গুৱাহাটী মহানগৰীত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব টেষ্ট মেচ । উত্তৰ-পূবৰ এই চহৰখনত নৱেম্বৰ মাহত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত ৰেডবল ক্ৰিকেট মেচ অনুষ্ঠিত হ’ব । ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ সচিব দেৱজিৎ শইকীয়াই দেওবাৰে এই তথ্য প্ৰদান কৰে । এইবাৰ মহিলা বিশ্বকাপো অনুষ্ঠিত হোৱাৰ কথা আৰু শইকীয়াই কয় যে গুৱাহাটীত প্ৰথমবাৰৰ বাবে বিশ্বকাপৰো খেল অনুষ্ঠিত হ’ব ।
গুৱাহাটীত অনুষ্ঠিত হ’ব ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত দ্বিতীয়খন টেষ্ট-
শইকীয়াই কয় যে ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হ’বলগীয়া দুখন মেচৰ টেষ্ট শৃংখলাৰ দ্বিতীয়খন মেচ অহা ২২ নৱেম্বৰৰ পৰা গুৱাহাটীৰ অসম ক্ৰিকেট সন্থা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব । ইয়াৰ দ্বাৰা গুৱাহাটীক টেষ্ট ক্ৰিকেটৰ মানচিত্ৰত স্থান দিয়া হ’ব বুলিও শইকীয়াই কয় । ‘এতিয়ালৈকে গুৱাহাটীত কোনো টেষ্ট মেচ বা বিশ্বকাপৰ মেচ অনুষ্ঠিত হোৱা নাই যদিও শনিবাৰে অনুষ্ঠিত হোৱা বি চি চি আই এপেক্স কাউন্সিলৰ বৈঠকত সিদ্ধান্ত লোৱা হৈছে আৰু এইবাৰ গুৱাহাটীতে এই দুই মেচ আয়োজন কৰা হ’ব ।
প্ৰথমবাৰৰ বাবে বিশ্বকাপৰ মেচ আয়োজন কৰিব-
এই অঞ্চলত প্ৰথমবাৰৰ বাবে বিশ্বকাপৰ খেল অনুষ্ঠিত হ’ব । শইকীয়াই কয় যে আই চি চি মহিলা বিশ্বকাপৰ পাঁচৰ পৰা ছয়খন খেল গুৱাহাটীত অনুষ্ঠিত হ’ব । তেওঁ কয় যে, মহিলা বিশ্বকাপ ২৪ ছেপ্টেম্বৰৰ পৰা ২ নৱেম্বৰলৈ অনুষ্ঠিত হ’ব । ইয়াৰ কাৰ্যসূচী চূড়ান্ত হোৱা নাই । অৱশ্যে এই প্ৰতিযোগিতাৰ মেচ আয়োজন কৰিবলৈ গুৱাহাটীক বাছনি কৰা হৈছে ।
জয় শ্বাহ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ-
অসম ক্ৰিকেট সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক শইকীয়াই আই চি চিৰ সভাপতি জয় শ্বাহ আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে, যাৰ বাবে গুৱাহাটী ক্ৰিকেট খেল আয়োজনৰ বাবে উপযুক্ত স্থান হিচাপে আত্মপ্ৰকাশ কৰিছে । দক্ষিণ আফ্ৰিকাৰ দলটোৱে ভাৰতলৈ ধাৰাবাহিকভাৱে দুখন টেষ্ট, তিনিখন এদিনীয়া আৰু ৫ খন টি-২০ মেচৰ বাবে আহিব । অহা বছৰ ভাৰতত অনুষ্ঠিত হ’বলগীয়া টি-২০ বিশ্বকাপৰ বাবে দুয়ো দলে সাজু হোৱাৰ সুযোগ লাভ কৰিব টি-২০ ছিৰিজত ।