ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে ৰাষ্ট্ৰীয় ৰাজধানীৰ লালকিল্লাৰ মাধৱ দাস উদ্যানত দশেৰা উদযাপনত অংশগ্ৰহণ কৰে । ৰাষ্ট্ৰপতি মুৰ্মু আৰু প্ৰধানমন্ত্ৰী মোদীয়ে ভগৱান ৰাম, লক্ষ্মণ আৰু হনুমানৰ চৰিত্ৰত অভিনয় কৰা শিল্পীসকলৰ কপালত ‘তিলক’ দিয়ে ।
দুয়োগৰাকী নেতাৰ উপস্থিতিত দশেৰা উদযাপনৰ অংশ হিচাপে মাধৱ দাস পাৰ্কত ৰাৱণ, মেঘনাদ আৰু কুম্ভকৰ্ণৰ পুত্তলিকা দাহ কৰা হয় । ইয়াৰ পূৰ্বে ৰাষ্ট্ৰপতি মুৰ্মু আৰু প্ৰধানমন্ত্ৰী মোদীয়ে বিজয়া দশমী উপলক্ষে সকলোকে শুভেচ্ছা জনায় ।
ৰাষ্ট্ৰপতি মুৰ্মুৱে এক্সৰ এটা পোষ্টত কয় “বিজয়া দশমীৰ উপলক্ষে মই সকলো দেশবাসীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো । এয়া অন্যায়ৰ ওপৰত ন্যায়ৰ বিজয়ৰ উৎসৱ । এই উৎসৱ সত্য আৰু নৈতিকতাৰ মূল্যবোধৰ ওপৰত আমাৰ বিশ্বাসৰ প্ৰতীক ।”
“এই উসৱৎ উপলক্ষে আমি প্ৰতিশ্ৰুতি লোৱা উচিত যে আমি আটাইতকৈ কঠিন পৰিস্থিতিতো ন্যায়ৰ পক্ষ লম । মই আশা কৰোঁ যে এই পবিত্ৰ উৎসৱে সকলোৰে জীৱনত সুখ আৰু সমৃদ্ধি আনিব আৰু আমাৰ দেশ সদায় উন্নয়নৰ পথত আগবাঢ়ি যাব,” তেওঁ লগতে কয় ।
প্ৰধানমন্ত্ৰী মোদীয়ে এক্সৰ এটা পোষ্টত কয়,”বিজয়া দশমীত দেশবাসীলৈ শুভেচ্ছা । মা দুৰ্গা আৰু ভগৱান শ্ৰী ৰামৰ আশীৰ্বাদত মই কামনা কৰোঁ যে আপোনালোক সকলোৱে জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে বিজয় অৰ্জন কৰক ।”
বিজয়া দশমী বা দশেৰা হৈছে নৱৰাত্ৰিৰ শেষত প্ৰতি বছৰে উদযাপন কৰা এক বিশিষ্ট হিন্দু উৎসৱ । এই উৎসৱটোৱে দেৱালীৰ প্ৰস্তুতিও চিহ্নিত কৰে, যি হৈছে পোহৰৰ গুৰুত্বপূৰ্ণ উৎসৱ । যিটো বিজয়া দশমীৰ বিশ দিন পিছত উদযাপন কৰা হয় ।