ছৌদিৰ ক্ৰাউন প্ৰিন্সৰ সৈতে বাৰ্তালাপ প্ৰধানমন্ত্ৰী মোদীৰ, বিদ্যুৎ কেন্দ্ৰত হোৱা আক্ৰমণক গৰিহণা

শনিবাৰে প্ৰধানমন্ত্ৰী মোদীয়ে ছৌদি আৰৱৰ ক্ৰাউন প্ৰিন্স আৰু প্ৰধানমন্ত্ৰী ৰাজকুমাৰ মহম্মদ বিন ছালমানৰ সৈতে বাৰ্তালাপ কৰে

পশ্চিম এছিয়াৰ গভীৰ সংকটৰ মাজতে শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছৌদি আৰৱৰ ক্ৰাউন প্ৰিন্স আৰু প্ৰধানমন্ত্ৰী ৰাজকুমাৰ মহম্মদ বিন ছালমানৰ সৈতে বাৰ্তালাপ কৰে । দুয়োজনে পশ্চিম এছিয়াত চলি থকা সংঘাতৰ বিষয়ে আলোচনা কৰে । প্ৰধানমন্ত্ৰী মোদীয়ে নিজৰ টুইটাৰ হেণ্ডেলত লিখিছে, শক্তিৰ আন্তঃগাঁথনিৰ ওপৰত হোৱা আক্ৰমণৰ ক্ষেত্ৰত ভাৰতৰ স্থিতি পুনৰবাৰ দুহাৰো ।

আঞ্চলিক পৰিস্থিতিৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে লিখিছে, “আমি এই কথাত একমত হওঁ যে যাতায়তৰ স্বাধীনতা নিশ্চিত কৰা আৰু জাহাজ পৰিবহণ লাইন মুকলি আৰু সুৰক্ষিত ৰখাটো অতি প্ৰয়োজনীয় । চৌদি আৰৱত ভাৰতীয় সম্প্ৰদায়ৰ কল্যাণৰ বাবে তেওঁলোকে অবিৰত সমৰ্থনৰ বাবেও মই কৃতজ্ঞতা প্ৰকাশ কৰিলোঁ ।”

ভাৰতৰ মতে অঞ্চলটোত শান্তি বৰ্তাই ৰখাটো কেৱল ইয়াৰ জনসাধাৰণৰ বাবেই নহয়, বিশ্ব অৰ্থনীতি আৰু নিৰাপত্তাৰ বাবেও অপৰিহাৰ্য । এই সংকটৰ সমাধানৰ বাবে দেশসমূহে কেনেদৰে একেলগে কাম কৰিব পাৰে সেই বিষয়েও আলোচনা কৰা হয় । আলোচনা আৰু কূটনীতিৰ জৰিয়তে সংঘাত সমাধানৰ ক্ষেত্ৰত ভাৰতে সদায় সমৰ্থন আগবঢ়াই আহিছে ।

প্ৰধানমন্ত্ৰী মোদীয়ে বহুবাৰ উল্লেখ কৰিছে যে এয়া যুদ্ধৰ যুগ নহয় । ৰাছিয়া-ইউক্ৰেইনৰ সংঘাতৰ পৰা আৰম্ভ কৰি আমেৰিকা, ইজৰাইল আৰু ইৰাণৰ মাজৰ সংঘাতলৈকে তেওঁ এই কথাটো পুনৰ উল্লেখ কৰিছে । উল্লেখ্য যে পশ্চিম এছিয়া ভাৰতৰ বাবে এক অতি গুৰুত্বপূৰ্ণ অঞ্চল, ইয়াত বৃহৎ সংখ্যক ভাৰতীয় নাগৰিকে কাম কৰে । তদুপৰি ভাৰতৰ শক্তি সুৰক্ষাও এই অঞ্চলৰ সৈতে জড়িত ।

লগতে পঢ়ক : শপত গ্ৰহণৰ পিছতে নৰেন্দ্ৰ মোদীক ধন্যবাদ জনালে নেপালৰ প্ৰধানমন্ত্ৰী বলেন্দ্ৰ শ্বাহে

‘প্ৰতিশোধ এতিয়াও সম্পূৰ্ণ হোৱা নাই’; উপসাগৰীয় তৈলক্ষেত্ৰত আক্ৰমণৰ পিছতে ইৰাণৰ সতৰ্কবাণী

উপসাগৰীয় দেশসমূহৰ তেল আৰু গেছৰ কেন্দ্ৰসমূহত আক্ৰমণৰ পিছত ছৌদি আৰব, কুৱেইট, কাটাৰ, ইউ এ ইৰ তেল শোধনাগাৰসমূহ জ্বলি উঠিছে। ইয়াৰ মাজতে ইৰাণে কৈছে যে প্ৰতিশোধ এতিয়াও সম্পূৰ্ণ হোৱা নাই।

উপসাগৰীয় দেশসমূহৰ তেল শোধনাগাৰত আক্ৰমণৰ ধাৰাবাহিকতাৰ পিছতো ইৰাণৰ আক্ৰমণ বন্ধ হোৱাৰ কোনো লক্ষণ দেখা পোৱা নাই।ইৰাণে কয় যে তেওঁলোকৰ গেছক্ষেত্ৰত আক্ৰমণৰ প্ৰতিশোধ এতিয়াও সম্পূৰ্ণ হোৱা নাই।ইৰাণৰ এই স্থিতিয়ে এটা স্পষ্ট বাৰ্তা প্ৰেৰণ কৰিছে যে অনাগত দিনত উপসাগৰীয় দেশসমূহৰ শক্তি কেন্দ্ৰসমূহত আক্ৰমণ অব্যাহত থাকিব পাৰে।

ইৰাণৰ সশস্ত্ৰ বাহিনীৰ যৌথ কমাণ্ডৰ মুখপাত্ৰই জনাইছে যে,ইৰাণৰ শক্তি আন্তঃগাঁথনিৰ ওপৰত ইজৰাইলৰ আক্ৰমণৰ প্ৰতিশোধ এতিয়াও সমাপ্ত হোৱা নাই।

সশস্ত্ৰ বাহিনীৰ যৌথ কমাণ্ডৰ এগৰাকী মুখপাত্ৰই সতৰ্কবাণী জাৰি কৰিছে যে এনেধৰণৰ আক্ৰমণৰ যদি পুনৰাবৃত্তি হয় তেন্তে হয়টো ইৰাণে “বহুত বেছি বলপূৰ্বক প্ৰতিশোধমূলক আক্ৰমণ” চলাব। ইৰাণে কয় যে, ইয়াৰ প্ৰতিশোধ হিচাপে শত্ৰুৰ শক্তি আন্তঃগাঁথনিৰ লগতে তেওঁলোকৰ মিত্ৰশক্তিৰ আন্তঃগাঁথনিকো লক্ষ্য কৰি লোৱা হ’ব।

IRGC ৰ খাটাম আল-আনবিয়া কেন্দ্ৰীয় মুখ্য কাৰ্যালয়ৰ এগৰাকী মুখপাত্ৰই জনোৱা মতে, আমি শত্ৰুক সকীয়াই দিওঁ যে, ইৰাণৰ শক্তি আন্তঃগাঁথনি আক্ৰমণ কৰি আপোনালোকে এক ডাঙৰ ভুল কৰিলে।যদি ইয়াৰ পুনৰাবৃত্তি হয় তেন্তে শত্ৰু আৰু ইয়াৰ সহযোগী সকলৰ শক্তিৰ আন্তঃগাঁথনিৰ ওপৰত পৰৱৰ্তী আক্ৰমণ বন্ধ নহ’ব।

লগতে পঢ়ক: ‘ধেমালীৰ বাবেও তেহৰানৰ তেলৰ ঠিকনাত…’; ইৰাণত মুকলি ভাবুকি ট্ৰাম্পৰ

মধ্য প্ৰাচ্যৰ যুদ্ধত এণ্ট্ৰি মাৰিব পাৰে পাকিস্তানে; ছৌদি আৰৱত উপস্থিত পাকিস্তানৰ সেনাপ্ৰধান আছিম মুনিৰ

আমেৰিকা-ইজৰাইল আৰু ইৰাণৰ মাজত ক্ৰমাৎ বৃদ্ধি পোৱা উত্তেজনাৰ মাজতে চৌদি আৰৱত উপস্থিত পাকিস্তানৰ সেনাপ্ৰধান আছিম মুনিৰ। ছৌদি আৰৱৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ সৈতে বৈঠক আছিম মুনিৰৰ।

আমেৰিকা-ইজৰাইল আক্ৰমণৰ পিছত ইৰাণে সেই উপসাগৰীয় দেশসমূহক অহৰহ লক্ষ্য কৰি লৈছে, যিয়ে আমেৰিকাক সমৰ্থন কৰিছে। প্ৰথম অৱস্থাত কেৱল সামৰিক ঘাটিকে লক্ষ্য কৰি লোৱা হৈছিল,কিন্তু শেহতীয়া আক্ৰমণৰ পৰা দেখা গৈছে যে ছৌদি আৰৱৰ তৈলখাদকো লক্ষ্য কৰি লোৱা হৈছে।

ইফালে, ছৌদি আৰৱৰ প্ৰতিৰক্ষা মন্ত্ৰী খালিদ বিন ছালমানে পাকিস্তানৰ সেনা প্ৰধান আৰু ফিল্ড মাৰ্শ্বাল আছিম মুনিৰক সাক্ষাৎ কৰে আৰু ইৰাণৰ আক্ৰমণ ৰোধ কৰাৰ দৰে বিষয়সমূহৰ ওপৰত আলোচনা কৰে। তেওঁৰ এই বক্তব্যক এনে এক লক্ষণ হিচাপে দেখা গৈছে যে পাকিস্তানেও এতিয়া ইৰাণৰ সৈতে যুদ্ধত যোগদান কৰিব।

ছৌদি আৰৱৰ প্ৰতিৰক্ষা মন্ত্ৰী খালিদ বিন ছালমানে ৰিয়াদত পাকিস্তান সেনা প্ৰধান জেনেৰেল আছিম মুনিৰক সাক্ষাৎ কৰে।এইখন কেৱল আনুষ্ঠানিক বৈঠক নাছিল, বৰঞ্চ এই সময়ছোৱাত দুয়োখন দেশৰ মাজত হোৱা সামৰিক চুক্তিৰ অধীনত ইৰাণৰ আক্ৰমণ ৰোধৰ ব্যৱস্থাৰ বিষয়ে আলোচনা কৰা হৈছিল।

ছৌদি প্ৰতিৰক্ষা মন্ত্ৰীয়ে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত লিখিছে, “পাকিস্তানৰ সেনা প্ৰধান আৰু প্ৰতিৰক্ষা বাহিনীৰ মুৰব্বী, ফিল্ড মাৰ্শ্বাল অসীম মুনিৰৰ সৈতে সাক্ষাৎ কৰা হয়।আমি ৰাজ্যখন (চৌদি আৰৱ)ৰ ওপৰত ইৰাণৰ আক্ৰমণ আৰু ইয়াক প্ৰতিৰোধৰ বাবে প্ৰয়োজনীয় ব্যৱস্থাসমূহৰ বিষয়ে আলোচনা কৰিলোঁ। এই আলোচনা আমাৰ যুটীয়া কৌশলগত প্ৰতিৰক্ষা চুক্তিৰ অধীনত হৈছিল।আমি এইটো কথাৰ ওপৰত গুৰুত্ব দিলোঁ যে এনে কাৰ্য্যই আঞ্চলিক নিৰাপত্তা আৰু স্থিতিশীলতাক ক্ষতিগ্ৰস্ত কৰে।”

লগতে পঢ়ক: ইৰাণক সম্পূৰ্ণৰূপে ধ্বংস কৰাৰ প্ৰস্তুতি চলাইছে ট্ৰাম্প!অস্ত্ৰৰ উৎপাদন চাৰিগুণ বৃদ্ধি কৰিব আমেৰিকাই

ছৌদিৰ কৰুণ ঘটনাক লৈ প্ৰধানমন্ত্ৰী মোদীৰ শোক প্ৰকাশ

প্ৰধানমন্ত্ৰী মোদীৰ শোক প্ৰকাশ

সোমবাৰে ছৌদি আৰৱত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা । মক্কাৰ পৰা মদিনালৈ গৈ থকা অৱস্থাত সংঘটিত পথ দুৰ্ঘটনাত ৪২ জন ভাৰতীয় নিহত হয় । ভাৰতীয় তীৰ্থযাত্ৰী থকা বাছখনে ডিজেল টেংকাৰৰ সৈতে সংঘৰ্ষত লিপ্ত হোৱাত এই ঘটনা সংঘটিত হয় । নিহতসকলৰ ভিতৰত ২০ গৰাকী মহিলা আৰু ১১ টি শিশু আছে । এই শোকাৱহ ঘটনাক লৈ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে । এই দুৰ্ঘটনাত হায়দৰাবাদৰ একেটা পৰিয়ালৰ ৭ জন সদস্যও নিহত হয় বুলি জানিব পৰা গৈছে ।

চৌদি আৰৱৰ এই বাছ দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । ছ’চিয়েল মিডিয়াত এটা পোষ্টত প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে যে ৰিয়াদৰ কনছুলেটে সকলো ধৰণৰ সহায় আগবঢ়াইছে । তেওঁ আৰু লিখিছে, “মদিনাত ভাৰতীয় নাগৰিকৰ সৈতে সংঘটিত হোৱা দুৰ্ঘটনাটোত গভীৰ দুখ প্ৰকাশ কৰিছো । নিজৰ আপোনজনক হেৰুৱা পৰিয়ালসমূহৰ প্ৰতি মোৰ সমবেদনা জ্ঞাপন কৰিছো । আমাৰ বিষয়াসকল চৌদি আৰৱ কৰ্তৃপক্ষৰ সৈতে যোগাযোগত আছে ।”

বাছ দুৰ্ঘটনাৰ পিছতে ভাৰতীয় দূতাবাসে হেল্পলাইন জাৰি কৰিছে । দূতাবাসে কয় যে, “চৌদি আৰৱৰ মদিনাৰ ওচৰত ভাৰতীয় উমৰাহ তীৰ্থযাত্ৰীৰ সৈতে সংঘটিত হোৱা মৰ্মান্তিক বাছ দুৰ্ঘটনাৰ বাবে জেদ্দাত থকা ভাৰতীয় কনছুলেট জেনেৰেলত ২৪x৭ নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰা হৈছে । হেল্পলাইনৰ যোগাযোগৰ নম্বৰ হৈছে ৮০০২৪৪০০০৩ ।”

জানিব পৰা মতে  এই দুৰ্ঘটনাত হায়দৰাবাদৰ পৰা যোৱা একেটা পৰিয়ালৰ ৭ জন সদস্যৰ মৃত্যু হয় ।

লগতে পঢ়ক : ছৌদিত উমৰাহ হজলৈ যোৱা ৪২ ভাৰতীয়ৰ সৈতে ভয়ংকৰ ঘটনা

ছৌদিত উমৰাহ হজলৈ যোৱা ৪২ ভাৰতীয়ৰ সৈতে ভয়ংকৰ ঘটনা

উমৰাহ হজলৈ যোৱা ভাৰতীয়ৰ সৈতে ভয়ংকৰ ঘটনা

ছৌদি আৰৱত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা । এই দুৰ্ঘটনাত কমেও ৪২ জন ভাৰতীয়ৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে । আটাইকেইজনেই উমৰাহ হজৰ বাবে চৌদি আৰৱলৈ গৈছিল । সোমবাৰে পুৱা এখন বাছত মক্কাৰ পৰা মদিনা অভিমুখে গৈ আছিল যাত্ৰীসকল । গৈ থকা অৱস্থাতে ডিজেল টেংকাৰৰ সৈতে বাছখন সংঘৰ্ষত লিপ্ত হয় আৰু লগে লগে বাছখন জুইয়ে আগুৰি ধৰে । প্ৰাথমিক খবৰ অনুসৰি মুফাৰীহাটৰ সমীপত প্ৰায় ১:৩০ বজাত সংঘটিত হয় এই দুৰ্ঘটনা ।

জানিব পৰা মতে নিহতসকলৰ ভিতৰত মহিলা আৰু শিশুও আছে । আটাইকেইজন হায়দৰাবাদ আৰু তেলেংগানাৰ বাসিন্দা আছিল বুলি জানিব পৰা গৈছে । প্ৰাথমিক তথ্য অনুসৰি দুৰ্ঘটনাৰ সময়ত বাছখনত প্ৰায় ২০ গৰাকী মহিলা আৰু ১১ টা শিশু আছিল ।

মক্কাৰ পৰা মদিনালৈ গৈ থকা অৱস্থাত সংঘটিত হয় এই দুৰ্ঘটনা-

এই ভাৰতীয় যাত্ৰীসকল উমৰাহ হজলৈ গৈ আছিল । মক্কাত নিজৰ ৰীতি-নীতি সম্পূৰ্ণ কৰাৰ পিছত মদীনালৈ গৈ থকা অৱস্থাত দুৰ্ঘটনাটো সংঘটিত হয় । দুৰ্ঘটনাৰ সময়ত বহু যাত্ৰী বাছখনত শুই থকা বুলি জানিব পৰা গৈছে । এই ভয়ংকৰ দুৰ্ঘটনাত ৪২ জনৰ মৃত্যু হয় । জৰুৰীকালীন সেৱাই ঘটনাৰ লগে লগে উদ্ধাৰ অভিযান আৰম্ভ কৰে ।

হেল্পলাইন নম্বৰ মুকলি-

মদিনাৰ সমীপত চৌদি আৰৱত ভাৰতীয় উমৰাহ তীৰ্থযাত্ৰীৰ সৈতে সংঘটিত হোৱা মৰ্মান্তিক বাছ দুৰ্ঘটনাৰ পিছত জেদ্দাত থকা ভাৰতীয় কনছুলেট জেনেৰেলত ২৪x৭ নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰা হৈছে । সহায়ৰ বাবে হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে :

৮০০২৪৪০০০৩ (টোল ফ্ৰী)

০১২২৬১৪০৯৩

০১২৬৬১৪২৭৬

০৫৫৬১২২৩০১ (ৱাটছএপ)

লগতে পঢ়ক : শ্বেখ হাছিনাক মৃত্যুদণ্ড; মানৱতাৰ বিৰুদ্ধে অপৰাধত দোষী সাব্যস্ত

‘আমাৰ সম্পৰ্কত বহুত আশা…’, ছৌদি আৰৱক ভাৰতৰ বিশ্বাসযোগ্য বন্ধু বুলি অভিহিত কৰে প্ৰধানমন্ত্ৰী মোদীয়ে

দুদিনীয়া ভ্ৰমণসূচীৰে মঙলবাৰে ছৌদি আৰৱত উপস্থিত হয় ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । অৱশ্যে জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছতে প্ৰধানমন্ত্ৰী মোদীয়ে ভ্ৰমণ বাতিল কৰি উভতি আহিছে । ছৌদি আৰৱত দিয়া ভাষণত নৰেন্দ্ৰ মোদীয়ে কয়, “ছৌদি আৰব ভাৰতৰ এক বিশ্বাসযোগ্য বন্ধু আৰু কৌশলগত মিত্ৰ । বৰ্তমান দ্বিপাক্ষিক সম্পৰ্ক আশাৰে ভৰা আৰু ইয়াৰ সম্ভাৱনা সীমাহীন ।”

এক সাক্ষাৎকাৰত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰত আৰু ছৌদি আৰবে শান্তি, প্ৰগতি আৰু সমৃদ্ধিৰ বাবে একেলগে আগবাঢ়ি যাব । কেৱল আমাৰ মানুহৰ বাবেই নহয়, সমগ্ৰ বিশ্বৰ বাবেও । তেওঁ কয় যে ছৌদি আৰব ভাৰতৰ অন্যতম মূল্যৱান অংশীদাৰ, সামুদ্ৰিক প্ৰতিবেশী, বিশ্বাসযোগ্য বন্ধু আৰু কৌশলগত মিত্ৰ ।

প্ৰধানমন্ত্ৰী মোদীয়ে জোৰ দি কয় যে দুয়োখন দেশে দ্বিপাক্ষিক বিনিয়োগ চুক্তিৰ কাম কৰি আছে । ভাৰত আৰু উপসাগৰীয় সহযোগিতা পৰিষদৰ মাজত প্ৰস্তাৱিত মুক্ত বাণিজ্য চুক্তি (এফ টি এ) ভাৰত-ছৌদি আৰব আৰু সাধাৰণতে অঞ্চলটোৰ অৰ্থনৈতিক সম্পৰ্কক পৰিৱৰ্তন কৰাৰ অপৰিসীম সম্ভাৱনা আছে ।

ভাৰত-ছৌদি সম্পৰ্ক সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদী-

নৰেন্দ্ৰ মোদীয়ে কয় যে ছৌদি আৰৱ আৰু ভাৰতৰ মাজত অৰ্থনৈতিক সম্পৰ্ক ‘বাৰিষাৰ বতাহৰ দৰে পুৰণি’ । দুয়ো কেৱল বিশ্বজনীন প্ৰত্যাহ্বানৰ পৰা ৰক্ষা পোৱাই নহয়, শক্তিশালী হৈয়ো আত্মপ্ৰকাশ কৰিছে । আমাৰ সম্পৰ্ক নতুন নহয় । যুগ যুগ ধৰি চলি অহা সভ্যতাবাদী আদান-প্ৰদানত ইয়াৰ শিপা আছে । ধাৰণাৰ পৰা বাণিজ্যলৈকে আমাৰ দুয়োখন মহান দেশৰ মাজত অহৰহ প্ৰবাহ চলি আহিছে ।

প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “শক্তি, কৃষি আৰু সাৰৰ দৰে খণ্ডসমূহ বাণিজ্যৰ মূল ক্ষেত্ৰ আছিল, কিন্তু বৈচিত্ৰ্যৰ প্ৰচেষ্টাই ফল দিলে । ভাৰতীয় ব্যৱসায় আৰু ছৌদি উদ্যোগে শক্তিশালী সম্পৰ্ক গঢ়ি তুলিছে ।”

তেওঁ কয় যে ২০১৪ চনত তেওঁ কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছৰে পৰা ভাৰত-ছৌদি আৰৱৰ সম্পৰ্ক ক্ৰমাগতভাৱে উন্নত হৈ আহিছে আৰু ২০১৯ চনত কৌশলগত অংশীদাৰিত্ব পৰিষদ গঠন কৰাটো এক বৃহৎ সফলতা । প্ৰধানমন্ত্ৰী মোদীয়ে এই অংশীদাৰিত্ব শক্তিশালী কৰাৰ ক্ষেত্ৰত ছৌদি নেতৃত্বক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰাৰ বাবে প্ৰশংসা কৰে আৰু প্ৰধানমন্ত্ৰী হিচাপে ছৌদি আৰৱ ভ্ৰমণৰ তৃতীয়টো আমন্ত্ৰণৰ বাবে ক্ৰাউন প্ৰিন্স মহম্মদ বিন ছালমানক ধন্যবাদ জনায় ।

দুদিনীয়া ভ্ৰমণসূচীৰে ছৌদি আৰৱলৈ ৰাওনা প্ৰধানমন্ত্ৰী মোদী… স্বাক্ষৰিত হ’ব কেইবাখনো চুক্তি

আজি চৌদি আৰৱ ভ্ৰমণলৈ ৰাওনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । চৌদি আৰৱৰ ক্ৰাউন প্ৰিন্স মহম্মদ বিন ছলমানৰ আমন্ত্ৰণত এই ভ্ৰমণ কাৰ্যসূচী হাতত লৈছে প্ৰধানমন্ত্ৰীয়ে । ২২ আৰু ২৩ এপ্ৰিলত জেদ্দা চহৰত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী মোদী । ভাৰতৰ ৰাষ্ট্ৰদূত ছুহেইল এজাজ খানে চৌদি আৰৱ ভ্ৰমণৰ বিষয়ে তথ্য প্ৰদান কৰে । তেওঁ কয় যে প্ৰধানমন্ত্ৰী জেদ্দালৈ আহি আছে । যুগ যুগ ধৰি জেদ্দা উমৰা আৰু হজৰ বাবে অহা যাত্ৰীৰ বন্দৰ হৈ আহিছে । তেওঁ কয় যে প্ৰধানমন্ত্ৰী মোদী আৰু ক্ৰাউন প্ৰিন্স দুয়োগৰাকী নেতাই ইয়াত কৌশলগত অংশীদাৰিত্ব পৰিষদৰ বৈঠকৰ অধ্যক্ষতা কৰিব । এই ভ্ৰমণৰ সময়ত বৃহৎ সংখ্যক বুজাবুজি চুক্তি স্বাক্ষৰ আৰু বিনিময় হ’ব ।

ইয়াৰ পূৰ্বে শেহতীয়াকৈ বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণ সন্দৰ্ভত তথ্য প্ৰদান কৰে । তেওঁ কয় যে এই ভ্ৰমণ ভাৰত আৰু চৌদি আৰৱৰ সম্পৰ্কৰ বাবে অতি গুৰুত্বপূৰ্ণ । ইছলামিক বিশ্বৰ এটা ডাঙৰ কণ্ঠস্বৰ হিচাপে চৌদি আৰব এতিয়া আঞ্চলিক বিষয়তো ডাঙৰ ভূমিকা পালন কৰি আছে বুলি তেওঁ কয় । লগতে তেওঁ কয় যে প্ৰধানমন্ত্ৰী মোদী আৰু ক্ৰাউন প্ৰিন্স মহম্মদ বিন ছলমানৰ মাজত ভাল সম্পৰ্ক আছে । তেওঁলোকৰ পাৰস্পৰিক বুজাবুজি আৰু উচ্চ পৰ্যায়ৰ কৌশলগত চিন্তাধাৰাই দুয়োখন দেশৰ মাজৰ সম্পৰ্ক আৰু অধিক শক্তিশালী কৰি তুলিছে ।

প্ৰধানমন্ত্ৰী মোদীৰ এই ভ্ৰমণ ছৌদি আৰৱৰ জেদ্দা চহৰত হ’ব । এই সময়ছোৱাত প্ৰধানমন্ত্ৰীয়ে ক্ৰাউন প্ৰিন্সক সাক্ষাৎ কৰিব । লগতে আনুষ্ঠানিক আদৰণি অনুষ্ঠান আৰু দ্বিপাক্ষিক আলোচনা অনুষ্ঠিত হ’ব । এই ভ্ৰমণৰ সময়ত দুয়োগৰাকী নেতাই ‘ভাৰত-চৌদি কৌশলগত অংশীদাৰিত্ব পৰিষদ’ৰ দ্বিতীয়খন বৈঠকৰ অধ্যক্ষতা কৰিব ।

ছৌদি আৰৱৰ ডাঙৰ সিদ্ধান্ত ; ভাৰত আৰু পাকিস্তানকে ধৰি ১৪খন দেশক লৈ নিষেধাজ্ঞা

ছৌদি আৰবে ভাৰত, পাকিস্তানকে ধৰি ১৪খন দেশৰ বিৰুদ্ধে এটা ডাঙৰ সিদ্ধান্ত লৈছে। এই ১৪খন দেশৰ বাবে অস্থায়ী ভিছা নিষিদ্ধ কৰিছে ছৌদি বিদেশ মন্ত্ৰালয়ে।

এই নিষেধাজ্ঞাৰ অধীনত উমৰা, ব্যৱসায়িক আৰু পৰিয়ালৰ ভিছা নিষিদ্ধ কৰা হৈছে। এই নিষেধাজ্ঞা জুন মাহৰ মাজভাগলৈকে চলি থাকিব।অৱশ্যে যিসকলৰ ওমৰাহ ভিছা আছে তেওঁলোকে ১৩ এপ্ৰিললৈকে চৌদি আৰৱত প্ৰৱেশ কৰিব পাৰিব।

এই ভিছা নিষেধাজ্ঞা জাৰি কৰা ১৪খন দেশৰ ভিতৰত ভাৰত, পাকিস্তান, বাংলাদেশ, ইজিপ্ত, ইণ্ডোনেছিয়া, ইৰাক, নাইজেৰিয়া, জৰ্ডান, আলজেৰিয়া, চুডান, ইথিওপিয়া, টিউনিছিয়া আৰু য়েমেন অন্যতম।

এই অস্থায়ী নিষেধাজ্ঞাৰ আঁৰৰ মূল কাৰণ হ’ল অবৈধভাৱে হজত অংশগ্ৰহণ আৰু ভিছাৰ নিয়ম উলংঘা কৰা বুলি কোৱা হৈছে।

ইয়াৰ আগতে বহু লোকে ওমৰাহ বা আন কোনো কামত মাল্টিপল এণ্ট্ৰি ভিছা লৈ ছৌদি আৰৱলৈ আহিছিল যদিও অনুমতি অবিহনে হজত অংশ লৈছিল।

ইয়াৰ বাহিৰেও একাংশ লোকে বিজনেছ আৰু ফেমিলি ভিছা লৈ তালৈ গৈ অবৈধভাৱে কাম কৰিবলৈ আৰম্ভ কৰিছিল, যাৰ ফলত ছৌদি আৰৱৰ শ্ৰম ব্যৱস্থা ব্যাহত হৈছিল।

ছৌদি আৰৱৰ বৈদেশিক মন্ত্ৰালয়ে কয় যে হাজৰ বাবে অহা হজযাত্ৰীসকলৰ সুৰক্ষা নিশ্চিত কৰাৰ লগতে নিয়ম মানি চলাটো নিশ্চিত কৰিবলৈ এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

চৰকাৰে ক্ষতিগ্ৰস্ত সকলো যাত্ৰীক এই নিয়ম মানি চলিবলৈ আহ্বান জনাইছে, যাতে ভৱিষ্যতে যিকোনো ধৰণৰ শাস্তি পৰিহাৰ কৰিব পৰা যায়।

ইয়াৰ সমান্তৰালকৈ বিষয়াসকলে এইটোও স্পষ্ট কৰি দিছে যে এই ভিছা নিষেধাজ্ঞাৰ পিছতো যিসকলে অবৈধভাৱে ছৌদি আৰৱত থাকে তেওঁলোকক আগন্তুক পাঁচ বছৰলৈ দেশত প্ৰৱেশ কৰিবলৈ দিয়া নহ’ব।

ছৌদি আৰৱত দেখা গ’ল ঈদৰ জোন… ৩১ মাৰ্চত ভাৰতত উদযাপন কৰা হ’ব ঈদ-উল-ফিতৰ

শনিবাৰে (২৯ মাৰ্চ, ২০২৫) চৌদি আৰৱত দেখা গৈছে ঈদৰ চন্দ্ৰ । এনে পৰিস্থিতিত ৩০ মাৰ্চত চৌদি আৰৱত এই উৎসৱ পালন কৰা হ’ব । ভাৰতত চৌদি আৰৱৰ এদিন পিছতে পালন কৰা হ’ব ঈদ-উল-ফিতৰ উৎসৱ । চন্দ্ৰ দৰ্শনৰ পিছত ছৌদি আৰবে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে যে দেওবাৰে ঈদ-উল-ফিতৰ উদযাপন কৰা হ’ব ।

ছৌদি আৰৱত প্ৰথম আৰম্ভণি হৈছিল ৰমজানৰ-

চৌদি আৰৱত ভাৰততকৈ এদিন আগতে অৰ্থাৎ ১ মাৰ্চৰ পৰা ৰমজান আৰম্ভ হৈছিল । এই বাবেই ভাৰতত ছৌদি আৰৱৰ এদিন পিছত ৩১ মাৰ্চত ঈদ উৎসৱ পালন কৰা হ’ব । প্ৰতিবাৰেই ভাৰতৰ এদিন আগতে চৌদি আৰৱত ঈদৰ চন্দ্ৰ দেখা যায় । অৱশ্যে ঈদ কেতিয়া পালন কৰা হ’ব সেয়া সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰে চন্দ্ৰ দৰ্শনৰ ওপৰত ।

সমগ্ৰ দেশৰ বজাৰসমূহত বৃদ্ধি পাইছে ব্যস্ততা-

ৰমজান মাহৰ অন্ত পৰাৰ পিছত দশম মাহৰ শ্বাৱালৰ প্ৰথম তাৰিখত ঈদ পালন কৰা হয় । এই দিনটোত মানুহে ইজনে সিজনক ঈদ মুবাৰক তথা শুভেচ্ছা জনায়, ইদগাহত নামাজ পঢ়াৰ লগতে মিঠা চেৱৈৰ লগতে বিভিন্ন ধৰণৰ ব্যঞ্জন প্ৰস্তুত কৰা হয় । সমগ্ৰ দেশৰ বজাৰসমূহত ইতিমধ্যে ব্যস্ততাৰ সৃষ্টি কৰিছে ঈদ-উল-ফিতৰে । বেকাৰী, মিঠাই, ৰেডিমেড গাৰ্মেণ্ট দোকানত মানুহৰ ব্যাপক ভিৰ পৰিলক্ষিত হৈছে । দোকানসমূহত দেখা গৈছে ক্ৰেতাৰ দীঘলীয়া শাৰী ।

ঈদৰ দিনা এমাহ ৰোজা ৰখাৰ পিছত মানুহে গোটেই দিনটো খোৱা-বোৱা আৰম্ভ কৰে, মছজিদত বিশেষ নামাজ পঢ়া হয়, বয়োজ্যেষ্ঠসকলে সৰু ল’ৰা-ছোৱালীক ঈদি দিয়ে আৰু মানুহে ইজনে সিজনৰ ঘৰলৈ যায় । দিল্লী-মুম্বাইকে ধৰি দেশৰ বহু ৰাজ্যত শান্তিপূৰ্ণভাৱে ঈদ-উল-ফিতৰ উৎসৱ উদযাপন কৰাটো নিশ্চিত কৰাৰ বাবে প্ৰশাসনে কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰিছে ।