অসমৰ বৰাক উপত্যকাৰ হোটেল আৰু ৰেষ্টুৰেণ্টৰ মালিকসকলে বাংলাদেশৰ হিন্দু আৰু অন্যান্য সংখ্যালঘু জনগোষ্ঠীৰ লোকৰ ওপৰত আক্ৰমণ বন্ধ নোহোৱালৈকে বাংলাদেশী নাগৰিকক সেৱা আগনবঢ়াই বুলি ঘোষণা কৰিছে । বাংলাদেশত হিন্দুকে ধৰি আন সংখ্যলঘু সকলৰ ওপৰত চলি থকা ধাৰাবাহিক অত্যাচাৰৰ প্ৰতিক্ৰিয়া স্বৰূপে এই সিদ্ধান্ত গ্ৰহণ কৰিছে হোচেল-ৰেষ্টুঁৰাৰ গৰাকীসকলে । বৰাক উপত্যকাৰ তিনিওখন জিলাতে কাৰ্যকৰী হ’ব এই সিদ্ধান্ত ।
বৰাক ভেলী হোটেল এণ্ড ৰেষ্টুৰেণ্ট এছ’চিয়েশ্যনৰ সভাপতি বাবুল ৰায়ে এক সংবাদমেলযোগে কয়, “বাংলাদেশত হিন্দু আৰু অন্যান্য সংখ্যালঘুসকলৰ পৰিস্থিতি উদ্বেগজনক । আমি ইয়াক কোনো ধৰণে গ্ৰহণ কৰিব নোৱাৰো, সেয়েহে আমি সিদ্ধান্ত লৈছো যে পৰিস্থিতি উন্নত নোহোৱালৈকে আৰু হিন্দুসকলৰ ওপৰত হোৱা অত্যাচাৰ বন্ধ নোহোৱালৈকে আমি চুবুৰীয়া দেশখনৰ কোনো নাগৰিকক বৰাক উপত্যকাৰ তিনিখন জিলাত কোনো হোটেল আৰু ৰেস্তোৰাঁত সেৱা আগবঢ়োৱা নহ’ব । এয়া হৈছে আমাৰ প্ৰতিবাদৰ মাধ্যম ।”
‘পৰিস্থিতি উন্নত হ’লেহে সিদ্ধান্ত বিবেচনা কৰা হ’ব’
তেওঁলোকে কয়, “বাংলাদেশৰ জনসাধাৰণে নিশ্চিত কৰা উচিত যে দেশখনলৈ স্থিৰতা ঘূৰি আহে । পৰিস্থিতি উন্নত হ’লেহে আমি আমাৰ সিদ্ধান্ত পুনৰ বিবেচনা কৰিম ।” কেইদিনমান পূৰ্বে, বজৰং দলে শিলচৰত এখন বৈশ্বিক প্ৰদৰ্শনীৰ আয়োজকসকলক চুবুৰীয়া দেশখনত হিন্দুসকলৰ ওপৰত হোৱা অত্যাচাৰৰ প্ৰতিবাদত বাংলাদেশী সামগ্ৰী বিক্ৰী কৰা দুখন ‘ষ্টল’ বন্ধ কৰিবলৈ কৈছিল আৰু তেওঁলোকৰ দাবী পূৰণ কৰা হৈছিল ।
চিকিৎসালয় বন্ধ কৰা হ’ল বাংলাদেশী নাগৰিকৰ চিকিৎসা-
কিছুদিন পূৰ্বে কলকাতাৰ মণিকতালাত অৱস্থিত জে এন ৰয় হাস্পতালে বাংলাদেশৰ পৰা অহা ৰোগীৰ চিকিৎসা অনিৰ্দিষ্টকাললৈ বন্ধ কৰাৰ কথা ঘোষণা কৰিছিল । বাংলাদেশত হিন্দুসকলৰ ওপৰত হোৱা অত্যাচাৰ আৰু চিন্ময় কৃষ্ণ দাসক গ্ৰেপ্তাৰ কৰাৰ প্ৰতিবাদত চিকিৎসালয়খনে এই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে । অৱশ্যে চিকিৎসালয়খনৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰিছিল টি এম চিৰ এজন মন্ত্ৰীয়ে ।