অৰুণাচলৰ ভাৰতীয় জনতা পাৰ্টিৰ লোকসভাৰ সদস্য তাপিৰ গাওৱে চীনে বিশ্বৰ সৰ্ববৃহৎ বান্ধ নিৰ্মাণৰ ঘোষণাক লৈ উদ্বেগ প্ৰকাশ কৰে । তেওঁ দাবী কৰে যে এই বান্ধটো ‘জল বোমা’ৰ দৰে হ’ব যিয়ে উত্তৰ-পূব ভাৰত আৰু বাংলাদেশৰ দৰে তলৰ অঞ্চলত জল প্ৰলয় সৃষ্টি কৰিব পাৰে ।
গুৱাহাটীত ‘উপহিমালয় অঞ্চলত জল সুৰক্ষা, পৰিৱেশ অখণ্ডতা আৰু দুৰ্যোগ স্থিতিস্থাপকতা নিশ্চিত কৰা: ব্ৰহ্মপুত্ৰৰ ক্ষেত্ৰ’ শীৰ্ষক এখন সন্মিলনত ভাষণ দি এই মন্তব্য কৰে গাওৱে । তেওঁ কয়, “চীনে ইতিমধ্যে এনে এটা বান্ধ নিৰ্মাণৰ সিদ্ধান্ত লৈছে যিয়ে ৬০ হাজাৰ মেগাৱাট বিদ্যুৎ উৎপাদন কৰিবলৈ সক্ষম হ’ব । এয়া বান্ধ নহয় বৰঞ্চ ভাৰত আৰু অন্যান্য নিম্ন নদীপৰীয়া দেশৰ বিৰুদ্ধে ব্যৱহাৰ কৰা হ’ব ‘জল বোমা’ ।”
ভাৰতকে ধৰি পূব এছিয়াৰ দেশসমূহ ধ্বংস হ’ব-
গাওৱে দাবী কৰে যে ২০০০ চনৰ জুন মাহৰ বিধ্বংসী বানপানীও একেধৰণৰ “জল বোমা”ৰ ফল, যিয়ে ছিয়াং নদীৰ ১০খনতকৈও অধিক দলং উটুৱাই লৈ গৈছিল । অসমত প্ৰৱেশ কৰি ব্ৰহ্মপুত্ৰ হৈ পৰা অৰুণাচল প্ৰদেশৰ ছিয়াং নদী নামেৰে জনাজাত য়াৰলুং ছাংপো । অৰুণাচল পূৱ লোকসভা সমষ্টিৰ বিজেপি সাংসদ গাওৱে কয় যে, “যদি চীনে ভৱিষ্যতে বান্ধটোৰ পৰা পানী এৰি দিয়াৰ সিদ্ধান্ত লয়, তেন্তে অৰুণাচল প্ৰদেশ, অসম, বাংলাদেশ আৰু দক্ষিণ-পূব এছিয়াৰ অন্যান্য দেশসমূহ বিধ্বস্ত হ’ব ।”
এই জলবোমাৰ পৰা হাত সাৰিবলৈ ভাৰতে কি কৰিব লাগে সেই কথা ক’লে গাওৱে-
তেওঁ কয় যে প্ৰস্তাৱিত বান্ধৰ পৰা (চীনৰ দ্বাৰা) হঠাতে পানী নিৰ্গত হ’লে তলৰ অঞ্চলত দুৰ্যোগ ৰোধ কৰিবলৈ অৰুণাচল প্ৰদেশৰ ছিয়াং নদীত আন এটা বান্ধ নিৰ্মাণৰ প্ৰস্তাৱক সমৰ্থন কৰে । গাওৱে কয় যে এই প্ৰকল্পক লৈ উদ্বেগ ন্যায্য কাৰণ এই বান্ধটোৱে তিব্বতৰ পৰা পানীৰ সোঁতত ব্যাঘাত জন্মাব পাৰে, যাৰ ফলত তলৰ অঞ্চলত ক্ষন্তেকীয়া বানপানী বা পানীৰ মাত্ৰা কম হ’ব পাৰে ।
তেওঁ কয়, “ইয়াৰ ফলত ভাৰতৰ বিশেষকৈ অৰুণাচল প্ৰদেশ আৰু অসমৰ লগতে বাংলাদেশতো কৃষি আৰু পানী যোগানৰ ওপৰত প্ৰত্যক্ষ প্ৰভাৱ পৰিব আৰু এই গুৰুত্বপূৰ্ণ সম্পদ (পানী)ৰ বাবে চীনৰ ওপৰত নিৰ্ভৰশীলতা বৃদ্ধি পাব ।” গাওৰ মতে, ভাৰত চৰকাৰে এই বিষয়ত চীনৰ সৈতে কূটনৈতিকভাৱে কথা পাতিবলৈ চেষ্টা কৰিছে যাতে বিষয়টো সমাধান হ’ব পাৰে ।
চীনে সৰ্ববৃহৎ বান্ধৰ বাবে জনালে অনুমোদন-
যোৱা বছৰৰ ২৫ ডিচেম্বৰত চীনে তিব্বতৰ ইয়াৰলুং ছাংপো নদীত বিশ্বৰ সৰ্ববৃহৎ মথাউৰি নিৰ্মাণৰ বাবে অনুমোদন জনাইছিল, যাৰ বাবে আনুমানিক ১৩৭ বিলিয়ন মাৰ্কিন ডলাৰ ব্যয় কৰা হৈছিল । য়াৰলুং ছাংপো নদী চীনৰ মেডগ কাউন্টিৰ ফালে ঘূৰি তাৰ পিছত অৰুণাচল প্ৰদেশত প্ৰৱেশ কৰা ঠাইত নিৰ্মাণ হ’ব এই বান্ধ ।