বৰ্তমান আল্লু অৰ্জুনৰ ‘পুষ্পা ২’ মুক্তিৰ বাবে অপেক্ষা কৰি আছে । অনুৰাগীসকলো অধীৰ আগ্ৰহেৰে এই ছবিখন মুক্তি পোৱালৈ অপেক্ষা কৰি আছে । চলত বৰ্ষৰ ৫ ডিচেম্বৰত ছবিখনে ছবিগৃহত মুক্তি পাব । হিন্দীকে ধৰি ৬টা ভাষাত মুক্তি পাব এই ছবিখনে । ইয়াৰ মাজতে আল্লু অৰ্জুনৰ মাননি সন্দৰ্ভত এটা আপডেট প্ৰকাশ পাইছে । কোৱা হৈছে যে তেওঁ ‘পুষ্পা ২’ৰ বাবে ৩০০ কোটি টকা পাৰিশ্ৰমিক অথবা মাননি লৈছে । কোৱা হৈছে যে তেওঁ এই ক্ষেত্ৰত থালাপতি বিজয়ক অতিক্ৰম কৰিছে । সেয়েহে এতিয়া দেশৰ সৰ্বাধিক দৰমহা পোৱা তাৰকা হিচাপে পৰিগণিত হৈছে আল্লু অৰ্জুন ।
এই দাবী ‘ট্ৰেক টলিউড’ৰ এক প্ৰতিবেদনত প্ৰকাশ পাইছে । কোৱা হৈছে যে ৰাষ্ট্ৰীয় বঁটা বিজয়ী অভিনেতাগৰাকীয়ে পুষ্পাৰ চৰিত্ৰত অভিনয়ৰ বাবে ৩০০ কোটি টকা পাৰিশ্ৰমিক হিচাপে লৈছে । ছবিখনৰ প্ৰথম খণ্ডটো ছুপাৰহিট হৈ উপাৰ্জনৰ ক্ষেত্ৰত বহু অভিলেখ সৃষ্টি কৰিছিল ।
‘পুষ্পা’ৰ পিছত বৃদ্ধি পালে আল্লু অৰ্জুনৰ ষ্টাৰডম-
এই ছবিখনৰ সফলতাৰ পিছত কেৱল আল্লু অৰ্জুনৰ ষ্টাৰ ভেল্যুৱেই নহয়, মাচুলো বৃদ্ধি পালে । এতিয়া সকলোৰে দৃষ্টি ‘পুষ্পা ২’ৰ ওপৰত, যি প্ৰথম খণ্ডতকৈও ডাঙৰ বুলি কোৱা হৈছে ।
থালাপতি বিজয়ক অতিক্ৰম, অভিনেতাজনে কিমান মাচুল লৈছিল-
খবৰ অনুসৰি থালাপতি বিজয়ে থালাপতি ৬৯ৰ বাবে ২৭৫ কোটি টকা পাৰিশ্ৰমিক হিচাবে লৈছিল । ইয়াৰ পিছতে থালাপতি বিজয়ে শ্বাহৰুখ খানক পিছ পেলাই ভাৰতৰ সৰ্বাধিক পাৰিশ্ৰমিক পোৱা অভিনেতা হিচাপে পৰিগণিত হৈছিল । কিন্তু এতিয়া শেহতীয়া বাতৰি অনুসৰি আল্লু অৰ্জুনে থালাপতি বিজয়ৰ অভিলেখ ভংগ কৰিছে । তেওঁক পিছ পেলাই ‘পুষ্পা’ৰ তাৰকাগৰাকী দেশৰ সৰ্বাধিক পাৰিশ্ৰমিক পোৱা অভিনেতা হিচাপে পৰিগণিত হৈছে ।