পাৰ্থত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত চলি আছে পাঁচখনীয়া খেলৰ টেষ্ট শৃংখলাৰ প্ৰথমখন মেচ । ইতিমধ্যে এই টেষ্টত ভাৰতে নিশ্চিত বিজয়ৰ দিশে আগবাঢ়িছে । বেটিং আৰু বলিং উভয়তে শক্তিশালী প্ৰদৰ্শনেৰে ভাৰতে টেষ্টখন নিজৰ মুঠিত ৰাখিছে ।
ইতিমধ্যে তৃতীয় দিনৰ খেল শেষ হৈছে । অষ্ট্ৰেলিয়াই তেওঁলোকৰ দ্বিতীয় ইনিংছ মুকলি কৰিয়ে তিনিটা উইকেট হেৰুৱাই শলঠেকত পৰিছে । দলটোৱে নিজৰ দ্বিতীয় ইনিংছ আৰম্ভ কৰি দিনটোৰ শেষলৈকে তিনিটা উইকেট হেৰুৱাই ১২ ৰাণ সংগ্ৰহ কৰিছে । নাথান মেকচুইনিয়ে কোনো ৰাণ সংগ্ৰহ নকৰাকৈ পেভিলিয়নমুখী হয় । আনহাতে পেট কামিন্সে ২ ৰাণ সংগ্ৰহ কৰে আৰু মাৰ্নাছ লাবুচাগেনে আউট হোৱাৰ পূৰ্বে তিনি ৰাণ সংগ্ৰহ কৰে । উছমান খাৱাজা তিনি ৰাণত অপৰাজিত হৈ আছে ।
অষ্ট্ৰেলিয়াই এতিয়াও জয় লাভৰ বাবে ৫২২ ৰাণ সংগ্ৰহ কৰিব লাগিব । টীম ইণ্ডিয়াই শক্তিশালী বেটিঙেৰে দলটোক ৫৩৪ ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে । বুমৰাহে এতিয়ালৈকে দুটা উইকেট দখল কৰিছে, আনহাতে চিৰাজে এটা উইকেট দখল কৰে ।
ভাৰতে দ্বিতীয় ইনিংছত ৬ উইকেটৰ বিনিময়ত ৪৮৭ ৰাণৰ স্ক’ৰত তেওঁলোকৰ ইনিংছ ঘোষণা কৰে । দ্বিতীয় ইনিংছত ৪৮৭ ৰাণৰ পূৰ্বে টছত জয়ী হৈ প্ৰথমে বেটিং কৰি টীম ইণ্ডিয়াই ১৫০ ৰাণ সংগ্ৰহ কৰিছিল । ইয়াৰ প্ৰত্যুত্তৰত অষ্ট্ৰেলিয়াই প্ৰথম ইনিংছত ১০৪ ৰাণত অল আউট হয় । দ্বিতীয় ইনিংছত ভাৰতে ৪৬ ৰাণৰ অগ্ৰগতি লাভ কৰিছিল । এই ক্ষেত্ৰত ভাৰতৰ মুঠ অগ্ৰগতি ৫৩৩ ৰাণত পৰিণত হয় আৰু ৫৩৪ ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে ।
সকলোৱে বিৰাট কোহলীৰ শতকৰ বাবে অপেক্ষা কৰি আছিল । তেওঁ শতক অৰ্জন কৰাৰ লগে লগে, ভাৰতীয় ড্ৰেছিং ৰুমৰ পৰা ইনিংছ ঘোষণা কৰাৰ সিদ্ধান্ত লোৱা হয় । বিৰাটে ১৪৩ টা বলত ১০০ ৰাণৰ অপৰাজিত ইনিংছ খেলে । কোহলীয়ে তেওঁৰ ইনিংছত আঠটা চাৰি আৰু দুটা ছয় কোবাই । বিৰাটে লিয়’নৰ বলত এটা চাৰিৰে শতক সম্পূৰ্ণ কৰে । টেষ্ট ক্ৰিকেটত এয়া তেওঁৰ ৩০ সংখ্যক শতক আৰু তিনিওটা ফৰ্মেটত ৮১ সংখ্যক শতক ।
এইটো অষ্ট্ৰেলিয়াত তেওঁৰ সপ্তমটো শতক আছিল । তেওঁ শচীন তেণ্ডুলকাৰক অতিক্ৰম কৰি অষ্ট্ৰেলিয়াৰ মাটিত সৰ্বাধিক টেষ্ট শতক অৰ্জন কৰা ভাৰতীয় বেটছমেনত পৰিণত হয় । শচীনে ছটা শতক অৰ্জন কৰিছিল । বিৰাটৰ উপৰিও নীতিশ ৰেড্ডীয়ে ২৭ টা বলত ৩৮ ৰাণ কৰি তিনিটা চাৰি আৰু দুটা ছয় কোবাই অপৰাজিত হৈ থাকে । নীতিশ আৰু বিৰাটে ৫৪ টা বলত সপ্তম উইকেটৰ বাবে ৭৭ ৰাণৰ অপৰাজিত অংশীদাৰীত্ব গঢ়ে ।
বিৰাটৰ পূৰ্বে যশস্বী জয়ছোৱালে শতক অৰ্জন কৰে আৰু ১৬১ ৰাণৰ ইনিংছ খেলে । তেওঁ ১৫ টা চাৰি আৰু তিনিটা ছয় কোবাই । টেষ্ট ক্ৰিকেটত এইটো তেওঁৰ চতুৰ্থ শতক আছিল । ইফালে, কে এল ৰাহুলে পাঁচটা চাৰিৰ সহায়ত ৭৭ ৰাণ সংগ্ৰহ কৰে । দেৱদত্ত পডিক্কলে ২৫ ৰাণ আৰু ৱাশ্বিংটন সুন্দৰে ২৯ ৰাণ সংগ্ৰহ কৰে । ঋষভ পন্ট আৰু ধ্ৰুৱ জুৰেলে বেছি সময় ক্ৰীজত তিষ্ঠি থাকিব নোৱাৰিলে আৰু প্ৰত্যেকে ১ ৰাণতে পেভিলিয়নমুখী হয় । অষ্ট্ৰেলিয়াৰ নাথান লিয়নে দুটাকৈ উইকেট দখল কৰে, আনহাতে মিচেল ষ্টাৰ্ক, জছ হেজলউড, পেট কামিন্স আৰু মিচেল মাৰ্শে এটা কৈ উইকেট দখল কৰে ।