মঙলবাৰে ছৌদি আৰৱত ইউক্ৰেইন আৰু আমেৰিকাৰ মাজত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছে, য’ত ইউক্ৰেইনে যুদ্ধৰ অন্ত পেলাবলৈ সীমিত যুদ্ধবিৰতিৰ প্ৰস্তাৱ দিব । এই বিষয়ত ইউক্ৰেইনৰ বিষয়াসকলে কয় যে যুদ্ধবিৰতিৰ জৰিয়তে ক’লা সাগৰ অঞ্চল আৰু দীৰ্ঘ দূৰত্বৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ ৰোধ কৰা হ’ব । ইয়াৰ লগতে ইউক্ৰেইনে যুদ্ধত বন্দী বন্দীসকলক মুকলি কৰি দিয়াৰ বিষয়েও আলোচনা কৰিব ।
বৈঠকৰ উদ্দেশ্য কি ?
এই বৈঠকৰ মূল উদ্দেশ্য হৈছে ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজত তিনি বছৰীয়া যুদ্ধৰ অন্ত পেলাবলৈ কূটনৈতিক সমাধান বিচাৰি উলিওৱা । ইয়াৰ উপৰিও ইউক্ৰেইন আৰু আমেৰিকাৰ মাজত ইউক্ৰেইনৰ বিৰল খনিজ সম্পদত আমেৰিকাই প্ৰৱেশৰ বাবেও চুক্তি স্বাক্ষৰিত হ’ব পাৰে । উল্লেখ্য যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প এই চুক্তিৰ প্ৰতি বিশেষভাৱে আগ্ৰহী ।
ইউক্ৰেইনে কিয় আলোচনাৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিছে ?
২৮ ফেব্ৰুৱাৰীত ৱাশ্বিংটনত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কি আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পৰ মাজত হোৱা বৈঠক যথেষ্ট উত্তেজনাপূৰ্ণ আছিল । এই বিবাদৰ বাবেই আমেৰিকাই ইউক্ৰেইনক দি থকা সামৰিক আৰু গোপন সাহায্য বন্ধ কৰি দিয়ে । এতিয়া এই সাহায্য পুনৰুদ্ধাৰ কৰিবলৈ ইউক্ৰেইনে কূটনৈতিক পথ গ্ৰহণ কৰি যুদ্ধবিৰতিৰ প্ৰস্তাৱ দিছে ।
বৈঠকত কোন কোন জড়িত ?
ইউক্ৰেইনৰ তৰফৰ পৰা ৰাষ্ট্ৰপতি জেলেনস্কিৰ দলত আছে মুখ্য উপদেষ্টা এণ্ড্ৰি য়েৰমাক, বৈদেশিক মন্ত্ৰী এণ্ড্ৰি ছিবিহা আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰুষ্টাম উমেৰভ । আমেৰিকাৰ তৰফৰ পৰা এই বৈঠকৰ নেতৃত্ব দিছে বৈদেশিক মন্ত্ৰী মাৰ্কো ৰুবিঅ’ৰ লগতে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা মাইক ৱাল্টজে ।
জেলেনস্কি আৰু চৌদি ক্ৰাউন প্ৰিন্সৰ বৈঠক-
এই বৈঠকৰ পূৰ্বে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে চৌদি আৰৱৰ ক্ৰাউন প্ৰিন্স মহম্মদ বিন ছালমানক সাক্ষাৎ কৰে । ইয়াৰ পিছত জেলেনস্কিয়ে কয়, ‘যুদ্ধৰ অন্ত পেলাবলৈ আৰু স্থায়ী শান্তি স্থাপনৰ বাবে প্ৰয়োজনীয় চৰ্তসমূহৰ বিষয়ে আমি বিতংভাৱে আলোচনা কৰিলোঁ । এই আলোচনাৰ বাবে চৌদি আৰব এক গুৰুত্বপূৰ্ণ মঞ্চ হৈয়েই আছে আৰু ইউক্ৰেইন ইয়াৰ প্ৰতি কৃতজ্ঞ ।‘
আমেৰিকাই কি বিচাৰে ?
আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ’ই কয় যে আমেৰিকাই বুজিব বিচাৰে যে ইউক্ৰেইন শান্তি আলোচনাৰ বাবে কিমান সাজু । ৰুবিঅ’ই কয়, এই যুদ্ধত ইউক্ৰেইনৰ বহুত ক্ষতি হৈছে । এই যুঁজখন তেওঁলোকৰ বাবে অত্যন্ত কঠিন হৈ পৰিছে । কিন্তু যুদ্ধৰ অন্ত পেলাবলৈ কিছু আপোচ কৰিব লাগিব । তেওঁ আৰু কয়, আমি ইউক্ৰেইনৰ কথা শুনিম আৰু তাৰ পিছত ইয়াক ৰাছিয়াৰ স্থিতিৰ সৈতে তুলনা কৰি চাম যে দুয়োপক্ষৰ মাজত কিমান দূৰত্ব আছে ।