ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটদান ইতিমধ্যে সম্পূৰ্ণ হৈছে। দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ ২০ নৱেম্বৰত অনুষ্ঠিত হ’ব। ইয়াৰ পূৰ্বে, এন ডি এ আৰু ইণ্ডিয়া মিত্ৰজোঁটৰ নেতাসকলে ঝাৰখণ্ড নিৰ্বাচনৰ বাবে নিৰন্তৰ প্ৰচাৰ চলাই আছে।
শুকুৰবাৰে, ৰাহুল গান্ধী ঝাৰখণ্ডৰ গোড্ডা জিলাত এক ৰেলীত উপস্থিত হয়, য’ত তেওঁ বিজেপি আৰু প্ৰধানমন্ত্ৰী মোডীক তীব্ৰ আক্ৰমণ কৰে। এই সময়ছোৱাত, মহাগামাত ৰাহুল গান্ধীৰ কাৰ্যসূচী সমাপ্ত হোৱাৰ পিছত এক অদ্ভুত পৰিস্থিতি দেখা গৈছিল।
দৰাচলতে, কাৰ্যসূচীটো শেষ হোৱাৰ পাছত ৰাহুল গান্ধী য়ে হেলিকপ্টাৰৰ ভিতৰত এঘণ্টা ধৰি অকলে বহি পাইলটজনক সুধিছিল যে এটিচিৰ পৰা সেউজ সংকেত পাইছে নেকি?।
জানিব পৰা মতে গোড্ডাৰ মহাগামাত ৰাহুল গান্ধীৰ হেলিকপ্টাৰে এটিচিৰ পৰা সেউজ সংকেত পোৱা নাছিল।যাৰ বাবে তেওঁৰ হেলিকপ্টাৰখন উৰিব পৰা নাই।
এনে পৰিস্থিতিত, কমাণ্ডোসকলে চাৰিওফালৰ পৰা ৰাহুল গান্ধীৰ হেলিকপ্টাখন আগুৰি নিৰাপত্তা দি আছিল। সেই সময়ত ৰাহুল গান্ধীয়ে হেলিকপ্টাৰত অকলে বহি ম’বাইল চাই চাই এটিচিৰ পৰা সেউজ সংকেতৰ বাবে অপেক্ষা কৰি আছিল ।
একে সময়তে, কংগ্ৰেছ বিধায়ক দীপিকা পাণ্ডে সিঙে প্ৰধানমন্ত্ৰী মোডী আৰু বিজেপিৰ বিৰুদ্ধে এই বিষয়ত ষড়যন্ত্ৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে।
গোড্ডাত এক ৰেলীসম্বোধন কৰি ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বিলিয়নেয়াৰৰ পুতলা বুলি মন্তব্য কৰে। ।