আজি চৌদি আৰৱ ভ্ৰমণলৈ ৰাওনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । চৌদি আৰৱৰ ক্ৰাউন প্ৰিন্স মহম্মদ বিন ছলমানৰ আমন্ত্ৰণত এই ভ্ৰমণ কাৰ্যসূচী হাতত লৈছে প্ৰধানমন্ত্ৰীয়ে । ২২ আৰু ২৩ এপ্ৰিলত জেদ্দা চহৰত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী মোদী । ভাৰতৰ ৰাষ্ট্ৰদূত ছুহেইল এজাজ খানে চৌদি আৰৱ ভ্ৰমণৰ বিষয়ে তথ্য প্ৰদান কৰে । তেওঁ কয় যে প্ৰধানমন্ত্ৰী জেদ্দালৈ আহি আছে । যুগ যুগ ধৰি জেদ্দা উমৰা আৰু হজৰ বাবে অহা যাত্ৰীৰ বন্দৰ হৈ আহিছে । তেওঁ কয় যে প্ৰধানমন্ত্ৰী মোদী আৰু ক্ৰাউন প্ৰিন্স দুয়োগৰাকী নেতাই ইয়াত কৌশলগত অংশীদাৰিত্ব পৰিষদৰ বৈঠকৰ অধ্যক্ষতা কৰিব । এই ভ্ৰমণৰ সময়ত বৃহৎ সংখ্যক বুজাবুজি চুক্তি স্বাক্ষৰ আৰু বিনিময় হ’ব ।
ইয়াৰ পূৰ্বে শেহতীয়াকৈ বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণ সন্দৰ্ভত তথ্য প্ৰদান কৰে । তেওঁ কয় যে এই ভ্ৰমণ ভাৰত আৰু চৌদি আৰৱৰ সম্পৰ্কৰ বাবে অতি গুৰুত্বপূৰ্ণ । ইছলামিক বিশ্বৰ এটা ডাঙৰ কণ্ঠস্বৰ হিচাপে চৌদি আৰব এতিয়া আঞ্চলিক বিষয়তো ডাঙৰ ভূমিকা পালন কৰি আছে বুলি তেওঁ কয় । লগতে তেওঁ কয় যে প্ৰধানমন্ত্ৰী মোদী আৰু ক্ৰাউন প্ৰিন্স মহম্মদ বিন ছলমানৰ মাজত ভাল সম্পৰ্ক আছে । তেওঁলোকৰ পাৰস্পৰিক বুজাবুজি আৰু উচ্চ পৰ্যায়ৰ কৌশলগত চিন্তাধাৰাই দুয়োখন দেশৰ মাজৰ সম্পৰ্ক আৰু অধিক শক্তিশালী কৰি তুলিছে ।
প্ৰধানমন্ত্ৰী মোদীৰ এই ভ্ৰমণ ছৌদি আৰৱৰ জেদ্দা চহৰত হ’ব । এই সময়ছোৱাত প্ৰধানমন্ত্ৰীয়ে ক্ৰাউন প্ৰিন্সক সাক্ষাৎ কৰিব । লগতে আনুষ্ঠানিক আদৰণি অনুষ্ঠান আৰু দ্বিপাক্ষিক আলোচনা অনুষ্ঠিত হ’ব । এই ভ্ৰমণৰ সময়ত দুয়োগৰাকী নেতাই ‘ভাৰত-চৌদি কৌশলগত অংশীদাৰিত্ব পৰিষদ’ৰ দ্বিতীয়খন বৈঠকৰ অধ্যক্ষতা কৰিব ।