ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যুদ্ধৰ অন্ত পেলাবলৈ আলোচনা অব্যাহত আছে । কিন্তু প্ৰকৃত বাকযুদ্ধ চলি আছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিৰ মাজত । ইয়াৰ মাজতে মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পে ৰাছিয়াৰ সুৰত সুৰ মিলোৱা পৰিলক্ষিত হৈছে । ট্ৰাম্পে দাবী কৰিছে যে জেলেনস্কি এজন ব্যৰ্থ, অ-জনপ্ৰিয় আৰু অবৈধভাৱে ক্ষমতাত আছে । ট্ৰাম্পে জেলেনস্কিক মধ্যমীয়া সফল কমেডিয়ান বুলি অভিহিত কৰে । ইয়াৰ উপৰিও ২০২২ চনত ৰাছিয়াৰ আক্ৰমণৰ বাবে ট্ৰাম্পে জেলেনস্কিক দোষাৰোপ কৰিছে ।
বুধবাৰে ট্ৰুথ ছ’চিয়েলত এটা পোষ্টত ট্ৰাম্পে জেলেনস্কিক “নিৰ্বাচন অবিহনে একনায়কত্ববাদী” বুলি অভিহিত কৰে । ট্ৰাম্পৰ এই বক্তব্য লগে লগে ৰাছিয়াৰ সংবাদ মাধ্যমে গ্ৰহণ কৰে । মঙলবাৰে ছৌদি আৰৱত ইউক্ৰেইন যুদ্ধৰ অন্ত পেলোৱাৰ বিষয়ে আমেৰিকা আৰু ৰাছিয়াই আলোচনা কৰাৰ সময়তে ট্ৰাম্পৰ এই মন্তব্য প্ৰকাশ পাইছে । জেলেনস্কিয়ে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰি কৈছিল যে ইউক্ৰেইনৰ অবিহনে কোনো সিদ্ধান্ত ল’ব নোৱাৰি ।
আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ এই বক্তব্যৰ পিছত জেলেনস্কিয়ে প্ৰত্যুত্তৰ দি কয় যে ট্ৰাম্পক ভুল তথ্যই আগুৰি আছে । জেলেনস্কিয়ে কয় যে যদি কোনোবাই মোক আঁতৰাব বিচাৰে, তেন্তে তেওঁলোকে এতিয়াই কৰিব নোৱাৰিব ।’ জেলেনস্কিয়ে কয় যে ট্ৰাম্প ৰাছিয়াৰ পৰা অহা অপপ্ৰচাৰেৰে আগুৰি আছে আৰু ইয়াৰ প্ৰমাণ আমাৰ হাতত আছে ।
যুদ্ধৰ প্ৰথম অৱস্থাত জেলেনস্কিৰ জনপ্ৰিয়তা তুংগত আছিল যদিও সময়ৰ লগে লগে ২০২৪ চনত নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া আছিল যদিও ইউক্ৰেইনৰ সামৰিক আইন অনুসৰি ভোটদান হ’ব নোৱাৰে । আন্তঃৰাষ্ট্ৰীয় মানদণ্ড অনুসৰি ন্যায্য নিৰ্বাচন অনুষ্ঠিত কৰাটো প্ৰায় অসম্ভৱ, যিহেতু দেশখনৰ কমেও পঞ্চমাংশ ৰাছিয়াই দখল কৰিছে, লাখ লাখ ইউক্ৰেইনী দেশৰ বাহিৰত আছে আৰু হাজাৰ হাজাৰ লোকে যুঁজি আছে ।