দেৱালী উপলক্ষে চৰকাৰৰ বিশেষ পদক্ষেপ। ২৪ ঘন্টাই সাধাৰণ জনতাৰ বাবে উপলব্ধ থাকিব বিজুলী। ২৮ অক্টোবৰৰ পৰা ১৫ নৱেম্বৰলৈ বিদ্যুৎ কৰ্তন নকৰাৰ বাবে নিৰ্দেশ বিভাগীয় কৰ্তৃপক্ষক। সংমণ্ডল আয়ুক্ত, জিলা দণ্ডাধীশ আৰু আৰক্ষীৰ শীৰ্ষ বিষয়াসকলৰ উপস্থিতিত বৈঠকত মুখ্যমন্ত্ৰীয়ে এই নিৰ্দেশ জাৰি কৰে।

উত্তৰ প্ৰদেশ চৰকাৰে এই ব্যৱস্থা গ্ৰহণ কৰিছে। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে উৎসৱৰ সময়ত ২৪ ঘন্টাই বিদ্যুত উপলব্ধ কৰাৰ বাবে এই নিৰ্দেশনা জাৰি কৰে। উৎসৱৰ সময়ত পৰিৱেশ বিনষ্ট কৰাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’বলৈও নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে।