ভয়ংকৰ ঘটনাঃ প্ৰচণ্ড ধুমুহাত নদীত ডুবিল পৰ্যটকেৰে ভৰা ক্ৰুজ

সন্ধিয়া হঠাতে অহা প্ৰচণ্ড ধুমুহাৰ ফলত পানীত অস্থিৰ হৈ পৰা ক্ৰুজ জাহাজখন ডুব যায়

বৃহস্পতিবাৰে জব্বলপুৰত সংঘটিত হয় এক ভয়াৱহ দুৰ্ঘটনা । এই ঘটনাত হঠাৎ ধুমুহাৰ ফলত নৰ্মদা নদীৰ বৰগী বান্ধত চলি থকা এখন ক্ৰুজ ডুব যায় । জানিব পৰা মতে দুৰ্ঘটনাৰ সময়ত ক্ৰুজখনত প্ৰায় ৩১ জন লোক আছিল । এই ঘটনাত ৪ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ১৫ জন লোকক উদ্ধাৰ কৰা হৈছে; ইফালে আন ১২ জনৰ সন্ধানত অভিযান চলি আছে ।

জব্বলপুৰৰ জিলা আয়ুক্তই উল্লেখ কৰে যে বৰগী বান্ধত এখন ক্ৰুজ ডুব যোৱাৰ ফলত চাৰিজন লোকে প্ৰাণ হেৰুৱাইছে; ১৫ জন ব্যক্তিক উদ্ধাৰ কৰা হৈছে আৰু বাকী ১২ জনক উদ্ধাৰৰ বাবে অভিযান চলি আছে । বৰ্তমানেও অনুসন্ধান আৰু উদ্ধাৰ অভিযান চলি আছে ।

জানিব পৰা মতে ধুমুহাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয় । সন্ধিয়া হঠাতে অহা প্ৰচণ্ড বতাহৰ ফলত পানীত অস্থিৰ হৈ পৰা ক্ৰুজ জাহাজখন ডুব যায় । উল্লেখ্য যে এই ক্ৰুজখন মধ্যপ্ৰদেশ পৰ্যটন নিগমৰ দ্বাৰা পৰিচালিত ।

এই দুৰ্ঘটনা সন্দৰ্ভত ছ’চিয়েল মিডিয়াত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী মোহন যাদৱে । ৰাজ্যখনৰ মুৰব্বীগৰাকীয়ে লিখিছে, “জব্বলপুৰৰ বৰগী বান্ধত আজি সংঘটিত হোৱা ভয়াৱহ ধুমুহাৰ ফলত সংঘটিত হোৱা কৰুণ ক্ৰুজ দুৰ্ঘটনাৰ সৈতে জড়িত স্থানীয় প্ৰশাসন আৰু উদ্ধাৰ বাহিনীৰ অভিযান অবিৰতভাৱে চলি আছে ।”

তেওঁ লিখিছে- “মন্ত্ৰী ৰাকেশ সিং, পৰ্যটন মন্ত্ৰী ধৰ্মেন্দ্ৰ সিং লোধি, বিভাগীয় প্ৰভাৰী এচিএছ, এডিজি আৰু স্থানীয় জনপ্ৰতিনিধিসকলক অনতিপলমে ঘটনাস্থলীত উপস্থিত হ’বলৈ নিৰ্দেশ জাৰি কৰা হৈছে । দ্ৰুত উদ্ধাৰ অভিযানৰ ফলত ১৫ জন নাগৰিকক নিৰাপদে উদ্ধাৰ কৰা হৈছে । সন্ধানহীন হোৱা লোকসকলক অতি সোনকালে বিচাৰি উলিয়াবলৈ চেষ্টা অব্যাহত আছে । এই সংকটৰ সময়ত ৰাজ্য চৰকাৰে ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ সৈতে সম্পূৰ্ণ সংবেদনশীলতাৰে থিয় দিছে, আৰু সকলো সম্ভাৱ্য সহায় নিশ্চিত কৰা হৈছে ।“

লগতে পঢ়ক : মেঘালয় আৰক্ষীৰ ভুলৰ বাবে সোণম ৰঘুবংশীয়ে পালে জামিন; আদালতৰ ধমক

দহ দিনৰ পাছত উদ্ধাৰ মধুচন্দ্ৰিকাৰ বাবে শ্বিলঙলৈ অহা ৰাজাৰ মৃতদেহ… এতিয়াও সন্ধানহীন পত্নী

উদ্ধাৰ মধুচন্দ্ৰিকাৰ বাবে শ্বিলঙলৈ অহা ৰাজাৰ মৃতদেহ

বিয়াৰ পিছত মধুচন্দ্ৰিকা যাপনৰ বাবে শ্বিলঙলৈ অহা ইন্দোৰৰ ৰাজা আৰু সোণমক বিচাৰি অভিযান চলাই থকা দলে ডাবল ডেকৰ পথত এটা মৃতদেহ উদ্ধাৰ কৰে । ইতিমধ্যে পৰিয়ালৰ লোকে মৃতদেহটো ৰাজাৰ বুলি চিনাক্ত কৰিছে । দ খাৱৈৰ পৰাই মৃতদেহটো উদ্ধাৰ কৰা হৈছে । পৰিয়ালৰ লোকৰ পৰা মৃতদেহটো নিশ্চিত কৰিছে আৰক্ষীয়ে ।

মৃতদেহ উদ্ধাৰ হোৱা স্থানৰ চাৰিওফালে অভিযান তীব্ৰতৰ কৰি তুলিছে অনুসন্ধানকাৰী দলে, যাতে সোণমৰ বিষয়ে তথ্য লাভ কৰিব পৰা যায় । ৰাজাৰ অন্তিমটো ৰীলৰ জৰিয়তে আৰক্ষীয়ে সেই স্থানৰ কথা জানিব পাৰে । ৰাজাই ওশাৰা পাহাৰৰ চাৰিওফালে ৰীলটো বনাইছিল । একেটা অঞ্চলতে উদ্ধাৰ হয় মৃতদেহটো ।

সোমবাৰৰ পৰা আৰম্ভ হোৱা তালাচী অভিযানৰ সময়ত ৰাজা আৰু সোণম ৰঘুবংশীৰ ভাতৃদ্বয়ো সেই স্থানত উপস্থিত হয় যদিও তেওঁলোক খাৱৈৰ ওপৰত আছিল । মৃতদেহটো উদ্ধাৰ হোৱাৰ তথ্য লাভ কৰাৰ পিছত তেওঁলোকে চিনাক্ত কৰে । নগৰ প্ৰশাসন মন্ত্ৰী কৈলাশ বিজয়বৰ্গীয়াই এই সন্দৰ্ভত ছ’চিয়েল মিডিয়াত পোষ্ট কৰিছে । তেওঁ কয় যে ৰাজাৰ মৃতদেহ উদ্ধাৰ হোৱাৰ তথ্য লাভ কৰা হৈছে । এই খবৰটো বেদনাদায়ক । বিজয়বৰ্গিয়াই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতেও এই অনুসন্ধানৰ বাবে আলোচনা কৰিছিল ।

দহ দিনৰ মূৰত উদ্ধাৰ মৃতদেহ-

বিয়াৰ পিছত ২৩ মে’ত ৰাজা আৰু সোণম ইন্দোৰৰ পৰা মধুচন্দ্ৰিকাৰ বাবে শ্বিলঙলৈ আহিছিল যদিও ৰহস্যজনকভাৱে দুয়োজন নিৰুদ্দেশ হৈছিল । এন ডি আৰ এফ আৰু স্থানীয় আৰক্ষীয়ে দহদিন ধৰি তেওঁলোকৰ সন্ধানত অভিযান চলাই আছে । ভাড়াত লোৱা স্কুটি আৰু তেওঁলোকৰ বেগ উদ্ধাৰ কৰে আৰক্ষীয়ে । চাৰিদিন ধৰি তেওঁলোকক বিচাৰি নোপোৱাৰ পিছত মুখ্যমন্ত্ৰী মোহন যাদৱে মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ সৈতে ফোনযোগে আলোচনা কৰে । ইয়াৰ পিছত উদ্ধাৰ অভিযানে গতি লাভ কৰে । ইয়াৰ পিছতে স্বামী ৰাজাৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে যদিও এতিয়াও পত্নী সোণম সন্ধানহীন হৈ আছে ।

লগতে পঢ়ক : সেনাৰ শিবিৰত ভয়ংকৰ ভূমিস্খলন; সন্ধান নাই ৯ সেনা জোৱানৰ

শিক্ষাৰ্থীৰ বাবে মোদীৰ ডাঙৰ সিদ্ধান্ত; পৰীক্ষাৰ বাবে সলনি কৰিলে সময়সূচী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে বিশ্ব বিনিয়োগকাৰী সন্মিলনত অংশগ্ৰহণ কৰিব। অৱশ্যে, প্ৰধানমন্ত্ৰী মোডীয়ে তেওঁৰ সময়সূচীত কিছু পৰিৱৰ্তন কৰিছে।

মূল কাৰ্যসূচী অনুসৰি, প্ৰধানমন্ত্ৰী মোডীয়ে পুৱা ৯:৪৫ বজাত জিআইএছ স্থানলৈ ৰাওনা হোৱাৰ কথা আছিল।কিন্তু এতিয়া প্ৰধানমন্ত্ৰী মোডীয়ে পুৱা ১০ বজাত কাৰ্যসূচীলৈ ৰাওনা হ’ব।

মধ্য প্ৰদেশৰ বিদ্যালয়সমূহত বাৰ্ষিক পৰীক্ষা চলি আছে। শিক্ষাৰ্থীসকলে ৰাতিপুৱা বিদ্যালয়ত উপস্থিত হ’ব লাগিব। শিক্ষাৰ্থীসকলৰ পৰীক্ষাৰ বাবে যাতে পলম নহয় তাৰ বাবে এই সিদ্ধান্ত লৈছে প্ৰধানমন্ত্ৰী গৰাকীয়ে। পৰীক্ষাৰ্থী সকলৰ সুবিধাৰ কথা মনত ৰাখি প্ৰধানমন্ত্ৰী মোডীয়ে তেওঁৰ সময়সূচীত পৰিৱৰ্তন কৰিছে।

ভূপালৰ ৰাষ্ট্ৰীয় মানৱ জাতি সংগ্ৰহালয়ত অনুষ্ঠিত এই সন্মিলনত প্ৰধানমন্ত্ৰী মোদীয়ে মধ্যপ্ৰদেশৰ ঔদ্যোগিক নীতিসমূহ মুকলি কৰিব।

তাৰ লগতে বিনিয়োগকাৰী, উদ্যোগপতি, অনাবাসী ভাৰতীয় আৰু সমগ্ৰ দেশৰ ষ্টাৰ্ট-আপসমূহক সম্বোধন কৰিব আৰু মুখ্যমন্ত্ৰী ড০ মোহন যাদৱৰ উপস্থিতিত ৰাজ্যখনৰ ১৮ টাতকৈও অধিক নতুন নীতি উন্মোচন কৰিব।

ইয়াত অন্তৰ্ভুক্ত আছে উদ্যোগ, খাদ্য, ৰপ্তানি, এমএছএমই, ষ্টাৰ্ট-আপ, জিচিচি, অৰ্ধপৰিবাহী, ড্ৰোন, পৰ্যটন, আৰু চলচ্চিত্ৰ নিৰ্মাণৰ নীতি।

প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক নে ধন কুবেৰ?  ২৭ বছৰত দুৰ্নীতিৰে গঢ়িলে ৯ কোটি টকাৰ সম্পত্তি

মধ্য প্ৰদেশৰ শিৱপুৰী জিলাত এটা অভিযানে উদঙাইছে প্ৰাথমিক বিদ্যালয়ৰ এজন শিক্ষকৰ কথা। এই অভিযানত জব্দ কৰা সম্পত্তি দেখি সকলোৱে হতবাক হৈ পৰিছে।

জিলাখনৰ এখন চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ এজন শিক্ষকৰ ওচৰত ৮৩.৬ কোটি টকাতকৈও অধিক সম্পত্তি থকা দেখা গৈছে। যাৰ ভিতৰত আছে ৫২টা প্লট, যি তেওঁৰ জ্ঞাত উপাৰ্জনৰ উৎসতকৈ অধিক।

শিক্ষকজনৰ নাম সুৰেশ সিং ভাদাউৰিয়া। জানিব পৰা মতে গোৱালিয়ৰ আৰক্ষীৰ অৰ্থনৈতিক অপৰাধ শাখাই বুধবাৰে ৰাতিপুৱা জিলাখনৰ ভণ্টি চহৰত ভাদাউৰিয়াৰ বাসগৃহত অভিযান চলাইছিল।

ই.ও.ডব্লিউ.-য়ে এক প্ৰেছ বিজ্ঞপ্তিত কয় যে ভাদাউৰিয়া আৰু তেওঁৰ পৰিয়ালৰ ওচৰত সামূহিকভাৱে বহু মাটি-সম্পত্তি থকাৰ লগতে দোকান, ঘৰ, বাহন,সোণ আৰু ৰূপ আছে।

ই.ও.ডব্লিউ. অনুসন্ধান অনুসৰি, ভাদাউৰিয়াই এতিয়ালৈকে তেওঁৰ চাকৰিৰ পৰা মুঠ ৩৮.০৪লাখ টকা দৰমহা উপাৰ্জন কৰিছে।

ই.ও.ডব্লিউ. বিষয়াসকলৰ মতে, শিক্ষক সুৰেশ সিং ভাদাউৰিয়া, যি বৰ্তমান মাহিলী ৬৫হাজাৰ দৰমহা উপাৰ্জন কৰে। তেওঁ ১৯৯৮ চনৰ পৰা চাকৰিটো কৰি আছে।

শিক্ষকজনে মুঠ ৮৩৬,৩২,৩৪০ টকাৰ স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তিৰ বিষয়ে তথ্য লাভ কৰিছে। অভিযুক্ত শিক্ষকজনে তেওঁৰ প্ৰায় ২৭ বছৰৰ চাকৰিকালত দৰমহা হিচাপে প্ৰায় ৩৮ লাখ ৪ হাজাৰ টকা লাভ কৰিছিল।

অভিযানৰ সময়ত, ই.ও.ডব্লিউ.-য়ে ১২ টা বেংক পাছবুক আৰু কেইবাটাও ভূমিমালিকী নথি পত্ৰ উদ্ধাৰ কৰিছে।

জংঘলত ৰখাই থোৱা বাহনত উদ্ধাৰ ৫২ কেজি সোণ আৰু ১৫ কোটি টকা নগদ ধন; IT ৰ অভিযানত উদ্ধাৰ ক’লা ধন

মধ্য প্ৰদেশৰ ৰাজধানী ভূপালত আয়কৰ বিভাগ এক গুৰুত্বপূৰ্ণ অভিযানত সফলতা লাভ কৰিছে।ইয়াত আইটিৰ অভিযানত ৫২ কিলোগ্ৰাম সোণ আৰু ১৫ কোটি টকা নগদ জব্দ কৰা হয়।

জানিব পৰা মতে জংঘলত ৰখাই থোৱা এখন গাড়ীৰ পৰা এই পৰিমাণটো উদ্ধাৰ কৰা হৈছে। বাহনখনৰ পৰা আয়কৰ বিভাগৰ বিষয়াসকলেও এই বৃহৎ পৰিমাণৰ সোণ আৰু নগদ ধন দেখি আচৰিত হৈছিল।বৰ্তমান, সমগ্ৰ বিষয়টোৰ ওপৰত তদন্ত চলি আছে।

তথ্য অনুসৰি, ভূপালৰ ওচৰত অৱস্থিত মেণ্ডোৰীৰ অৰণ্যত এখন গাড়ীত লুকুৱাই থোৱা আছে বুলি আয়কৰ বিভাগে জানিব পাৰে।

এই অভিযানৰ সময়ছোৱাত, গাড়ীখনত বৃহৎ পৰিমাণৰ সোণ আৰু নগদ ধন পোৱা গৈছিল।দুৰ্নীতি আৰু অবৈধ কাৰ্যকলাপ নিয়ন্ত্ৰণ কৰিবলৈ এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে অনুমান কৰা হৈছে।

আয়কৰ বিভাগৰ এই কাৰ্যত ১০০ তকৈও অধিক আৰক্ষী বিষয়াৰ এটা দল জড়িত আছিল।এইটো লোকায়ুক্ত আৰু আয়কৰ বিভাগৰ এক যুটীয়া অভিযানৰ অংশ আছিল যিটো দুদিন ধৰি চলি আছে।