আই চি চি ‘হল অব ফে’ম’ত সৌৰভ গাংগুলী

এই মৰ্যাদাপূৰ্ণ সন্মান লাভ কৰা সৌৰভ গাংগুলী হৈছে ভাৰতৰ দ্বাদশগৰাকী ক্ৰিকেটাৰ

ভাৰতীয় ক্ৰিকেটৰ অন্যতম সফল আৰু প্ৰভাৱশালী অধিনায়ক সৌৰভ গাংগুলীলৈ এক ডাঙৰ সন্মান । আন্তৰ্জাতিক ক্ৰিকেট পৰিষদে (ICC) সোমবাৰে আনুষ্ঠানিকভাৱে ঘোষণা কৰে যে ভাৰতৰ এই প্ৰাক্তন তাৰকা ক্ৰিকেটাৰগৰাকীক আই চি চি ‘হল অব ফে’ম’ (ICC Hall of Fame) ৰ শেহতীয়া তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে । এই মৰ্যাদাপূৰ্ণ সন্মান লাভ কৰা সৌৰভ গাংগুলী হৈছে ভাৰতৰ দ্বাদশগৰাকী ক্ৰিকেটাৰ । ক্ৰিকেট জগতৰ অন্যতম সৰ্বোচ্চ ব্যক্তিগত সন্মান লাভ কৰি গাংগুলীয়ে পুনৰ এবাৰ বিশ্ব ক্ৰিকেটত ভাৰতৰ নাম উজলাই তুলিছে ।

ভাৰতীয় ক্ৰিকেটক এক নতুন দিশ দিয়াৰ পুৰস্কাৰ

আই চি চিয়ে এক বিবৃতিত প্ৰকাশ কৰা অনুসৰি, এজন বেটছমেন আৰু এগৰাকী শ্ৰেষ্ঠ অধিনায়ক হিচাপে ক্ৰিকেটলৈ আগবঢ়োৱা অভূতপূৰ্ব অৱদানৰ বাবেই ৫৪ বছৰীয়া গাংগুলীক এই সৰ্বোচ্চ সন্মানেৰে বিভূষিত কৰা হৈছে । ভাৰতীয় ক্ৰিকেটৰ ইতিহাসত সৌৰভ গাংগুলীৰ নাম এক সুকীয়া স্থানত আছে । ২০০০ চনৰ আৰম্ভণিতে যেতিয়া ভাৰতীয় ক্ৰিকেট দলটো এক কঠিন সময়ৰ মাজেৰে পাৰ হৈছিল, তেতিয়া গাংগুলীয়ে দলৰ নেতৃত্ব কান্ধত তুলি লৈছিল । তেওঁ কেৱল দলটোক চম্ভালিয়েই ক্ষান্ত থকা নাছিল, বৰঞ্চ এক নিৰ্ভীক আৰু আক্ৰমণাত্মক নতুন ভাৰতীয় দল গঢ়ি তুলিছিল, যিয়ে দেশৰ লগতে বিদেশৰ মাটিত গৈও বিপক্ষক ধূলিসাৎ কৰিবলৈ শিকিছিল ।

এক দশক ধৰি বিশ্ব ক্ৰিকটেত আধিপত্য

সৌৰভ গাংগুলীৰ নেতৃত্বত ভাৰতে প্ৰায় এটা দশক ধৰি সমগ্ৰ বিশ্ব ক্ৰিকেটতে নিজৰ আধিপত্য বিস্তাৰ কৰিছিল । তেওঁৰ অধিনায়কত্বতে ভাৰতে ২০০২ চনত শ্ৰীলংকাৰ সৈতে যুটীয়াভাৱে আই চি চি চেম্পিয়নছ ট্ৰফীৰ খিতাপ অৰ্জন কৰিছিল । ইয়াৰ পিছত ২০০৩ চনৰ এদিনীয়া বিশ্বকাপত তেওঁ দলটোক ফাইনেললৈ লৈ গৈছিল, য’ত ভাৰতে ৰানাৰ্ছ-আপৰ খিতাপ লাভ কৰে । কেৱল ফলাফলৰ বাবেই নহয়, দলৰ খেলুৱৈসকলৰ মাজত ‘আমিও জিকিব পাৰো’ বুলি যি আত্মবিশ্বাস আৰু যুঁজি থকাৰ মানসিকতা গাংগুলীয়ে গঢ়ি তুলিছিল, তাৰ বাবেই তেওঁক ভাৰতৰ সৰ্বকালৰ শ্ৰেষ্ঠ অধিনায়কসকলৰ ভিতৰত অন্যতম বুলি গণ্য কৰা হয় ।

অফ-চাইডৰ ৰজা আৰু এদিনীয়া ক্ৰিকেটৰ কিংবদন্তি

বেটিং ক্ৰিজত সৌৰভ গাংগুলীৰ এলিগেঞ্চ বা আকৰ্ষণীয় শ্বট খেলা শৈলী আছিল চকুত লগা । বিশেষকৈ অফ-চাইডত তেওঁ খেলা কভাৰ ড্ৰাইভ আৰু স্কুৱেৰ কাটসমূহ আছিল অনন্য । সেইবাবেই তেওঁক ক্ৰিকেট জগতত ‘অফ-চাইডৰ ভগৱান’ বুলিও অভিহিত কৰা হৈছিল । এদিনীয়া ক্ৰিকেটৰ ফৰ্মেটত গাংগুলীৰ ৰেকৰ্ড আজিও অতি ঈৰ্ষণীয় । এদিনীয়া ক্ৰিকেটত ১১,০০০ তকৈও অধিক ৰান সংগ্ৰহ কৰি তেওঁ আজিও ভাৰতৰ সৰ্বাধিক ৰান সংগ্ৰহকাৰী বেটছমেনসকলৰ ভিতৰত অন্যতম হৈ আছে ।

যুৱ প্ৰতিভাক সুযোগ আৰু ভৱিষ্যতৰ মেচ-উইনাৰ সৃষ্টি

সৌৰভ গাংগুলীৰ আটাইতকৈ ডাঙৰ সফলতা আছিল তেওঁৰ দূৰদৰ্শিতা । তেওঁ সদায় যুৱ প্ৰতিভাক চিনি পাইছিল আৰু তেওঁলোকক সম্পূৰ্ণ সমৰ্থন দিছিল । আজিৰ তাৰিখত ভাৰতীয় ক্ৰিকেটৰ যিসকল খেলুৱৈক কিংবদন্তি বুলি কোৱা হয়, যেনে— এম এছ ধোনী, যুৱৰাজ সিং, হৰভজন সিং, বীৰেন্দ্ৰ সেহৱাগ আৰু জহীৰ খান- এই আটাইকেইগৰাকী খেলুৱৈক গাংগুলীয়েই প্ৰথমতে আন্তৰ্জাতিক ক্ৰিকেটত নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰাৰ মুকলি সুযোগ দিছিল । এই খেলুৱৈসকলেই পৰৱৰ্তী সময়ত ভাৰতক ২০১১ চনৰ বিশ্বকাপ জয় কৰাত আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ।

অৱসৰৰ পিছতো ক্ৰিকেটৰ সৈতে সম্পৰ্ক

ক্ৰিকট খেলুৱৈ হিচাপে অৱসৰ গ্ৰহণ কৰাৰ পিছতো সৌৰভ গাংগুলী ক্ৰিকেটৰ পৰা আঁতৰি থকা নাছিল । তেওঁ ক্ৰিকেট প্ৰশাসনত প্ৰৱেশ কৰে আৰু পৰৱৰ্তী সময়ত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড অৰ্থাৎ বি চি চি আই (BCCI) ৰ সভাপতি হিচাপে সফলতাৰে কাৰ্যনিৰ্বাহ কৰে । তেওঁৰ কাৰ্যকালত ভাৰতীয় ক্ৰিকেটৰ ঘৰুৱা আন্তঃগাঁথনি আৰু খেলুৱৈসকলৰ কল্যাণৰ বাবে কেইবাটাও ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰা হৈছিল ।

কিংবদন্তিসকলৰ এলিট ক্লাবত অন্তৰ্ভুক্ত ‘দাদা’

আই চি চিৰ এই ‘হল অব ফে’ম’ সন্মান লাভ কৰাৰ পিছত সৌৰভ গাংগুলীয়ে এতিয়া ক্ৰিকেটৰ এনে এটা এলিট ক্লাবত স্থান পালে, য’ত পূৰ্বৰে পৰা ভাৰতৰ কেইবাগৰাকীও মহান খেলুৱৈ উপস্থিত আছে । গাংগুলীয়ে এতিয়া বিনু মানকাড, কপিল দেৱ, সুনীল গাভাস্কাৰ, বিষেণ সিং বেদী, অনিল কুম্বলে, ৰাহুল দ্ৰাবিড়, শচীন টেণ্ডুলকাৰ, বীৰেন্দ্ৰ ছেহৱাগ, এম এছ ধোনীৰ দৰে মহান ক্ৰিকেটাৰসকলৰ সৈতে এই তালিকাত নাম অন্তৰ্ভুক্ত কৰি নিজৰ কেৰিয়াৰত আৰু এক সোণালী অধ্যায় সংযোগ কৰিলে ।

লগতে পঢ়ক : ক্ৰিকেট ইতিহাসৰ লজ্জাজনক পৰাজয়! ইংলেণ্ডৰ বিৰুদ্ধে ১২৫ ৰানত ধৰাশায়ী টীম ইণ্ডিয়া

” আৰু অলপমান সংগ্ৰাম কৰা হ’লে…”সৌৰভ গাংগুলীয়ে ক’লে লৰ্ডছ টেষ্টত পৰাজয়ৰ কাৰণ

সৌৰভ গাংগুলীয়ে ক’লে লৰ্ডছ টেষ্টত পৰাজয়ৰ কাৰণ

লৰ্ডছত অনুষ্ঠিত তৃতীয়খন টেষ্ট মেচত ভাৰতৰ পৰাজয়ক লৈ ভাৰতৰ প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলীয়ে হতাশা প্ৰকাশ কৰি মঙলবাৰে কয় যে, অসাধাৰণ প্ৰতিভা থকাৰ পিছতো এই দলটোৱে বেয়া ফলাফলৰ সন্মুখীন হ’বলগীয়া হৈছিল।

সৌৰভ গাংগুলীয়ে বিশ্বাস কৰে যে শীৰ্ষ বেটছমেনৰ উন্নত প্ৰদৰ্শনে ইংলেণ্ডৰ বিৰুদ্ধে পাঁচখন মেচৰ শৃংখলাত ভাৰতক আগবাঢ়ি গ’লহেঁতেন।

তৃতীয়খন টেষ্টত জয়লাভ কৰিবলৈ ১৯৩ ৰানৰ পিছত দৌৰিও ভাৰত লক্ষ্যৰ পৰা ২২ ৰানৰ পৰা দূৰত থাকিল।এই পৰাজয়ৰ লগে লগে পাঁচখন মেচৰ শৃংখলাত দলটো ১-২ ত পিছ পৰি ৰ’ল ভাৰত৷শীৰ্ষ বেটছমেনৰ দুৰ্বল প্ৰদৰ্শনৰ পিছত ৰবীন্দ্ৰ জাডেজাৰ (৬১ নট আউট) নেতৃত্বত নিম্ন অৰ্ডাৰৰ বেটছমেনে দেখুওৱা যুঁজখন প্ৰশংসনীয় আছিল।

গাংগুলীয়ে ইণ্ডিয়ান ৰেচিং লীগ আৰু এফ ৪ ইণ্ডিয়া চেম্পিয়নশ্বিপ ইভেণ্ট অনুষ্ঠানৰ আঁৰত ভাষণ দি কয়, “এই ছিৰিজত ভাৰতে যিদৰে বেটিং কৰিছিল, তাত অলপ হতাশা হৈছিল, তেওঁলোকে ১৯০ ৰান সংগ্ৰহ কৰিব লাগিছিল”।

তেওঁ কয়, “যেতিয়া আপুনি জাদেজাক এনেদৰে সংগ্ৰাম কৰা দেখিব, তেতিয়া মই ভাবো এই দলৰ প্ৰতিভাক লৈ মোতকৈ খেলুৱৈসকল অধিক হতাশ হ’ব।।ইংলেণ্ডৰ বিৰুদ্ধে শৃংখলাত ২-১ ত অগ্ৰগতি লাভ কৰাৰ সুযোগ আছিল”।

“মই নিশ্চিত যে, তেওঁলোক ১৯০ নোপোৱাত হতাশ হৈছে, বিশেষকৈ তেওঁলোকৰ ড্ৰেছিং ৰুমত বেটিঙৰ মানদণ্ড বিবেচনা কৰিলে।”

গাংগুলীয়ে কয় যে যদি টপ অৰ্ডাৰৰ বেটছমেনসকলে অলপ ভাল খেলিলেহেঁতেন, তেন্তে ফলাফল বেলেগ হ’লহেঁতেন।

যশস্বী জয়ছৱালে নিজৰ খাটা খুলিব নোৱাৰিলে, আনহাতে শুভমান গিল (ছয়) আৰু ঋষভ পন্ত (৯)লক্ষ্যত উপনীত হ’বলৈ ব্যৰ্থ হয়। ইনিংছ মুকলি কৰি কে এল ৰাহুলে ৩৯ ৰান সংগ্ৰহ কৰে।

কিন্তু শেষত ৰবীন্দ্ৰ জাডেজা (৬১ নট আউট) অকলশৰীয়া হৈ পৰিল।গাংগুলীয়ে কয় যে শীৰ্ষ অৰ্ডাৰে যদি অলপ যুঁজিলেহেঁতেন তেন্তে এই মেচখন ভাৰতৰ হাতত থাকিলহেঁতেন।

লগতে পঢ়ক: ১১৪ বছৰীয়া মাৰাথন দৌৰবিদ ফৌজা সিঙৰ দুৰ্ঘটনাত মৃত্যু…

অধিনায়কৰ বিতৰ্ক অন্ত, আৰম্ভ হৈছে মুখ্য প্ৰশিক্ষকৰ যুদ্ধ; সৌৰভ গাংগুলীৰ কান্ধলৈ যাব নেকি টিম ইণ্ডিয়াৰ ভাৰ

সৌৰভ গাংগুলীৰ কান্ধলৈ যাব নেকি টিম ইণ্ডিয়াৰ ভাৰ

যোৱা মাহত ৰোহিত শৰ্মা আৰু বিৰাট কোহলিয়ে অৱসৰ লোৱাৰ পিছত ভাৰতীয় ক্ৰিকেট জগতত টিম ইণ্ডিয়াৰ নতুন অধিনায়কক লৈ যথেষ্ট চৰ্চা চলিছিল।

শ্বুভমান গীলক অধিনায়কত্ব দিয়াৰ পিছত সমস্যাৰ অন্ত পৰিছে। কিন্তু এতিয়া টিম ইণ্ডিয়াৰ ভৱিষ্যত মুখ্য প্ৰশিক্ষকৰ বিষয়টোৱে গতি লাভ কৰিছে, য’ত প্ৰবীণ সৌৰভ গাংগুলীৰ বক্তব্যই আলোড়নৰ সৃষ্টি কৰিছে।

ভাৰতীয় প্রাক্তন অধিনায়ক সৌৰভ গাংগুলীয়ে ২২ জুনত টিম ইণ্ডিয়াৰ প্রশিক্ষক হোৱাৰ সম্ভাৱনাক লৈ এক চাঞ্চল্যকৰ প্রকাশ কৰিছিল৷

BCCI ৰ সভাপতি আছিল গাংগুলী

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলীয়ে নিজৰ প্ৰশিক্ষকৰ বিষয়ে মুকলিকৈ কয়।গাংগুলীয়ে বিচিচিআইৰ সভাপতিও হৈ আহিছে।

যোৱা বছৰ ৰাহুল দ্ৰাবিড়ৰ পিছতে গৌতম গম্ভীৰক টিম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক হিচাপে নিৰ্বাচিত কৰা হৈছিল। যেতিয়া গাংগুলীক সোধা হ’ল যে তেওঁ নিজকে টিম ইণ্ডিয়াৰ ভৱিষ্যত মুখ্য প্ৰশিক্ষক হিচাপে দেখে নেকি, তেতিয়া তেওঁ নিজৰ বয়সৰ কথা মনত ৰাখি উত্তৰ দিলে।

কি কৈছিল সৌৰভ গাংগুলীয়ে

এটা সাক্ষাৎকাৰৰ সময়ত গাংগুলীয়ে কয়, ‘মই এই বিষয়ে কেতিয়াও একো ভবা নাই, কিয়নো মই বিভিন্ন ভূমিকাত ব্যস্ত হৈ পৰিছিলো।

পঢ়া-শুনা শেষ কৰি মই সভাপতি (CAB), তাৰ পিছত ব’ৰ্ডৰ সভাপতি (BCCI) হ’লোঁ৷ মই কেতিয়াও সময় নাপালোঁ। কিন্তু ভৱিষ্যতে কি হ’ব চাওঁ আহক।

যেতিয়া তেওঁক সোধা হৈছিল যে যদি তেওঁ টিম ইণ্ডিয়াৰ প্ৰশিক্ষক হ’লহেঁতেন তেন্তে তেওঁ আৰু অধিক অৱদান আগবঢ়াব পাৰিলেহেঁতেন, তাৰ উত্তৰত গাংগুলীয়ে কৈছে যে, মোৰ বয়স এতিয়া ৫০ বছৰ আৰু তাৰ বাবে মই সাজু।

দেখা যাওক এইটো কিমান দূৰলৈকে যায়।ইয়াৰ বাবে মই সাজু। অৱশ্যে তেওঁ স্পষ্টকৈ কয় যে তেওঁৰ ৰাজনীতিত যোগদানৰ কোনো উদ্দেশ্য নাই’।

২০২৬ চনত পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ পূৰ্বে কোনো ৰাজনৈতিক দলত যোগদান কৰিব নেকি বুলি সোধাত, তেওঁ হাঁহি হাঁহি কয় যে, এই বিষয়ে মোৰ কোনো আগ্ৰহ নাই।

যদি তেওঁক মুখ্যমন্ত্ৰী হোৱাৰ প্ৰস্তাৱ দিয়া হয় তেন্তে কি হ’ব? তেওঁ পুনৰ কয় যে মই এই বিষয়ে আগ্ৰহী নহয়।

প্ৰশিক্ষক গম্ভীৰক প্ৰশংসা গাংগুলীৰ

গাংগুলীয়ে বৰ্তমানৰ প্ৰশিক্ষক গৌতম গম্ভীৰক যথেষ্ট প্ৰশংসা কৰে। তেওঁ কয় যে ডুবাইত চেম্পিয়নছ ট্ৰফী জয় কৰাৰ পিছত তেওঁ প্ৰশিক্ষক হিচাপে ভাল প্ৰদৰ্শন আগবঢ়াইছে।

গাংগুলীয়ে ক’লে যে গৌতমে ভাল কৰি আছে। আৰম্ভণী কিছু লেহেমীয়া আছিল।অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডৰ হাতত পৰাস্ত হৈছিল যদিও পিছত চেম্পিয়নছ ট্ৰফীত পুনৰ ফৰ্মলৈ আহে।এইখন (ইংলেণ্ড ছিৰিজ) ডাঙৰ ছিৰিজ হ’ব।  

লগতে পঢ়ক: ৩ উইকেটত ২০৯ ৰান সংগ্ৰহ ইংলেণ্ডৰ; ভাৰতৰ ২৬২ ৰানৰ অগ্ৰগতি

সকলো সম্পৰ্ক ভংগ কৰিব লাগে… পহলগাম আক্ৰমণক লৈ সৌৰভ গাংগুলীৰ প্ৰতিক্ৰিয়া

পহলগাম সন্ত্ৰাসবাদী আক্ৰমণক লৈ সমগ্ৰ দেশতে ক্ষোভৰ সৃষ্টি হৈছে । এই ভয়ংকৰ আক্ৰমণক সকলোৱে গৰিহণা দিছে । ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলীয়েও এই সন্ত্ৰাসবাদী আক্ৰমণৰ গৰিহণা দি এই ক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে । ইয়াৰ সমান্তৰালকৈ তেওঁ সংবাদ মাধ্যমৰ আগত ভাৰত আৰু পাকিস্তানৰ মাজত ক্ৰিকেট মেচৰ সন্দৰ্ভতো এক ডাঙৰ মন্তব্য কৰে ।

পাকিস্তানৰ সৈতে মেচ খেলাৰ বিষয়ে ক’লে এই কথা-

ভাৰত-পাকিস্তানৰ মেচ সন্দৰ্ভত ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক তথা বি চি চি আইৰ প্ৰাক্তন অধ্যক্ষ সৌৰভ গাংগুলীক প্ৰশ্ন কৰাত তেওঁ উত্তৰ দিয়ে যে ভাৰতে পাকিস্তানৰ সৈতে ক্ৰিকেটৰ সকলো সম্পৰ্ক ভংগ কৰিব লাগে । ইয়াৰ লগতে ভাৰতে কোনো আই চি চি বা এছিয়ান টুৰ্ণামেণ্টত পাকিস্তানৰ সৈতে খেলা উচিত নহয় ।

সৌৰভ গাংগুলীয়ে আৰু কয় যে প্ৰতি বছৰে ভাৰতত কোনোবা নহয় কোনোবা সন্ত্ৰাসবাদী ঘটনা সংঘটিত হয় আৰু ইয়াক একেবাৰে সহ্য কৰিব নোৱাৰি । গাংগুলীয়ে কয় যে ভাৰতে পাকিস্তান ক্ৰিকেটৰ সৈতে সকলো সম্পৰ্ক ১০০ শতাংশ ভাঙিব লাগে । এইসকল লোকে প্ৰতি বছৰে এনে ঘটনা সংঘটিত হোৱাটো ধেমালি কৰি তুলিছে ।

ভাৰত-পাকিস্তানৰ মেচৰ কথা কোৱাৰ পাছত সৌৰভ গাংগুলীয়ে এই আক্ৰমণক তীব্ৰ গৰিহণা দি কঠোৰ ব্যৱস্থা গ্ৰহণৰ কথা কয় । ইয়াৰ লগতে বি চি চি আইৰ প্ৰাক্তন অধ্যক্ষগৰাকীয়ে কয় যে সন্ত্ৰাসবাদ একেবাৰে সহ্য কৰিব নোৱাৰি । এই আক্ৰমণ ২২ এপ্ৰিলত কাশ্মীৰৰ পহলগামত সংঘটিত হৈছিল, য’ত ২৬ জন নিৰীহ লোকে প্ৰাণ হেৰুৱাইছিল । এই আক্ৰমণৰ পিছত চৰকাৰো একচন মোডলৈ আহিছে আৰু কেন্দ্ৰীয় চৰকাৰে পাকিস্তান সন্দৰ্ভত বহু ডাঙৰ ডাঙৰ সিদ্ধান্ত লৈছে ।

দুৰ্ঘটনাত পতিত প্ৰাক্তন ক্ৰিকেটাৰ সৌৰভ গাংগুলী; তীব্ৰবেগী ট্ৰাকে মহতিয়াই নিলে বাহন

প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ সৌৰভ গাংগুলীৰ সন্দৰ্ভত এটা ডাঙৰ খবৰ পোহৰলৈ আহিছে।পশ্চিম বংগৰ দুৰ্গাপুৰ এক্সপ্ৰেছৱেত সৌৰভ গাংগুলীৰ গাড়ীখন দুৰ্ঘটনাগ্ৰস্থ হৈছে।

জানিব পৰা মতে সৌৰভ গাংগুলীয়ে বৃহস্পতিবাৰে এটা অনুষ্ঠানত অংশ ল’বলৈ বৰ্ধমানলৈ গৈ আছিল। সেই সময়ত দন্তনিপুৰত বৰষুণ দি আছিল। ইফালে, সৌৰভৰ ৰেঞ্জ ৰভাৰ স্বাভাৱিক গতিত আগবাঢ়ি গৈ আছিল।

হঠাতে এখন ট্ৰাক আহি প্ৰাক্তন ক্ৰিকেটাৰ গৰাকীৰ কনভয়ৰ সৈতে মুখামুখি সংঘৰ্ষ হয়। ফলত কনভয়ৰ বাহনখনে নিয়ন্ত্ৰণ হেৰুৱায়।

অৱশ্যে, সৌৰভ গাংগুলীৰ গাড়ীৰ চালকজনে পৰিস্থিতিটো তৎক্ষণাৎ নিয়ন্ত্ৰণ কৰিবলৈ দ্ৰুততাৰে ব্ৰেক মাৰে। ফলস্বৰূপে, পিছফালৰ কনভয়ত থকা বাহনসমূহে ইখনৰ পিছত সিখনে খুন্দা মাৰে।

সৌৰভ গাংগুলী থকা বাহনখনটো পিছফালৰ পৰা এখন থকা গাড়ীখনে তেওঁৰ ৰেঞ্জ ৰভাৰখনত খুন্দা মাৰে।  অৱশ্যে, বাহনখনৰ তীব্ৰ গতিত নথকাৰ বাবে কোনো লোক হতাহত হোৱা নাই।

মাত্ৰ ১৫ বছৰ বয়সতে এজন যুৱকে ৰচিলে নতুন ইতিহাস ; ভংগ কৰিলে সৌৰভ গাংগুলীৰ অভিলেখ

মাত্ৰ ১৫ বছৰ বয়সতে এজন ছাত্ৰই ভংগ কৰিলে সৌৰভ গাংগুলীৰ অভিলেখ । গাংগুলীৰ অভিলেখ ভংগ কৰি ৰঞ্জী ট্ৰফীত ৰচিলে নতুন ইতিহাস।

দশম শ্ৰেণীৰ অংকিত চেটাৰ্জীয়ে ভংগ কৰিলে পূৰ্বৰ সকলো ৰেকৰ্ড। ৰঞ্জী ট্ৰফীত অংকিত চেটাৰ্জীয়ে ৰচিলে নতুন ইতিহাস। বংগৰ হৈ অংকিত চেটাৰ্জীয়ে ৰচিলে এই ইতিহাস।

ৰঞ্জী ট্ৰফীত আটাইতকৈ কম বয়সীয়া ক্ৰিকেটাৰ হিচাপে নতুন ইতিহাস ৰচিলে অংকিতে। বেংগলৰ মূল ১১ত অভিমন্যু ইশ্বৰনৰ অনুপস্থিতিত অংকিতক স্থান দিয়া হৈছিল।

তাৰ পিছতেই কিংবদন্তি ক্ৰিকেটাৰ সৌৰভ গাংগুলীৰ অভিলেখ ভংগ কৰে অংকিতে। ১৯৮৯-৯০ চনৰ ৰঞ্জি ট্ৰফীৰ ফাইনেলৰ সময়ত মাত্ৰ ১৭ বছৰ বয়সত প্ৰথম শ্ৰেণীৰ অভিষেক ঘটোৱা কিংবদন্তি ক্ৰিকেটাৰ সৌৰভ গাংগুলীৰ অভিলেখ ভংগ কৰে অংকিতে।

এই খেলখনৰ বিষয়ে ক’বলৈ গ’লে, বেংগলৰ দলে টছত জয়ী হোৱাৰ পিছত প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়, যিটো তেওঁলোকৰ বলাৰসকলে সম্পূৰ্ণ শুদ্ধ প্ৰমাণিত কৰে আৰু হাৰিয়ানা দলৰ প্ৰথম ইনিংছটো ১৫৭ ৰাণত সামৰণি পৰে।

অংকিত এজন বাওঁহাতৰ বেটছমেন আৰু লগতে এজন সোঁ-হাতৰ অফ-স্পিন বলাৰ।২৩ জানুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া দ্বিতীয় ৰাউণ্ডৰ খেলখনত এলিট গ্ৰুপ-চিৰ বেংগল দলে ঘৰুৱা খেলত হাৰিয়ানা দলৰ বিৰুদ্ধে খেলি আছে।

অংকিত চেটাৰ্জীৰ বিষয়ে ক’বলৈ গ’লে, এতিয়া তেওঁ বেংগল দলৰ পৰা প্ৰথম শ্ৰেণীৰ ক্ৰিকেট খেলা আটাইতকৈ কম বয়সীয়া খেলুৱৈ হৈ পৰিছে।