উদ্ধাৰ মধুচন্দ্ৰিকাৰ বাবে শ্বিলঙলৈ অহা ৰাজাৰ মৃতদেহ
বিয়াৰ পিছত মধুচন্দ্ৰিকা যাপনৰ বাবে শ্বিলঙলৈ অহা ইন্দোৰৰ ৰাজা আৰু সোণমক বিচাৰি অভিযান চলাই থকা দলে ডাবল ডেকৰ পথত এটা মৃতদেহ উদ্ধাৰ কৰে । ইতিমধ্যে পৰিয়ালৰ লোকে মৃতদেহটো ৰাজাৰ বুলি চিনাক্ত কৰিছে । দ খাৱৈৰ পৰাই মৃতদেহটো উদ্ধাৰ কৰা হৈছে । পৰিয়ালৰ লোকৰ পৰা মৃতদেহটো নিশ্চিত কৰিছে আৰক্ষীয়ে ।
মৃতদেহ উদ্ধাৰ হোৱা স্থানৰ চাৰিওফালে অভিযান তীব্ৰতৰ কৰি তুলিছে অনুসন্ধানকাৰী দলে, যাতে সোণমৰ বিষয়ে তথ্য লাভ কৰিব পৰা যায় । ৰাজাৰ অন্তিমটো ৰীলৰ জৰিয়তে আৰক্ষীয়ে সেই স্থানৰ কথা জানিব পাৰে । ৰাজাই ওশাৰা পাহাৰৰ চাৰিওফালে ৰীলটো বনাইছিল । একেটা অঞ্চলতে উদ্ধাৰ হয় মৃতদেহটো ।
সোমবাৰৰ পৰা আৰম্ভ হোৱা তালাচী অভিযানৰ সময়ত ৰাজা আৰু সোণম ৰঘুবংশীৰ ভাতৃদ্বয়ো সেই স্থানত উপস্থিত হয় যদিও তেওঁলোক খাৱৈৰ ওপৰত আছিল । মৃতদেহটো উদ্ধাৰ হোৱাৰ তথ্য লাভ কৰাৰ পিছত তেওঁলোকে চিনাক্ত কৰে । নগৰ প্ৰশাসন মন্ত্ৰী কৈলাশ বিজয়বৰ্গীয়াই এই সন্দৰ্ভত ছ’চিয়েল মিডিয়াত পোষ্ট কৰিছে । তেওঁ কয় যে ৰাজাৰ মৃতদেহ উদ্ধাৰ হোৱাৰ তথ্য লাভ কৰা হৈছে । এই খবৰটো বেদনাদায়ক । বিজয়বৰ্গিয়াই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতেও এই অনুসন্ধানৰ বাবে আলোচনা কৰিছিল ।
দহ দিনৰ মূৰত উদ্ধাৰ মৃতদেহ-
বিয়াৰ পিছত ২৩ মে’ত ৰাজা আৰু সোণম ইন্দোৰৰ পৰা মধুচন্দ্ৰিকাৰ বাবে শ্বিলঙলৈ আহিছিল যদিও ৰহস্যজনকভাৱে দুয়োজন নিৰুদ্দেশ হৈছিল । এন ডি আৰ এফ আৰু স্থানীয় আৰক্ষীয়ে দহদিন ধৰি তেওঁলোকৰ সন্ধানত অভিযান চলাই আছে । ভাড়াত লোৱা স্কুটি আৰু তেওঁলোকৰ বেগ উদ্ধাৰ কৰে আৰক্ষীয়ে । চাৰিদিন ধৰি তেওঁলোকক বিচাৰি নোপোৱাৰ পিছত মুখ্যমন্ত্ৰী মোহন যাদৱে মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ সৈতে ফোনযোগে আলোচনা কৰে । ইয়াৰ পিছত উদ্ধাৰ অভিযানে গতি লাভ কৰে । ইয়াৰ পিছতে স্বামী ৰাজাৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে যদিও এতিয়াও পত্নী সোণম সন্ধানহীন হৈ আছে ।
লগতে পঢ়ক : সেনাৰ শিবিৰত ভয়ংকৰ ভূমিস্খলন; সন্ধান নাই ৯ সেনা জোৱানৰ