূহ বন্ধ থাকিব ।