১৩ আৰু ২০ নৱেম্বৰত ঝাৰখণ্ডৰ ৮১খন বিধানসভা আসনৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হ’ব । ইফালে, সোমবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ঘোষণা কৰে যে যদি বিজেপি ঝাৰখণ্ডত ক্ষমতালৈ আহে তেন্তে এনে এখন আইন আনিব, যাৰ অধীনত অনুপ্ৰৱেশকাৰীয়ে জনজাতীয় ছোৱালীক বিয়া কৰাই তেওঁলোকৰ মাটি দখল কৰিব নোৱাৰিব । লগতে তেওঁ কয় যে এনে বিবাহৰ জৰিয়তে পূৰ্বে অনুপ্ৰৱেশকাৰীয়ে দখল কৰা মাটিসমূহ তেওঁৰ দলে ঘূৰাই ল’ব । শ্বাহে কয় যে এনে মাটি আদিবাসী পৰিয়ালক ঘূৰাই দিয়া হ’ব ।
অমিত শ্বাহে কৰিলে ডাঙৰ ঘোষণা-
অমিত শ্বাহে কয়, ‘ঝাৰখণ্ডত জনজাতীয় জনসংখ্যা হ্ৰাস পাইছে । অনুপ্ৰৱেশকাৰীয়ে আমাৰ ছোৱালীক বিয়া কৰি আমাৰ মাটি দখল কৰি আছে । আমি এনে এখন আইন বনাম যাতে অনুপ্ৰৱেশকাৰীয়ে জনজাতীয় মহিলাক বিয়া কৰাই মাটি দখল কৰাত বাধা দিব পাৰে । আমি এখন কমিটী গঠন কৰিম যিয়ে অনুপ্ৰৱেশকাৰীসকলক চিনাক্ত কৰি ৰাজ্যৰ পৰা বহিষ্কাৰ কৰিব । অনুপ্ৰৱেশকাৰীয়ে দখল কৰা সেই মাটিবোৰো ঘূৰাই লোৱা হ’ব ।
শ্বাহে জে এম এমৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰে-
ৰাজ্য চৰকাৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে ঝাৰখণ্ড মুক্তি মৰ্চা (জে এম এম), কংগ্ৰেছ আৰু ৰাষ্ট্ৰীয় জনতা দলৰ মিত্ৰজোঁট চৰকাৰে কেৱল ব্যক্তিগত স্বাৰ্থৰ বাবে কাম কৰি আছে আৰু দুৰ্নীতিত লিপ্ত হৈছে । তেওঁ দাবী কৰে যে ৰাজ্যত বিজেপিয়ে চৰকাৰ গঠন কৰিলে দুৰ্নীতিগ্ৰস্ত নেতাক কাৰাগাৰলৈ পঠিওৱা হ’ব ।
অমিত শ্বাহে অভিযোগ কৰে যে জে এম এম-মিত্ৰজোঁটৰ চৰকাৰখন ১০০০ কোটি টকাৰ এম এনৰেগা কেলেংকাৰী, ৩০০ কোটি টকাৰ ভূমি কেলেংকাৰী, ১০০০ কোটি টকাৰ খনন কেলেংকাৰী আৰু সুৰা কেলেংকাৰীকে ধৰি কেইবাটাও বৃহৎ কেলেংকাৰীত জড়িত হৈ আছে । ইয়াৰ উপৰিও কেন্দ্ৰীয় চৰকাৰে ঝাৰখণ্ডৰ বাবে আবণ্টন দিয়া ৩.৯০ লাখ কোটি টকা ৰাজ্য চৰকাৰে অপব্যৱহাৰ কৰা বুলিও দাবী কৰে তেওঁ । ১৩ আৰু ২০ নৱেম্বৰত দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব ঝাৰখণ্ড বিধানসভাৰ নিৰ্বাচন, আৰু ২৩ নৱেম্বৰত ভোটগণনা অনুষ্ঠিত হ’ব ।