মানুহে মহাকাশত কেনে ধৰণৰ পৰিৱেশত, কেনেকৈ বাস কৰিব ? এই সন্দৰ্ভত লাডাখৰ লেহত দেশৰ প্ৰথম এনালগ মহাকাশ অভিযান আৰম্ভ হৈছে । কেইবাটাও প্ৰতিষ্ঠানে একেলগে এই অভিযান সন্দৰ্ভত যৌথভাৱে কৰি আছে । ইয়াৰে প্ৰথমটো হৈছে ইছৰো অথবা ভাৰতীয় মহাকাশ সংস্থা । ইয়াৰ পিছতে গগনযান প্ৰকল্প চলাই থকা হিউমেন স্পেচ ফ্লাইট চেণ্টাৰ এই কামত জৰিত হৈ আছে । এই প্ৰকল্পটোত AAKA স্পেচ ষ্টুডিঅ’, লাডাখ বিশ্ববিদ্যালয়, আই আই টি বোম্বাই আৰু লাডাখ স্বায়ত্তশাসিত উন্নয়ন পৰিষদো জড়িত হৈ আছে ।
এই অভিযানৰ মূল উদ্দেশ্য হৈছে ভাৰতীয় মহাকাশচাৰীসকলে অন্য গ্ৰহত কেনেদৰে জীৱন যাপন কৰিব, তাত কলনী কেনেকৈ নিৰ্মাণ কৰা হ’ব ? কেনেকৈ জীয়াই থাকিব ? তাত কি কি প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব ? পৃথিৱীৰ পৰা আঁতৰত আন গ্ৰহত মানুহক ভিত্তি কৰি লোৱাটো কেনেকুৱা হ’ব আদিৰ বিষয়ে জনাটো ।
এই অভিযানত কোন জড়িত আছেঃ ইছৰোৰ উপৰিও চৰকাৰী সংস্থা, বিশ্ববিদ্যালয় আৰু গৱেষণাগাৰ আদিৰ বিজ্ঞানীসকলে এই অভিযানত অংশগ্ৰহণ কৰিব । প্ৰতিকূল বতৰত কেনেকৈ জীয়াই থাকিব পাৰি তাৰ ওপৰত নতুন গৱেষণা হ’ব ।
পৰীক্ষাসমূহ কেনেকৈ কৰা হ’বঃ নতুন প্ৰযুক্তি, ৰবটিক যন্ত্ৰ, ৰবটিক বাহন, বাসস্থান, যোগাযোগ, শক্তি উৎপাদন, গতিশীলতা, আন্তঃগাঁথনি আৰু সংৰক্ষণৰ পৰীক্ষা কৰা হ’ব ।
মানুহৰ আচৰণৰ পৰিৱৰ্তনঃ এই এনালগ মিছনত প্ৰতিকূল পৰিস্থিতিত, বিপদজনক বতৰত আন গ্ৰহত মানুহৰ আচৰণ কেনেদৰে পৰিৱৰ্তিত হয় তাৰ বিষয়েও গৱেষণা কৰা হ’ব । ইয়াত মানুহক অকলশৰীয়াকৈ ৰখা হ’ব, দলতো ৰখা হ’ব লগতে একেধৰণৰ খাদ্য সামগ্ৰী দিয়া হ’ব ।
আগৰ অভিযানসমূহঃ ইয়াৰ আগতে, আন দেশবোৰে পৃথিৱীৰ বায়ুমণ্ডলৰ বাহিৰলৈ যাবলৈ, চন্দ্ৰত অৱতৰণ কৰিবলৈ আৰু পৃথিৱীৰ চাৰিওফালে কক্ষপথত ঘূৰিবলৈ এনালগ অভিযান ব্যৱহাৰ কৰিছিল ।
কেনে ধৰণৰ ক্ষতিৰ সম্ভাৱনা আছেঃ এনালগ মহাকাশ অভিযান বিপদজনক । কাৰণ এইটো এটা অজ্ঞাত স্থানত কৰা হয় । মানুহবোৰ ইয়াত চিন্তিত, বিৰক্ত হয় । এনে পৰিস্থিতিত, মহাকাশত কেনে ধৰণৰ ক্ষতি হ’ব, ইয়াক অধ্যয়ন কৰা হয় । যাতে মহাকাশচাৰীসকলক সুৰক্ষিত ৰাখিব পাৰি । যেনে বিকিৰণ, একাকীত্ব, পৃথিৱীৰ পৰা দূৰত্ব, মাধ্যাকৰ্ষণ ইত্যাদি ।