আজিৰ দিনটোত সমগ্ৰ দেশবাসীৰে দৃষ্টি নিবদ্ধ হৈ আছে জম্মু আৰু কাশ্মীৰ বিধানসভা নিৰ্বাচনৰ ভোটগণনাত । মঙলবাৰে পুৱাৰে পৰা চলি থকা জম্মু আৰু কাশ্মীৰ বিধানসভা নিৰ্বাচনৰ ভোটগণনাত শলঠেকত পৰিছে বিজেপি । ভোটগণনাৰ আৰম্ভণিৰ পৰাই বৃহৎ অগ্ৰগতি লাভেৰে চৰকাৰ গঠনৰ দিশে আগবাঢ়িছে নেশ্যনেল কনফাৰেঞ্চ মিত্ৰজোঁট ।
বাতৰি লিখাৰ পৰলৈকে এন চি মিত্ৰজোঁটে ৫০ খন আসনত অগ্ৰগতি লাভ কৰাৰ বিপৰীতে ২ আসনত জয়লাভ কৰিছে । আনহাতে প্ৰথমৰ পৰাই পিছপৰি থকা বিজেপি দলে বৰ্তমানলৈকে ২৬ খন আসনত অগ্ৰগতি লাভ কৰি থকাৰ বিপৰীতে ২ খন আসনত জয়লাভ কৰিছে ।
ইফালে প্ৰতিদ্বন্দ্বিতা কৰা দুয়োখন আসনৰ পৰা আগবাঢ়ি আছে ওমৰ আব্দুল্লাহ । আনহাতে চাৰিটা ৰাউণ্ডৰ পাছতো পিছ পৰি ৰৈছে বিজেপি । চৰকাৰ গঠনৰ বাবে জম্মু-কাশ্মীৰত প্ৰয়োজন ৪৬ খন আসনৰ । এনে পৰিস্থিতিত এন চি মিত্ৰজোঁটেই চৰকাৰ গঠন কৰাৰ সম্ভাৱনা প্ৰৱল হৈ উঠিছে ।
উল্লেখ্য যে, ৩৭০ অনুচ্ছেদ বিলুপ্ত হোৱাৰ পিছত জম্মু-কাশ্মীৰত এইটো প্ৰথমটো বিধানসভা নিৰ্বাচন ।