ৰামলীলা ময়দানত বিজেপিৰ মুখ্যমন্ত্ৰীৰ শপতগ্ৰহণৰ প্ৰস্তুতি পূৰ্ণগতিত চলি আছে । অৱশ্যে পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ’ব সেই সন্দৰ্ভত এতিয়াও আলোচনা চলি আছে । বুধবাৰে সন্ধিয়ালৈ মুখ্যমন্ত্ৰীৰ নামত মোহৰ লগাৰ সম্ভাৱনা আছে ।
আজি বিধায়িনী দলৰ বৈঠক-
বহু বিধায়ক মুখ্যমন্ত্রী পদৰ দৌৰত নামিছে যদিও বুধবাৰে বিধায়িনী দলৰ বৈঠকত চূড়ান্ত সিদ্ধান্ত লোৱা হ’ব ৷ ইয়াৰ পিছতে বিজেপিয়ে উপ-ৰাজ্যপাল ভি কে ছাক্সেনাক সাক্ষাৎ কৰি দিল্লীত চৰকাৰ গঠনৰ প্ৰস্তাৱ দাখিল কৰিব । নৱ-নিৰ্বাচিত বিজেপি বিধায়কৰ তালিকাও তেওঁক গতাই দিয়া হ’ব । ইয়াৰ পিছত লেফটেনেণ্ট গৱৰ্ণৰে প্ৰস্তাৱটো ৰাষ্ট্ৰপতিলৈ অনুমোদনৰ বাবে প্ৰেৰণ কৰিব ।
চৰ্চাত আছে এইসমূহ নাম-
বিজেপিৰ সূত্ৰই জনোৱা মতে, কেন্দ্ৰীয় দলৰ পৰা নিযুক্ত পৰ্যবেক্ষক বিধায়িনী দলৰ বৈঠকত উপস্থিত থাকিব যিয়ে এই প্ৰস্তাৱৰ বিষয়ে হাইকমাণ্ডক অৱগত কৰিব । লগতে নিয়ম উলংঘা নকৰাটোও নিশ্চিত কৰা হ’ব । মুখ্যমন্ত্রী পদৰ বাবে প্রৱেশ বার্মা, বিজেন্দ্র গুপ্তা, সতীশ উপাধ্যায়, পৱন শর্মা, আশীষ সুদ, ৰেখা গুপ্তা, শিখা ৰায়, ৰবীন্দ্র ইন্দ্রজ সিং আৰু কৈলাশ গংগোৱালৰ নাম চর্চা চলি আছে ৷ লগতে কোৱা হৈছে যে বিজেপিয়ে মুখ্যমন্ত্ৰী হিচাবে নতুন মুখ প্ৰকাশ কৰি আচৰিত কৰিব পাৰে । ৰাজস্থান, হাৰিয়ানা, মধ্যপ্ৰদেশ আৰু ছত্তীশগড়তো এই ধৰণৰ ধাৰা দেখা গৈছে ।
ৰামলীলা ময়দানত অভূতপূৰ্ব নিৰাপত্তাৰ ব্যৱস্থা-
বৃহস্পতিবাৰে শপতগ্ৰহণৰ পিছত দিল্লীবাসীয়ে তেওঁলোকৰ নতুন মুখ্যমন্ত্ৰী লাভ কৰিব । বৃহস্পতিবাৰে অৰ্থাৎ ২০ ফেব্ৰুৱাৰীত ৰামলীলা ময়দানত অনুষ্ঠিত হ’বলগীয়া এই কাৰ্যসূচীৰ বাবে প্ৰস্তুতি পূৰ্ণগতিত চলি আছে । শপতগ্ৰহণৰ পৰিপ্ৰেক্ষিতত দিল্লী আৰক্ষীয়ে সভাস্থলীত অভূতপূৰ্ব নিৰাপত্তাৰ ব্যৱস্থা কৰিছে ।
বহু ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে কৰিব অংশগ্ৰহণ-
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপৰিও বিজেপি-এন ডি এ শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলেও এই কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে । এনে পৰিস্থিতিত দিল্লী আৰক্ষীয়ে নিৰাপত্তাৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰিছে । যিহেতু এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী উপস্থিত থাকিব, সেয়েহে তেওঁৰ নিৰাপত্তাৰ বাবে এছ পি জি উপস্থিত থাকিব ।