প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ সৌৰভ গাংগুলীৰ সন্দৰ্ভত এটা ডাঙৰ খবৰ পোহৰলৈ আহিছে।পশ্চিম বংগৰ দুৰ্গাপুৰ এক্সপ্ৰেছৱেত সৌৰভ গাংগুলীৰ গাড়ীখন দুৰ্ঘটনাগ্ৰস্থ হৈছে।
জানিব পৰা মতে সৌৰভ গাংগুলীয়ে বৃহস্পতিবাৰে এটা অনুষ্ঠানত অংশ ল’বলৈ বৰ্ধমানলৈ গৈ আছিল। সেই সময়ত দন্তনিপুৰত বৰষুণ দি আছিল। ইফালে, সৌৰভৰ ৰেঞ্জ ৰভাৰ স্বাভাৱিক গতিত আগবাঢ়ি গৈ আছিল।
হঠাতে এখন ট্ৰাক আহি প্ৰাক্তন ক্ৰিকেটাৰ গৰাকীৰ কনভয়ৰ সৈতে মুখামুখি সংঘৰ্ষ হয়। ফলত কনভয়ৰ বাহনখনে নিয়ন্ত্ৰণ হেৰুৱায়।
অৱশ্যে, সৌৰভ গাংগুলীৰ গাড়ীৰ চালকজনে পৰিস্থিতিটো তৎক্ষণাৎ নিয়ন্ত্ৰণ কৰিবলৈ দ্ৰুততাৰে ব্ৰেক মাৰে। ফলস্বৰূপে, পিছফালৰ কনভয়ত থকা বাহনসমূহে ইখনৰ পিছত সিখনে খুন্দা মাৰে।
সৌৰভ গাংগুলী থকা বাহনখনটো পিছফালৰ পৰা এখন থকা গাড়ীখনে তেওঁৰ ৰেঞ্জ ৰভাৰখনত খুন্দা মাৰে। অৱশ্যে, বাহনখনৰ তীব্ৰ গতিত নথকাৰ বাবে কোনো লোক হতাহত হোৱা নাই।