স্বামী বিবেকানন্দ জয়ন্তী উপলক্ষে দেওবাৰে (১২ জানুৱাৰী, ২০২৫) মহাৰাষ্ট্ৰৰ শিৰডীত মহাৰাষ্ট্ৰ বিজেপিৰ ৰাজ্যিক পৰ্যায়ৰ অধিৱেশনৰ আয়োজন কৰা হয় । কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এই সভাত অংশগ্ৰহণ কৰি কাৰ্যকৰ্তাসকলক সম্বোধন কৰে । ইয়াৰ মাজতে ২০২৫ চনৰ দিল্লী বিধানসভা নিৰ্বাচন সন্দৰ্ভতো তেওঁ ভৱিষ্যদ্বাণী কৰে ।
বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীয়ে কয়, ‘দিল্লীত ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ গঠন হ’বলৈ গৈ আছে । ২০২৪ চনত মহাৰাষ্ট্ৰত বৃহৎ জয়েৰে বছৰটোৰ অন্ত পৰিল আৰু ২০২৫ চনৰ নতুন বছৰটো দিল্লীত জয়েৰে আৰম্ভ হ’ব ।” অধিৱেশনৰ সময়ত মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নবিছ, কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ, কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী, ৰাজ্যিক সভাপতি চন্দ্ৰশেখৰ বাৱনকুলে কৰ্মীসকলক সম্বোধন কৰে ।
ইফালে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা শিৱসেনাৰ সভাপতি উদ্ধৱ থাকৰেক আক্ৰমণ কৰি অমিত শ্বাহে বিজেপি কৰ্মীসকলক কয়, “উদ্ধৱ থাকৰেই আমাক বিশ্বাসঘাতকতা কৰিছিল আৰু আপোনালোকে (বিজেপি কৰ্মী) তেওঁক তেওঁৰ স্থান দেখুৱাইছিল ।” ইয়াৰ সমান্তৰালকৈ শৰদ পাৱাৰ আৰু উদ্ধৱ থাকৰেক লক্ষ্য কৰি তেওঁ কয়, ‘মহাৰাষ্ট্ৰৰ নিৰ্বাচনত প্ৰকৃত এন চি পি আৰু প্ৰকৃত শিৱসেনাই জয়লাভ কৰিছে । ৰাজ্যবাসীয়ে শৰদ পাৱাৰ আৰু উদ্ধৱ থাকৰেৰ ৰাজনীতিক সম্পূৰ্ণৰূপে নাকচ কৰিলে । বংশবাদী ৰাজনীতি আৰু শৰদ পাৱাৰ আৰু উদ্ধৱ থাকৰেৰ প্ৰতাৰণাক মহাৰাষ্ট্ৰৰ জনসাধাৰণে নাকচ কৰিছে । এই নিৰ্বাচনে শৰদ পাৱাৰ আৰু উদ্ধৱ থাকৰেক তেওঁলোকৰ প্ৰকৃত স্থান দেখুৱাই দিলে ।”
‘বিৰোধী মিত্ৰতা পতনৰ পথত’
বিৰোধী মিত্ৰজোঁট ইণ্ডি ব্লকক আক্ৰমণ কৰি তেওঁ কয়, ‘ইণ্ডি মিত্ৰজোঁটৰ স্থিতি কি ? উদ্ধৱ আৰু শিৱসেনাই পৃথকে পৃথকে নিৰ্বাচনত অৱতীৰ্ণ হৈছে । দিল্লীত কি হ’ল ? মমতা আৰু লালুৱে আক্ৰমণ কৰি থাকে । এই অহংকাৰী মিত্ৰতা ছিন্নভিন্ন হ’বলৈ আৰম্ভ কৰিছে ।” একে সময়তে মহাৰাষ্ট্ৰবাসীক প্ৰশংসা কৰি তেওঁ কয়, “মই মোৰ মৰমৰ ভগ্নীসকল আৰু কৃষকসকলক বিশেষ ধন্যবাদ জনাইছো ।”