নৱ নিৰ্বাচিত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পক ১৩ জুলাইত পেনচিলভেনিয়াৰ বাটলাৰ চহৰত গুলীয়াই হত্যা কৰাৰ চেষ্টা কৰা হৈছিল। যদিও দুৰ্বৃত্ত এই কাৰ্যত সফল নহ’ল। ড’নাল্ড ট্ৰাম্পৰ ওপৰত হোৱা আক্ৰমণ সন্দৰ্ভত বৃহৎ দাবী উত্থাপন কৰিছে আমেৰিকাৰ ন্যায় বিভাগে। ন্যায় বিভাগৰ মতে, ট্ৰাম্পৰ ওপৰত হোৱা আক্ৰমণৰ আঁৰত আছিল ইৰাণ । ট্ৰাম্পক হত্যা কৰাৰ বাবে চুক্তি দিছিল ইৰাণে ।
মানহাটানৰ ফেডাৰেল আদালতত দাখিল কৰা অপৰাধমূলক অভিযোগত এই অভিযোগ উত্থাপন হৈছে। আদালতত কোৱা হৈছে যে, ইৰাণৰ অৰ্ধসামৰিক ৰিভল্যুচনেৰী গাৰ্ডৰ এজন বিষয়াই ছেপ্টেম্বৰ মাহত এজন শ্বুটাৰক ট্ৰাম্পক নিৰীক্ষণ কৰিবলৈ আৰু তেওঁক হত্যা কৰাৰ পৰিকল্পনা কৰিবলৈ নিৰ্দেশ দিছিল। ফাৰহাদ ছাকেৰী নামৰ এজন ব্যক্তিক ট্ৰাম্পক হত্যা কৰাৰ দায়িত্ব অৰ্পণ কৰা হৈছিল। আৰু তেওঁ ইৰাণৰ চৰকাৰী কৰ্মচাৰী আছিল।
পেনচিলভেনিয়াৰ বাটলাৰ চহৰত ড’নাল্ড ট্ৰাম্পে নিৰ্বাচনী সভাত ভাষণ দি থকাৰ সময়ত তেওঁৰ ওপৰত গুলীচালনা কৰা হৈছিল। এই ঘটনাৰ প্ৰায় ৬৪ দিনৰ পিছত আকৌ এবাৰ তেওঁক আক্ৰমণ কৰাৰ চেষ্টা কৰা হয়। সেই সময়ত ট্ৰাম্প ফ্ল’ৰিডাৰ পাম বিচ কাউন্টিৰ আন্তঃৰাষ্ট্ৰীয় গ’ল্ফ ক্লাবত উপস্থিত আছিল।