আকৰ্ষণীয় হৈ পৰিছে ভাৰত-অষ্ট্ৰেলিয়াৰ তৃতীয়খন টেষ্ট । গাব্বা টেষ্টৰ অন্তিম তথা পঞ্চমটো দিনত অষ্ট্ৰেলিয়াই ৭ উইকেটত ৮৯ ৰান কৰি দ্বিতীয় ইনিংছ ঘোষণা কৰে । ইয়াৰ লগে লগে ৫৪ অভাৰত ২৭৫ ৰানৰ লক্ষ্য লাভ কৰিছে ভাৰতে । অষ্ট্ৰেলিয়াৰ দ্বিতীয় ইনিংছত ভাৰতৰ যশপ্ৰীত বুমৰাহে বিধ্বংসী বলিঙেৰে ৩টা উইকেট দখল কৰাত সফল হয় । আকাশ দীপ আৰু মহম্মদ ছিৰাজেও শক্তিশালী বলিঙেৰে কংগেৰু বাহিনীৰ ২টাকৈ উইকেট দখল কৰে । অষ্ট্ৰেলিয়াৰ হৈ পেট কামিন্সে সৰ্বাধিক ২২ ৰান সংগ্ৰহ কৰে । গাব্বা টেষ্ট মেচত বুমৰাহে দুয়োটা ইনিংছতে মুঠ ৯টা উইকেট দখল কৰিবলৈ সক্ষম হৈছে ।
টছ হেৰুৱাই প্ৰথমে বেটিং কৰি অষ্ট্ৰেলিয়াই প্ৰথম ইনিংছত ৪৪৫ ৰান সংগ্ৰহ কৰে । প্ৰত্যুত্তৰত ভাৰতৰ প্ৰথম ইনিংছ ২৬০ ৰানত সমাপ্ত হয় । ইতিমধ্যে মেচখন ৰোমাঞ্চকৰ হৈ পৰিছে । আজি খেলৰ প্ৰায় ৫৬ অভাৰ বাকী আছে আৰু ভাৰতে জয়লাভ কৰিবলৈ ২৭৫ ৰান সংগ্ৰহ কৰিব লাগিব । এনে পৰিস্থিতিত টিম ইণ্ডিয়াৰ লক্ষ্য অনুসৰণ আকৰ্ষণীয় হ’ব । অৱশ্যে বৰষুণে খেলখনত বিঘিনি ঘটাব পাৰে । আজি মুষলধাৰ বৰষুণৰ আগজাননী দিয়া হৈছে ।
ভাৰতৰ দ্বিতীয় ইনিংছ আৰম্ভ-
ইতিমধ্যে ভাৰতৰ দ্বিতীয় ইনিংছ আৰম্ভ হৈছে । বৰ্তমান যশস্বী জয়ছোৱাল আৰু কে এল ৰাহুল ক্ৰীজত আছে । অষ্ট্ৰেলিয়াৰ হৈ বলিঙৰ আৰম্ভণি কৰে মিচেল ষ্টাৰ্কে । অষ্ট্ৰেলিয়াত মাত্ৰ তিনিজন বেগী বলাৰ আছে । ষ্টাৰ্ক আৰু কামিন্সৰ উপৰিও দলটোত আছে মিচেল মাৰ্ছ । ইতিমধ্যে আঘাতৰ বাবে এই টেষ্টৰ পৰা বাহিৰ হৈছে হেজলউড । ইতিমধ্যে চাহ বিৰতিৰ সময়লৈকে ভাৰতে ২.১ অভাৰত এটাও উইকেট নেহেৰুৱাকৈ ৮ ৰাণ সংগ্ৰহ কৰিছে । কে এল ৰাহুল আৰু যশস্বী জয়ছোৱাল দুয়োজনেই ৪ ৰানকৈ সংগ্ৰহ কৰি ক্ৰীজত অপৰাজিত হৈ আছে ।