ইউক্ৰেইন যুদ্ধৰ অন্ত পেলাবলৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ মাজত দিঘলীয়া আলোচনা হয় । এই আলোচনাৰ অন্তত ৰাছিয়াই ঘোষণা কৰিছে যে আগন্তুক ৩০ দিনলৈ ইউক্ৰেইনৰ বিদ্যুৎ কেন্দ্ৰত আক্ৰমণ নকৰে । আলোচনাৰ সময়ত পুটিনে কয় যে ৰাছিয়াৰ নিজৰ নিৰাপত্তা স্বাৰ্থ আৰু যুদ্ধৰ মূল কাৰণৰ প্ৰতি লক্ষ্য ৰাখি সংঘাতৰ সমাধান ব্যাপক, বহনক্ষম আৰু দীৰ্ঘম্যাদী হ’ব লাগিব ।
উল্লেখ্য যে হোৱাইট হাউছে মঙলবাৰে দুয়োগৰাকী নেতাৰ মাজত ফোনযোগে দুঘণ্টাৰো অধিক সময় চলা বাৰ্তালাপত হোৱা চুক্তিক শান্তিৰ দিশত প্ৰথম পদক্ষেপ বুলি অভিহিত কৰি ইয়াৰ ফলত ক’লা সাগৰত সামুদ্ৰিক যুদ্ধবিৰতিৰ সৃষ্টি হ’ব আৰু যুদ্ধ সম্পূৰ্ণৰূপে আৰু স্থায়ীভাৱে শেষ হ’ব বুলি আশা প্ৰকাশ কৰে । হোৱাইট হাউছে লগতে কয় যে এক ব্যাপক শান্তি পৰিকল্পনাৰ দিশত আগবাঢ়ি যোৱাৰ লক্ষ্যৰে আলোচনা শীঘ্ৰেই আৰম্ভ হ’ব । কিন্তু ইউক্ৰেইন এই পৰ্যায়ক্ৰমে যুদ্ধবিৰতি পৰিকল্পনাত সন্মতি প্ৰকাশ কৰিছে নে নাই সেয়া স্পষ্ট হোৱা নাই ।
ক্ৰেমলিনৰ বিবৃতি প্ৰকাশ-
ইফালে ৰাছিয়াৰ ৰাষ্ট্ৰপতি কাৰ্যালয় ক্ৰেমলিনে কয় যে আলোচনাৰ সময়ত পুটিনে যুদ্ধবিৰতি নিৰীক্ষণ আৰু ইউক্ৰেইনক অধিক সৈন্য সংগঠিত আৰু পুনৰ অস্ত্ৰ-শস্ত্ৰৰ বাবে ইয়াক ব্যৱহাৰ কৰাত বাধা দিয়াৰ সন্দৰ্ভতো গুৰুত্বপূৰ্ণ বিষয় উত্থাপন কৰে । ক্ৰেমলিনৰ তথ্য অনুসৰি পুটিনে ইউক্ৰেইনলৈ বিদেশী সামৰিক আৰু চোৰাংচোৱা সাহায্য বন্ধ কৰিবলৈও ট্ৰাম্পক আহ্বান জনায় ।
বিদ্যুৎ কেন্দ্ৰৰ নিৰাপত্তাৰ পৰা আমেৰিকাৰ লাভ-
ইয়াৰ পূৰ্বে আমেৰিকাই ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত ৩০ দিনৰ বাবে সম্পূৰ্ণ যুদ্ধবিৰতিৰ প্ৰস্তাৱ দিছিল । ইউক্ৰেইনে এই সন্দৰ্ভত মাত্ৰ যোৱা সপ্তাহতহে সন্মতি প্ৰকাশ কৰিছিল । কিন্তু পুটিনৰ সৈতে আলোচনাৰ অন্তত ক্ৰেমলিন আৰু হোৱাইট হাউছে কেৱল বিদ্যুৎ কেন্দ্ৰ আৰু আন্তঃগাঁথনিৰ ওপৰত আক্ৰমণ বন্ধ কৰাৰ কথাহে কৈছে ।
আন কেইবাটাও বিষয়ৰ ওপৰত আলোচনা-
ক্ৰেমলিনে কয় যে দুয়োগৰাকী নেতাই কয়দী বিনিময় আৰু সামুদ্ৰিক নিৰাপত্তাৰ কথা পাতS । ট্ৰাম্পৰ প্ৰস্তাৱৰ প্ৰতি পুটিনে ইতিবাচক সঁহাৰি জনায় । দুয়োগৰাকী নেতাই আমেৰিকা-ৰাছিয়াৰ সম্পৰ্ক স্বাভাৱিক কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰি বিশ্বৰ নিৰাপত্তা, অৰ্থনৈতিক সহযোগিতা, আনকি হকী মেচৰ দৰে সাংস্কৃতিক বিনিময়ৰ ওপৰতো আলোচনা অব্যাহত ৰাখিবলৈ সন্মত হয় ।