পুষ্পা ২ৰ অভিনেতা আল্লু অৰ্জুনৰ পিতৃ আল্লু অৰবিন্দে আজি ৪ ডিচেম্বৰত পদপিষ্ট হৈ আহত হোৱা শিশুটোক লগ কৰিবলৈ যায়। অৰ্জুনৰ পিতৃয়ে দৰিদ্ৰ পৰিয়ালটোৰ সৈতে সাক্ষাৎ কৰিছিল আৰু শিশুটোৰ অৱস্থাৰ বুজ লয়।
তেলেংগানাৰ স্বাস্থ্য সচিব ক্ৰিষ্টিনা জে চোংথু আৰু হায়দৰাবাদৰ আৰক্ষী আয়ুক্ত চি আনন্দো ৪ ডিচেম্বৰৰ পৰা চিকিৎসালয়ত ভৰ্তি হৈ থকা শিশুটোৰ অৱস্থা পৰীক্ষা কৰিবলৈ উপস্থিত হৈছিল।
আৰক্ষী আয়ুক্ত চি.ভি. আনন্দে কৈছিল যে আঘাতটোৱে শিশুটোৰ মগজুত বিৰূপ প্ৰভাৱ পেলাইছে। তেওঁ কৈছিল, ‘যেতিয়া তেওঁ পদপৃষ্ট হৈ আঘাতপ্ৰাপ্ত হৈছিল, তেতিয়া তেওঁৰ মগজুত অক্সিজেন পোৱা নাছিল, আৰু ইয়াৰ ফলত তেওঁৰ অৱস্থাত নেতিবাচক প্ৰভাৱ পৰিছিল।’
চিকিৎসকৰ দলটোৱে কৈছে যে তেওঁৰ আৰোগ্য হ’বলৈ সময় লাগিব। শিশুটো বৰ্তমান ভেণ্টিলেটৰত আছে আৰু নিৰন্তৰ পৰীক্ষা চলি আছে।
শিশুটিৰ লগতে আল্লু অৰ্জুনৰ পিতৃয়ে ভুক্তভোগীৰ দেউতাক আৰু পৰিয়ালৰ সদস্যসকলৰ সৈতে সাক্ষাৎ কৰিছিল।
উল্লেখ্য যে ৪ ডিচেম্বৰত পুষ্পা ২ ৰ প্ৰদৰ্শনৰ সময়ত হায়দৰাবাদত এটা ডাঙৰ ঘটনা সংঘটিত হৈছিল। আল্লু অৰ্জুন থিয়েটাৰৰ পৰা ওলাই অহাৰ লগে লগে হঠাতে হাজাৰ হাজাৰ লোকৰ ভিৰ হ’ল।
এই ভিৰৰ মাজত, মানুহে আল্লু অৰ্জুনক লগ কৰিবলৈ জঁপিয়াই পৰিছিল, যাৰ ফলত মাটিত পৰিছিল এগৰাকী মহিলা আৰু তেওঁৰ শিশুটি।
পদপৃষ্ট হৈ মহিলাৰ মৃত্যু হয় আৰু তেওঁৰ পুত্ৰ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। এই ক্ষেত্ৰত, হায়দৰাবাদ আৰক্ষীয়ে আল্লু অৰ্জুনকো গ্ৰেপ্তাৰো কৰিছিল।