ইৰানৰ সামৰিক ঘাটীত ভয়ংকৰ আক্ৰমণ ইজৰাইলৰ। ইৰানৰ ৰাজধানী তেহৰানৰ চাৰিওফালে ভয়ংকৰ বিস্ফোৰণৰ শব্দ শুনিবলৈ পোৱা যায় যদিও বিস্ফোৰণ সন্দৰ্ভত বৰ্তমানলৈ কোনোধৰণৰ আনুষ্ঠানিক মন্তব্য প্ৰকাশ কৰা নাই।
তেহৰানৰ আশে-পাশে কেইবাটাও ভয়ংকৰ বিস্ফোৰণ শব্দ শুনিবলৈ পোৱাৰ পিছতে হাহাকাৰ লাগিছে ইৰানত। যাৰ ফলত ইৰানেও ইয়াৰ প্ৰত্যুত্তৰৰ বাবে সাজু হৈছে। বিশেষ সূত্ৰ অনুসৰি, ইজৰাইলে ইৰাণৰ ওপৰত আক্ৰমণ চলোৱাৰ কিছু সময়ৰ পূৰ্বে আমেৰিকাক অৱগত কৰা হৈছিল। মূলতঃ আমেৰিকাই এই আক্ৰমণৰ তথ্য আগতীয়াকৈ লাভ কৰিছিল।
ইজৰাইলৰ বিমান আক্ৰমণৰ পিছতেই এই ৩ খন দেশত বিমান সেৱা বন্ধ কৰা হৈছে। পুৱাই ইজৰাইলে কৰা আক্ৰমণৰ বাবে ইৰান, ছিৰিয়া আৰু ইৰাকত বিমান সেৱা সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে। তিনিওখন দেশৰ বৰ্তমান সময়লৈকৈস্তব্ধ কৰি ৰখা হৈছে বিমান সেৱা।

ইৰানৰ ৰাজধানী তেহৰানত ইজৰাইলৰ এই আক্ৰমণৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে বহুকেইখন ৰাষ্ট্ৰ। ব্ৰিটিছ প্ৰধানমন্ত্ৰী ষ্টাৰমাৰেও এই সন্দৰ্ভত ইজৰাইলক গৰিহণা দিয়ে। ইৰাণৰ ওপৰত ইজৰাইলৰ আক্ৰমণক গৰিহণা দিছে ছৌদি আৰবেও। ইৰানৰ সামৰিক ঘাটীত আক্ৰমণ গৰিহণা দি ছৌদি আৰৱে সকীয়াই দিয়ে ইজৰাইলক। এই সংঘাতৰ ফলত যাতে মধ্যপ্ৰাচ্যত কোনো ধৰণৰ সংঘাত নহয় তাৰবাবেও সকীয়াই দিয়ে ছৌদি আৰৱে।
সমগ্ৰ আক্ৰমণৰ ঘটনাৰ বিষয়ে আমেৰিকা অৱগত থকাৰ প্ৰসংগতো বৰ্তমান সময়ত বিশ্বত ব্যাপক চৰ্চা চলিছে। ইৰানেও যদি ইয়াৰ প্ৰত্যুত্তৰ দিয়ে তেন্তে যুদ্ধই ভয়াৱহ ৰূপ আশংকা কৰা হৈছে। কিয়নো যদিহে যুদ্ধ হয় তেন্তে ৰাছিয়াইও যুদ্ধত নামি পৰিব আৰু তৃতীয় বিশ্ব যুদ্ধৰ পৰিস্থিতি পৰ্যন্ত আহি পৰিব।